১৪ দিনলৈ সকাহ ! ১৬ বিদ্ৰোহী শিৱসেনাৰ বিধায়কৰ পক্ষত উচ্চতম ন্যায়ালয়…

১৪ দিনলৈ সকাহ ! ১৬ বিদ্ৰোহী শিৱসেনাৰ বিধায়কৰ পক্ষত উচ্চতম ন্যায়ালয়…

ডিজিটেল ডেস্কঃ ন ন ৰাজনৈতিক সমীকৰণে ক্ৰমাত জটিল কৰি তুলিছে মহাৰাষ্ট্ৰৰ ৰাজনীতি। এইবাৰ দেশৰ উচ্চতম ন্যায়ালয়ে সকাহ দিলে ১৬ গৰাকীকৈ বিদ্ৰোহী বিধায়কক। মহাৰাষ্ট্ৰ বিধানসভাৰ উপাধ্যক্ষয়ে ১৬ গৰাকীকৈ বিদ্ৰোহী বিধায়কক তেওঁলোকৰ বিধায়ক পদ কিয় খাৰিজ কৰিব নালাগে সেই বিষয়ে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল। এই জাননীৰ উত্তৰ দিয়াৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছিল ২৭ জুন, সোমবাৰ।

উপাধ্যক্ষৰ এই জাননীৰ বিৰুদ্ধে বিদ্ৰোহী বিধায়কসকলে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল আৰু ন্যায়ালয়ে জাননীৰ উত্তৰৰ সময়সীমা ১৪ দিনলৈ বৃদ্ধি কৰাৰ নিৰ্দেশ দিছে। এক কথাত ১৪ দিনলৈ সকাহ লাভ কৰিলে এই ১৬ গৰাকী শিৱসেনাৰ বিদ্ৰোহী বিধায়কে। আজি উচ্চতম ন্যায়ালয়ে এক আনেদনৰ শুনানি গ্ৰহণ কৰি এই নিৰ্দেশনা প্ৰদান কৰিছে।

ইয়াৰ উপৰিও উচ্চতম ন্যায়ালয়ে শুনানিৰ সময়ত বিদ্ৰোহী শিৱসেনা নেতা একনাথ সিন্দেৰ দ্বাৰা দাখিল কৰা আবেদনৰ ওপৰত উপাধ্যক্ষ অজয় চৌধুৰী, সুনীল প্ৰভু আৰু কেন্দ্ৰীয় চৰকাৰক জাননী জাৰি কৰিছে। বিধানসভা সচিবকো এখন জাননী জাৰি কৰা হৈছে। তেওঁসোকক ৫ দিনৰ ভিতৰত এই জাননীৰ সঁহাৰি দিবলৈ কোৱা হৈছে।

ইফালে শুনানিৰ সময়ত বিদ্ৰোহী নেতা একনাথ সিন্দেক ন্যায়াধীশ সূৰ্যকান্তে প্ৰশ্ন কৰে যে এই সন্দৰ্ভত আপুনি মহাৰাষ্ট্ৰ উচ্চ ন্যায়ালয়ত কিয় আৱেদন দাখিল কৰা নাই? এই প্ৰশ্নৰ উত্তৰত সিন্দেয়ে কয় যে- "আমাৰ ৩৯ জন বিধায়ক আছে। চৰকাৰ সংখ্যালঘু। আমাক ভাবুকি দিয়া হৈছে। আমাৰ সম্পত্তি জ্বলাই দিয়া হৈছে। বোম্বাই আদালতত শুনানিৰ কোনো পৰিৱেশ নাই। জাননীখনৰ সঁহাৰি দিবলৈ আমাক পৰ্যাপ্ত সময় দিয়া হোৱা নাছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in