নিশা ৯ বজালৈ অপেক্ষা কৰক…

নিশা ৯ বজালৈ অপেক্ষা কৰক…

ডিজিটেল ডেস্ক: অপেক্ষা কৰিব লাগিব নিশা ৯ বজালৈ। দুই পক্ষৰ শুনানি কৰাৰ পাছত উচ্চতম ন্যায়ালয়ে ৯ বজাত দিব এক গুৰুত্বপূৰ্ণ ৰায়।

এই ৰায়তে নিৰুপন হব বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ বিধানসভাত উদ্ধৱ থাকৰে চৰকাৰৰ বিৰুদ্ধে উত্থাপিত সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ বাবে পৰীক্ষা।

ন্যায়ালয়ত থাকৰেৰ পক্ষৰ হৈ দুঘন্টাৰো অধিক সময় সবল যুক্তি দাঙি ধৰিছে কংগ্ৰেছ নেতা তথা অধিবক্তা ছিংভিয়ে।

একেদৰে শুনানি কালত সিন্ধেৰ পক্ষৰ হৈও যুক্তি দৰ্শাইছিল তেওঁলোকৰ অধিবক্তাই। এতিয়া কিছু মুহুৰ্তৰ অপেক্ষা। গোৱাত আছে বিসম্বাদী বিধায়ক সকল। উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ বাবে অপেক্ষা দুই পক্ষৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in