চিকিৎসাৰ বাবে কাজিৰঙালৈ নিয়া পথতে কৰুণ মৃত্যু লামডিঙত ৰে’লৰ খুন্দাত আহত হাতী পোৱালিৰ…

চিকিৎসাৰ বাবে কাজিৰঙালৈ নিয়া পথতে কৰুণ মৃত্যু লামডিঙত ৰে’লৰ খুন্দাত আহত হাতী পোৱালিৰ…

ডিজিটেল সংবাদ, লামডিংঃ ৰাজ্যত ৰেলৰ খুন্দাত পুনৰ বনৰীয়া হাতীৰ মৃত্যু ৷ লামডিং-লামচাখং ৰেলৱে ষ্টেচনৰ মাজত ৰেলৰ পথত ৰেলৰ খুন্দাত মৃত্যু হৈছে এটা বনৰীয়া হাতীৰ৷ আহত হৈছে আন এটি পোৱালি হাতীও। ১৩১৭৬ নামনিমুৱা আগৰতলা হাওৰা কাঞ্চনজঙ্ঘা এস্কপ্ৰেছ ৰেলৰ খুন্দাত এজনী মাইকী হাতী মৃত্যু হোৱাৰ বিপৰীতে এটি পোৱালী হাতী গুৰুত্বৰভাৱে আহত হোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷

শুকুৰবাৰে নিশাই লামডিং ৰেলৱেৰ উচ্চ পদস্থ বিষয়া আৰু বনবিভাগৰ দল ৰাওনা হৈ মৃত হাতীটোক গাত খান্দি পুতি দিয়াৰ লগতে আহত হাতীটোক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে কাজিৰঙালৈ প্ৰেৰণ কৰে যদিও শনিবাৰে মাজবাটতে পোৱালী হাতীটোৰ মৃত্যু ঘটে ৷

উল্লেখযোগ্য যে দুই বছৰ পূৰ্বেও লামডিং-লামচাখং ৰেলৱে ষ্টেচনৰ মাজত ৰেলৰ খুন্দাত একেলগে পাঁচটা বনৰীয়া হাতীৰ মৃত্যু হৈছিল।ইয়াৰ পিছতো ৰেল বিভাগৰ ব্যৰ্থতাৰ বাবে পুনৰ হাতীয়ে কৰুণ মৃত্যুক আঁকোৱালি লোৱাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। গুৰুত্বপূৰ্ণ বিষয়টো হৈছে উল্লেখিত স্থানেৰে সঘনাই হাতীয়ে ৰেল পথ অতিক্ৰম কৰে বুলি এলিফেণ্ট কৰিডৰ হিচাপে চিনাক্ত কৰাৰ লগতে সেই ৰেলপথেৰে ৰেলৰ গতিবেগ নিয়ন্ত্ৰণ কৰাৰ বাবে বন বিভাগৰ পৰা নিৰ্দেশ দিয়া আছিল যদিও নিশা ৰেলৰ খুন্দাত প্ৰায় ১০০ মিটাৰ ওফৰি পৰিছিল হাতী দুটা ।

ইতিমধ্যে ঘটনা সংক্ৰান্তত লামডিং থানাত বন বিভাগে দাখিল কৰিছে এজাহাৰ। হাতী দুয়োটাক মহতীয়াই নিয়া ৰেলখনৰ চালক দুজন পাইলত পি কে সৈন্যাষি, পাইলট বাসু ৰয় আৰু গাৰ্ড সুমিত ৰাহা বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in