বোপাই কমলা টেঙা ল বাটত খাবি, টেঙা মৰ্টনো ল যাওঁতে খাবিঃ গালত চুমা দি তিনিচুকীয়াত লুৰিণজ্যোতিক উদ্দেশ্যি কেইগৰাকীমান বৃদ্ধা, VIDEO

বোপাই কমলা টেঙা ল বাটত খাবি, টেঙা মৰ্টনো ল যাওঁতে খাবিঃ   গালত চুমা দি তিনিচুকীয়াত লুৰিণজ্যোতিক উদ্দেশ্যি কেইগৰাকীমান বৃদ্ধা, VIDEO

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যত তীব্ৰতৰ হৈছে প্ৰতিবাদ। সকলো লোকে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। তিনিচুকীয়াত 'কা' বাতিলৰ দাবীত আছুকে আদি কৰি কেবাটাও সংগঠনে শুকুৰবাৰে সাব্যস্ত কৰিছিল প্ৰতিবাদী কাৰ্যসূচী। বৰগুৰি খেলপথাৰত আয়োজিত এই কাৰ্যসূচীত ভাষণ দিছিল আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ।

তেওঁ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল। কৈছিল, "শ্ৰেষ্ঠ অভিনয়ৰ অস্কাৰ পাব লাগে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ইয়াতকৈ ভাল অভিনয় আৰু থাকিবই নোৱাৰে। ছাত্ৰ সন্থাত এটা বেলেগ অভিনয়, অগপত এটা বেলেগ অভিনয় কৰিছিল। আইএমডিটি বাতিলৰ বাবে ন্যায়ালয়ৰ কাষ চাপোতে এটা বেলেগ অভিনয় আৰু আজি জাতিক বিক্ৰী কৰাৰ সময়ত কৰা অভিনয় সৰ্বোৎকৃষ্ট।"

এই ভাষণ শেষ কৰাৰ পিছতে ছাত্ৰ নেতাগৰাকীৰ ওচৰলৈ আহি বহু লোকে ধন্যবাদ জ্ঞাপন কৰিছিল। ধন্যবাদ দিছিল জাতিৰ এই জটিল সন্ধিক্ষণত এনেদৰে প্ৰতিবাদ কৰি ৰাইজৰ সৈতে থিয় হোৱাৰ বাবে। তাৰ পিছতে দেখিবলৈ পোৱা গৈছিল পূৰ্বে নেদেখা এক পৰিৱেশ।

কোনো কোনো বৃদ্ধাই নিজৰ পুত্ৰৰ দৰে জ্ঞান কৰি তেওঁক চুমাৰে উপচাই দিছিলহি। কিছু লোকে হাত বুলাই দিছিল মূৰত। কৈছিল বোপাই তুমি এনেদৰে সদায় ৰাইজৰ হৈ মাতি যাবা। এগৰাকী আইতাই লুৰিণজ্যোতি গগৈৰ পকেটত কেইটামান কমলা টেঙা ভৰাই দিছিল। কৈছিল, যাওঁতে বাটত খাবি দেই। আন এগৰাকী আইতাই খুচনিৰ পৰা এটা টেঙা মৰ্টন দি খাবি দেই বুলি কৈ কৈছিল, তুমিয়ে মুখ্যমন্ত্ৰী হ'ব লাগিব। এই দৃশ্য দেখি আনন্দতে আছু নেতাগৰাকীৰ চকুৰে চকুলো নিগৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in