বালা থাকৰেৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জনাওতে অস্বস্তিকৰ পৰিস্থিতিত ফড়নবিছ! শিৱসেনাৰ সমৰ্থকৰ শ্ল’গান- ‘চৰকাৰ কাৰ? …শিৱসেনাৰ…’

বালা থাকৰেৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জনাওতে অস্বস্তিকৰ পৰিস্থিতিত ফড়নবিছ! শিৱসেনাৰ সমৰ্থকৰ শ্ল’গান- ‘চৰকাৰ কাৰ? …শিৱসেনাৰ…’

ডিজিটেল ডেস্কঃ বিজেপি-শিৱসেনাৰ মিত্ৰতাত ফাঁট মেলাৰ পিছতো দেওবাৰে শিৱসেনাৰ প্ৰতিষ্ঠাপক বালা চাহেব থাকৰেৰ সপ্তম মৃত্যু বাৰ্ষিকীত মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপিৰ নেতা দেবেন্দ্ৰ ফড়নবিছে প্ৰয়াত নেতাগৰাকীক শ্ৰদ্ধাঞ্জলী জনাবলৈ নাপাহৰিলে। দেওবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে অইন বিজেপি নেতাৰ দৰেই শিৱাজী পাৰ্কত উপস্থিত হৈ বালা চাহেব থাকৰেৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন অৰ্পণ কৰে। অৱশ্যে সেই সময়ত কিছু অস্বস্তিকৰ পৰিস্থিতিৰো সন্মুখীন হ'বলগা হয় প্ৰাক্তন মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফড়নবিছ।

শিৱাজী পাৰ্কত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰয়াত নেতা বালা চাহেব থাকৰেৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি উভতি অহাৰ সময়তে শিৱ সেনাৰ শতাধিক কৰ্মী-সমৰ্থকে তেওঁৰ বাট ভেটি শ্ল'গান আৰম্ভ কৰে। শিৱসেনাৰ সমৰ্থকসকলে দেবেন্দ্ৰ ফড়নবিছৰ সন্মুখতে 'চৰকাৰ কাৰ… শিৱসেনাৰ… শিৱসেনাৰ' শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে। পিছত ঘটনাস্থলীত উপস্থিত থকা আৰক্ষীয়ে পৰিস্থিতি চম্ভালি কোনোমতে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক সেই ঠাইৰ পৰা গাড়ীৰে ৰাওনা কৰোৱায়।

উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পৰিস্থিতিক লৈ শিৱসেনা আৰু বিজেপিৰ মাজৰ মিত্ৰতাত ফাঁট মেলাৰ পিছত শিৱসেনাৰ প্ৰতিষ্ঠাপক বালা চাহেব থাকৰেৰ সপ্তম মৃত্যু বাৰ্ষিকীত বিজেপিয়ে শ্ৰদ্ধাঞ্জলী জনাব নে নাই তাক লৈ চৰ্চা চলিছিল। কিন্তু পুৱাই প্ৰাক্তন মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফড়নবিছে টুইটযোগে বালা চাহেব থাকৰেক স্মৰণ কৰাৰ পিছতো সকলো চৰ্চাৰ ওৰ পৰে। দেবেন্দ্ৰ ফড়নবিছে পুৱা প্ৰয়াত নেতা বালা থাকৰেৰ ভাষণৰ কিয়দাংশ টুইত কৰি লিখে- 'আমাৰ বাবে প্ৰেৰণাৰ স্ৰোত সদৃশ হিন্দু হৃদয়ৰ সম্ৰাত বালা চাহেব থাকৰেক শত সহস্ৰ প্ৰণিপাত জনাইছো।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in