মাগুৰমাৰীত কৌশল বিকাশ তথা প্ৰশিক্ষণ কেন্দ্ৰৰ চাৰিসীমাৰ পকী দেৱালৰ আধাৰশিলা স্থাপন

মাগুৰমাৰীত কৌশল বিকাশ তথা প্ৰশিক্ষণ কেন্দ্ৰৰ চাৰিসীমাৰ পকী দেৱালৰ আধাৰশিলা স্থাপন

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ চহৰৰ নিটকৰ মাগুৰমাৰীত নিৰ্মাণ হ'বলগীয়া কৌশল বিকাশ তথা প্ৰশিক্ষণ কেন্দ্ৰৰ চাৰিসীমাৰ পকী দেৱালৰ শুকুৰবাৰে এক মাংগলিক অনুষ্ঠানৰ জৰিয়তে আধাৰশিলা স্থাপন কৰা হয়৷ উল্লেখ্য যে, সীমান্ত চেতনা মঞ্চৰ পূৰ্বোত্তৰ শাখাৰ উদ্যোগত কৌশল বিকাশ তথা প্ৰশিক্ষণ কেন্দ্ৰৰ চাৰিসীমাৰ পকী দেৱালৰ শুকুৰবাৰে আধাৰশিলা স্থাপন কৰে বিটিচিৰ কাৰ্যবাহী সদস্য ৰাজীৱ কুমাৰ ব্ৰহ্মই।

শুকুৰবাৰৰ আধাৰশিলা স্থাপন কাৰ্যসূচীৰ লগত সংগতি ৰাখি এক অনুষ্ঠুপীয়া সভাৰো আয়োজন কৰা হয় যত সীমান্ত চেতনা মঞ্চৰ পূৰ্বোত্তৰৰ সমন্বয়ক শ্ৰী প্ৰদীপন জীয়ে অংশগ্ৰহণ কৰি ভাষন প্ৰসংগত মঞ্চৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে বহলাই ব্যাখ্যা আগবঢ়ায়৷ শুকুৰবাৰৰ সভাত কোকৰাঝাৰ ৰাজহ চক্ৰ বিষয়া দীপন বৰ্মন, সীমান্ত চেতনা মঞ্চৰ কোকৰাঝাৰ নগৰ সমিতিৰ সভানেত্ৰী বানী মুছাহাৰী, সীমান্ত চেতনা মঞ্চৰ সম্পাদক বিশ্বজিৎ নাথকে ধৰি অঞ্চলটোৰ কেইবা শতাধিক লোকে অংশগ্ৰহণ কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in