ছৈখোৱা কাণ্ডৰ মৃতকৰ ঘৰত উপস্থিত আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ, চৰকাৰক সমালোচনা

ছৈখোৱা কাণ্ডৰ মৃতকৰ ঘৰত উপস্থিত আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ, চৰকাৰক সমালোচনা

তিনিচুকীয়াৰ ঢলা কাণ্ডৰ মৃতকৰ ঘৰত উপস্থিত আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ।

দুৰ্বৃত্তৰ নিৰ্বিচাৰ গুলীচালনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালত উপস্থিত হয় আছুৰ নেতাজন।

শোক সন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে লুৰিণজ্যোতি গগৈয়ে৷

বৃহস্পতিবাৰৰ ঘটনাৰ বাবে চৰকাৰ জগৰীয়া বুলি মন্তব্য প্ৰকাশ কৰে আছু নেতাজনে৷

ইয়াৰোপৰিও অসম আৰক্ষীকো সমালোচনা কৰে তেওঁ।

চোৰাংচোৱা বিভাগৰ বিফলতাক লৈও অসন্তুষ্টি প্ৰকাশ কৰে আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে।

বৃহস্পতিবাৰে শদিয়াৰ ছৈখোৱাঘাটত অচিনাক্ত দুৰ্বৃত্তৰ গুলীচালনাত প্ৰাণ হেৰুৱাইছিল ৫ জনকৈ নিৰীহে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in