দিল্লী বিমান বন্দৰতে আটক হ'ল লুথ্ৰা ভাতৃদ্বয়

কিছুদিন পূৰ্বে গোৱাৰ এটা নাইট ক্লাবত সংঘটিত হোৱা ভয়াৱহ অগ্নিকাণ্ডৰ পিছত পলাতক হৈ থকা সৌৰভ আৰু গৌৰৱ লুথ্ৰাক ভাৰতলৈ ঘূৰাই অনা হৈছে। ইণ্ডিগ’ৰ ৬ই-১০৬৪ বিমানেৰে দিল্লীত অৱতৰণ কৰাৰ লগে লগে গোৱা আৰক্ষীয়ে আটক কৰে দুয়োকে। 

author-image
Asomiya Pratidin
New Update
dsdsdsdsd

ডিজিটেল ডেস্কঃ অৱশেষত আৰক্ষীৰ জালত পৰে লুথ্ৰা ভাতৃদ্বয়। কিছুদিন পূৰ্বে গোৱাৰ এটা নাইট ক্লাবত সংঘটিত হোৱা ভয়াৱহ অগ্নিকাণ্ডৰ পিছত পলাতক হৈ থকা সৌৰভ আৰু গৌৰৱ লুথ্ৰাক ভাৰতলৈ ঘূৰাই অনা হৈছে। ইণ্ডিগ’ৰ ৬ই-১০৬৪ বিমানেৰে দিল্লীত অৱতৰণ কৰাৰ লগে লগে গোৱা আৰক্ষীয়ে আটক কৰে দুয়োকে। 

সূত্ৰ অনুসৰি, বিমানখনৰ পৰা নামি অহাৰ লগে লগে লুথ্ৰা ভাতৃদ্বয়ক জিম্মাত লোৱা হয়। গ্ৰেপ্তাৰৰ পিছত তেওঁলোকৰ চিকিৎসা পৰীক্ষা কৰা হ’ব। ইয়াৰ পিছতে তেওঁলোকক ট্ৰেনজিট ৰিমাণ্ডৰ বাবে দিল্লীৰ পাটিয়ালা আদালতত হাজিৰ কৰা হ’ব বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, ১১ ডিচেম্বৰত গোৱা আৰক্ষীৰ উদ্যোগত লুথ্ৰা ভাতৃদ্বয়ৰ পাছপ’ৰ্ট বন্ধ কৰি দিয়া হৈছিল। ইয়াৰ পিছতে থাইলেণ্ডৰ ফুকেটৰ হোটেল ইণ্ডিগোত আটক কৰা হৈছিল দুয়োকে। ১২ ডিচেম্বৰত ফুকেটৰ পৰা বেংককলৈ প্ৰত্যাৰ্পণ কৰা হয় আৰু তাৰ পৰাই আনুষ্ঠানিকভাৱে ভাৰতলৈ প্ৰত্যাৰ্পণ প্ৰক্ৰিয়া আৰম্ভ হয়।

ইফালে দুই ভাতৃৰ আগতীয়া জামিনৰ বাবে আবেদন কৰিছিল যদিও ৰোহিনী আদালতে সেই আবেদন নাকচ কৰে। যাৰবাবে দুয়োৰে জেলযাত্ৰা নিশ্চিত হয়। আনহাতে, তদন্তত প্ৰকাশ পাইছে যে,নাইট ক্লাবটোত যি সময়ত জুই লাগিছিল সেই সময়ৰ আশে-পাশে দুই মালিক থাইলেণ্ডলৈ যাবলৈ সাজু হৈছিল। গোৱা আৰক্ষীৰ মতে, লুথ্ৰা ভাতৃদ্বয়ে ৭ ডিচেম্বৰৰ পুৱা ১:১৭ বজাত ট্ৰেভেল পৰ্টেলৰ জৰিয়তে ফুকেটলৈ টিকট বুকিং কৰিছিল। গোৱা আৰক্ষীয়ে দুয়োজন অভিযুক্তৰ বিৰুদ্ধে যোৱা ৮ ডিচেম্বৰত লুক আউট চাৰ্কুলাৰ (এল অ’ চি) জাৰি কৰিছিল যাতে তেওঁলোকে দেশৰ পৰা পলায়ন কৰিব নোৱাৰে। কিন্তু ইয়াৰ পূৰ্বেই দেশ এৰিছিল দুই ভাতৃয়ে। 

গোৱা