নেতাৰ ধমকিঃ ভোট নিদিলে কান্দোৱাইহে এৰিম, ভাইৰেল VIDEO

নেতাৰ ধমকিঃ ভোট নিদিলে কান্দোৱাইহে এৰিম, ভাইৰেল VIDEO

ডিজিটেল ডেস্কঃ ৫ ৰাজ্যৰ নিৰ্বাচনৰ লগতে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ইতিমধ্যে ঘোষণা হ'ল। বাক-বিতণ্ডাৰ মাজেৰে সম্পন্ন হোৱা এই নিৰ্বাচনৰ প্ৰাকমূৰ্হতত প্ৰাৰ্থীসকলৰ জ্ঞানৰ নমুনাই সংবাদ মাধ্যমৰ শিৰোনামো দখল কৰিছিল। কিন্তু ইয়াৰ মাজতে বহু শিক্ষিত প্ৰাৰ্থীয়ে নিজৰ দক্ষতাৰে নিৰ্বাচনত জয়লাভো কৰিছে। নিৰ্বাচনৰ পূৰ্বে সকলোৰে মুখত মিঠা মাত। নিৰ্বাচনৰ পূৰ্বে উন্নয়নৰ বহু প্ৰতিশ্ৰুতি দি প্ৰাৰ্থীসকলে বিভিন্ন সভা-সমিতিয়ে ভাষণ প্ৰদান কৰাও এক সুলভ দৃশ্য।

কিন্তু অলপতে কংগ্ৰেছে চৰকাৰ গঠন কৰা ৰাজ্য মধ্যপ্ৰদেশত দেখা গ'ল সম্পূৰ্ণ বিপৰীত ছবি। মধ্যপ্ৰদেশৰ নিৰ্বাচনৰ পূৰ্বে অনুষ্ঠিত হোৱা এখন সভাত পূৰ্বৰ শিৱৰাজ সিঙ চৌহানৰ এগৰাকী মন্ত্ৰীয়ে ভোট বিছাৰি জনসাধাৰণক উদ্দ্যেশি কৈছে ' মোক যিসকলে ভোট দিয়ে তেওলোকক মই কেতিয়াও দুখত পৰিব নিদিও কিন্তু যিসকলে মোক ভোট নিদিব তেওলোকক মই কন্দোৱাইহে এৰিম।' নিৰ্বাচনে পূৰ্বে জনসাধাৰণক এই ধমকি দিছিল মধ্যপ্ৰদেশৰ বিজেপি মন্ত্ৰী অৰ্চনা ছিটনিচে।

এই ধমকি প্ৰদান কৰি নিজ সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থীৰ হাতত ৫১২০ টা ভোটত পৰজয়বৰণ কৰিলে অৰ্চনাই। উল্লেখ্য যে, মধ্যপ্ৰদেশত কিছুদিনৰ পূৰ্বে অনুষ্ঠিত হৈ যোৱা নিৰ্বাচনত কংগ্ৰেছে ২৩০ খনৰ আসনৰ ভিতৰত ১১৪ খন আসনৰ লাভ কৰি কমল নাথক মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰিছে। মধ্যপ্ৰদেশত নিৰ্বাচনৰ পূৰ্বে অৰ্চনা চিটনিচে প্ৰদান কৰা এই ভাষণটোৰ ভিডিঅ'টো-

https://www.facebook.com/100000343895569/videos/2100811879940255/?t=0

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in