লুৰীণজ্যোতিৰ ওপৰত আক্রমণঃ আক্ৰমণকাৰীৰ নাম উল্লেখ কৰি এজাহাৰ দাখিল এজেপিৰ…

লুৰীণজ্যোতিৰ ওপৰত আক্রমণঃ আক্ৰমণকাৰীৰ নাম উল্লেখ কৰি এজাহাৰ দাখিল এজেপিৰ…

ডিজিটেল সংবাদ, নলবাৰীঃ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈসহ তেওঁৰ সতীৰ্থসকলৰ ওপৰত নলবাৰীৰ কালাগত দুৰ্বৃত্তই কৰা আক্ৰমণ সন্দৰ্ভত দেওবাৰে নিশাৰ ভাগত সংগঠনটোৰ নলবাৰী জিলা সমিতিয়ে নলবাৰী সদৰ থানাত এজাহাৰ দাখিল কৰিছে। এজাহাৰত এই আক্ৰমণ বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাৰ নেতৃত্বত বিজেপিৰ একাংশ লোক সংঘটিত কৰা বুলি গুৰুতৰ অভিযোগ তুলিছে।

অজাপৰ নলবাৰী জিলাৰ সভাপতি নগেন ডেকা, সম্পাদকদ্বয় ভূপেন তালুকদাৰ আৰু শৰৎ কলিতাই এজাহাৰত উল্লেখ কৰামতে বিয়লি কমাৰকুছিৰ পৰা বাঁহজানীলৈ গৈ থকা অৱস্থাত অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ,কাৰ্যকৰী সভাপতি পবিন্দ্ৰ ডেকা, অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ পুলকেশ বৰুৱা, অজাপৰ উপ সভাপতি ড° শিখৰ শৰ্মা, সম্পাদক অমল ডেকা প্ৰমুখ্যে নেতা সকলে চাৰিখন গাড়ীত গৈ থকা অৱস্থাত কালাগ দৌলমন্দিৰৰ শ্যামৰায় মন্দিৰৰ সম্মুখত বিধায়ক নাৰায়ণ ডেকাৰ নেতৃত্বত ৫০/৬০ জনীয়া এটা গুণ্ডা বাহিনীৰ দলে হাতে হাতে বিজেপিৰ পতাকা, লাঠি,ইটাৰ টুকুৰা আদি লৈ আক্ৰমণ চলায়। আক্ৰমণত গাড়ীকেইখনৰ ক্ষতি হোৱাৰ লগতে অজাপৰ মনোজ ডেকা আৰু মুকুল কলিতা গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয়।

এই আক্ৰমণকাৰীসকলৰ ভিতৰত বিজেপিৰ লক্ষী কলিতা,অজয় তালুকদাৰ, মহেন্দ্ৰ নাথ শৰ্মা, মৃন্ময় দাস,মৃনাল কলিতা,মহেশ ডেকা, বিপুল বৰা,হৰি কলিতা,অঞ্জন কলিতা,কিংকৰ কলিতা, উদয় বৈশ্য,টুলেন বৈশ্য, মিন্টু কলিতা আদি কেইবাজনো থকা বুলি থকা বুলিও এজাহাৰত উল্লেখ কৰি দিয়া হৈছে। নলবাৰী জিলা অজাপই এই গুণ্ডাবাহিনীক উপযুক্ত শাস্তি প্ৰদান কৰি গণতন্ত্ৰ ৰক্ষা কৰিবলৈ দাবী জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in