/asomiyapratidin/media/media_files/2025/09/21/new-ap-web-8-2025-09-21-13-23-14.jpg)
ডিজিটেল ডেস্কঃ আজি মহালয়া। হাতীত বহি ধৰালৈ আহিল মহিষমৰ্দিনী দেৱী মা দুৰ্গা। আজি হিন্দু বৰ্ষপঞ্জিৰ এটা অতি শুভ দিন। আজিৰ দিনটোতে হেনো সকলোৰে বাবে খোল খায় সৰগৰ দুৱাৰ। মহালয়াৰ দিনা কাহিলীপুৱাতে পথলৈ ওলাই অগণন জনতাই পৰমাত্মা, আদ্যাশক্তিক সেৱা জনায়।
আজি পুৱাও ভাৰতৰ বিভিন্ন প্ৰান্তত দুৰ্গোৎসৱক আদৰণি জনোৱা উদ্দেশ্যে বিভিন্ন স্থানত বাট-পথ, নদীৰ ঘাট ভক্তৰে লোকাৰণ্য হৈ পৰে। কিন্তু আজি অসমত পৰিলক্ষিত হয় এক বিপৰীত ছবি। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গে যেন এই বিশেষ দিনটোত পৰমাত্মা তথা আদ্যা শক্তিৰ কাষত নিজৰ আত্মা এৰি থৈ পাৰ্থিৱ শৰীৰেৰে আপোন দেশৰ মানুহৰূপী ভগৱানৰ কাষত থিয় হ'লহি।
মহালয়াৰ আগ নিশাৰ পৰাই লক্ষ লক্ষ জনতাই তেওঁলোকৰ নিজৰো আত্মা স্বৰূপ জুবিনক শেষ দৰ্শন আৰু প্ৰণাম জনাবলৈ বৰঝাৰৰ পৰা অবিৰাম আগবঢ়াইছে খোজ। নিশাৰ পৰা কাৰো মুখত পৰা নাই এটুপিও পানী, ভোকৰ ভাত, নাই ভাগৰ। তিনিদিনলৈ তেওঁলোকে যেন এনেদৰেই পাৰ কৰিব সমুদ্ৰৰ পৰা সৰগলৈ বিচৰণ কৰা এই মহান ব্যক্তিত্বৰ পাৰ্থিৱ শৰীৰৰ কাষত।
আনহাতে দেশৰ অন্য প্ৰান্তত যেনে পশ্চিম বংগ, আৰু বাংলাদেশত অতি উৎসাহ আৰু ভক্তিৰে মহালয়া উদযাপন কৰা হৈছে। প্ৰকৃততে, এই দিনটোতে দুৰ্গা পূজাৰ আৰম্ভণি হয় বুলি বিবেচনা কৰা হয়, যি হৈছে অশুভ শক্তিৰ বিৰুদ্ধে জয়ৰ উৎসৱ।
মহালয়াত আটাইতকৈ বহুলভাৱে পালন কৰা পৰম্পৰা হৈছে ‘মহিষাসুৰ মাৰ্দিনী’ আবৃত্তি, যি হৈছে ‘দেৱী মহতম্য’ৰ এটা স্তোত্ৰ। মহালয়াৰ দিনটোত বহু ভক্তই উপবাস ৰাখে, গংগা স্নান কৰি মনোকামনা পূৰণৰ বাবে দেৱী দুৰ্গাৰ আৰাধনা কৰে। ভাৰতৰ বিভিন্ন প্ৰান্তত মহালয়াক বিভিন্ন ৰীতি-নীতি আৰু পৰম্পৰাৰে উদযাপন কৰিলেও সকলোৰে উদ্দেশ্য দেৱী দুৰ্গাৰ আৰাধনা তথা দুৰ্গোৎসৱক আদৰণি জনোৱা।