চৰকাৰ গঠনত ব্যৰ্থ বিজেপিঃ ৰাজ্যপালে সোমবাৰৰ ৭.৩০ বজালৈকে সময় দিলে শিৱসেনাক..

চৰকাৰ গঠনত ব্যৰ্থ  বিজেপিঃ ৰাজ্যপালে সোমবাৰৰ ৭.৩০ বজালৈকে সময় দিলে শিৱসেনাক..

ডিজিটেল ডেস্কঃ প্ৰতিটো ক্ষণতে সলনি হৈছে মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ প্ৰেক্ষাপট। দেওবাৰে মহাৰাষ্ট্ৰ প্ৰদেশ বিজেপিৰ সভাপতিয়ে ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠন নকৰাৰ কথা আনুষ্ঠানিকভাৱে অৱগত কৰাৰ পাছতে এতিয়া চৰকাৰ গঠনৰ বাবে কুচকাৱাজ চলাইছে শিৱসেনাই।

মহাৰাষ্ট্ৰৰ বৃহৎ দল হৈয়ো সংখ্যাগৰিষ্ঠতা নথকাৰ বাবে চৰকাৰ গঠনত ব্যৰ্থ হোৱা বিজেপিৰ পাছত ৰাজ্যপালে চৰকাৰ গঠনৰ বাবে দেওবাৰে নিমন্ত্ৰণ জনায় শিৱসেনাক। চৰকাৰ গঠনৰ কৰিবলৈ সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ বাবে শিৱসেনাক সময় দিয়া হৈছে সোমবাৰৰ সন্ধিয়া ৭.৩০ বজালৈকে।

এই সমগ্ৰ বিষয়ৰ ওপৰত শিৱসেনাৰ নেতা সঞ্জয় ৰাওটে সংবাদ মাধ্যমক জনায় যে, আমি ইতিমধ্যেই স্পষ্ট কৰি দিছো যে মহাৰাষ্ট্ৰৰ পৰৰ্ৱতী মুখ্যমন্ত্ৰী শিৱসেনাৰে হব। ইফালে কংগ্ৰেছ নেতা অশোক চৌহানে কয় যে,'সমগ্ৰ বিষয়ৰ ওপৰত আমি নজৰ ৰাখিছো। দলীয় বিষয়-ববীয়াৰ সৈতে আমি আলোচনা কৰি এই বিষয়ৰ সন্দৰ্ভত স্পষ্ট মতামত প্ৰদান কৰিম।

উল্লেখ্য যে, দেওবাৰে বিয়লি ৰাজ্যপালক সাক্ষাৎ কৰি মহাৰাষ্ট্ৰ বিজেপিৰ সভাপতি চন্দ্ৰকান্ত পাটিলে সংবাদমাধ্যমৰ আগত কয় যে- 'বিধানসভা নিৰ্বাচনত বিজেপিয়ে শিৱসেনাৰ সৈতে মিলি মিত্ৰজোঁট গঠন কৰিছিল। জনতায়ো এই মিত্ৰজোঁটক সমৰ্থন প্ৰদান কৰি চৰকাৰ চলোৱাৰ দায়িত্ব অৰ্পণ কৰিলে। কিন্তু শিৱসেনাই এই সমৰ্থনক সন্মান নকৰিলে।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in