নিৰ্মম! শিশু চুৰিৰ সন্দেহত মৰিয়াই হত্যা…

নিৰ্মম! শিশু চুৰিৰ সন্দেহত মৰিয়াই হত্যা…

ডিজিটেল ডেস্কঃ দেশজুৰি গণ অপৰাধৰ বিৰুদ্ধে বিভিন্নজন সৰৱ হৈ থকাৰ সময়তে মধ্য প্ৰদেশত পুনৰ গণ প্ৰহাৰত প্ৰাণ হেৰুৱাবলগা হ'ল এজন লোকে। মধ্যপ্ৰদেশৰ চকহপুৰ জিলাৰ হৰপালপুৰ ৰেলৱে ষ্টেছনত শনিবাৰে একাংশ লোকে শিশু চুৰিৰ অভিযোগত এজন ৪৭ বৰ্ষীয় ব্যক্তিক মৰিয়াই হত্যা কৰাৰ ঘটনাই ৰাজ্যখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, ঝাঁচীৰ নিৱাসী ৰাকেশ খটীক নামৰ লোকজনে বান্দ্ৰাৰ পৰা নিজ গৃহ অভিমুখে গৈ থকাৰ সময়তে হৰপালপুৰ ষ্টেছনত একাংশ লোকে তেওঁক শিশু চোৰৰ সন্দেহ কৰি আটক কৰে। লোকসকলে এখন পেচেঞ্চাৰ ট্ৰেইনৰ পৰা ষ্টেছনত নমা ব্যক্তিজনক কোনো সোধা পোছা নকৰাকৈয়ে প্ৰহাৰ আৰম্ভ কৰিবলৈ আৰম্ভ কৰে। আৰক্ষীয়ে সদৰী কৰা মতে, ব্যক্তিজনক বচাবলৈ যোৱা এজন যুৱককো প্ৰহাৰ কৰে উদণ্ড লোকসকলো।

আনহাতে, পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ গণ প্ৰহাৰত গুৰুতৰভাৱে আহত লোকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও ইতিমধ্যে ৰাকেশ খটীক নামৰ লোকজনৰ মৃত্যু হয়। উল্লেখ্য, ইয়াৰ পূৰ্বেও চতহপুৰ জিলাৰ নগাঁও আৰক্ষী থানাৰ অন্তৰ্গত দুটা এলেকাত অনুৰূপ গণ প্ৰহাৰৰ ঘটনা সংঘটিত হৈছিল। ৰাজ্যখনত গণ অপৰাধমূলক ঘটনা প্ৰতিৰোধৰ বাবে চৰকাৰে তৎপৰতা প্ৰদৰ্শন কৰিলেও সেয়া ৰোধ কৰাত সফল হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in