লামডিঙত অসুৰক্ষিত মহিলা-যুৱতীঃ উলংগ অৱস্থাত উদ্ধাৰ ছাত্ৰীৰ মৃতদেহ…

লামডিঙত অসুৰক্ষিত মহিলা-যুৱতীঃ উলংগ অৱস্থাত উদ্ধাৰ ছাত্ৰীৰ মৃতদেহ…

ডিজিটেল সংবাদ, লাডিং:- লামডিঙত অসুৰক্ষিত এতিয়া যুৱতী মহিলা ৷ বেটি বচাও বেটি পঢ়াও যি শ্লগান আছিল সেই শ্লগানো এতিয়া ধোৱা চাঙত ৷ লামডিঙত সংঘটিত হোৱা জঘন্য ঘটনাই জোকাৰি গৈছে ৰেল নগৰী লামডিঙক ৷

সোমবাৰে নিশা লামডিঙৰ কৃষ্ণবস্তিৰ শালবাগানত অৰ্ধ ওলংগ অৱস্থাত এগৰাকী ছাত্ৰী মৃতদেহ উদ্ধাৰক লৈ এতিয়াও চাঞ্চল্য বিৰাজ কৰি আছে লামডিঙত ৷ গণেশটিলাৰ বাসিন্দা ছাত্ৰী গৰাকী টিউচনলৈ বুলি কালি বিয়লি ৪ মান বজাত ঘৰৰ পৰা ওলাইছিল কিন্তু ৰহস্যজনকভাৱে ছাত্ৰী গৰাকীৰ অৰ্ধ উলংগ মৃতদেহ নিশা উদ্ধাৰ কৰে লামডিঙ আৰক্ষী কৃষ্ণবস্তিৰ শালবাগানত ৷

যুৱতী গৰাকীক প্ৰথমে ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ কৰিছে পৰিয়ালে তথা মানৱ অধিকাৰ সংগঠনৰ কাৰ্যকৰ্তাই এই ঘটনাত তীব্ৰ গৰিহনা দিয়াৰ লগতে উচিত তদন্ত কৰাৰ বাবে দাবী জনায় ৷ এই সন্দৰ্ভত লামডিং আৰক্ষী থানাত ১৩০/২২ নম্বৰত ৩০২ অধীনত এটি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে কিন্তু এতিয়ালৈকে আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত কোনো লোকক আটক কৰিবলৈ সক্ষম নোহোৱাৰ লগতে কোনোধৰণৰ মন্তব্য কৰাৰ পৰাও এতিয়ালৈকে বিৰত আছে ৷

এই ক্ষেত্ৰত লামডিঙৰ বিভিন্ন জনে গৰিহনা দিয়াৰ লগতে দোষীক উচিত শাস্তি দিয়াৰ দাবী জনায় ৷ আনফালে ছাত্ৰী গৰাকীৰ বিদ্যালয়ৰ শিক্ষকমহলে এই ঘটনাত দুখ প্ৰকাশ কৰাৰ লগতে বৰ্তমান বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সুৰক্ষিত নহয় বুলি মন্তব্য কৰে ৷ এতিয়া আৰক্ষীয়ে কিমান ক্ষীপ্ৰতাৰে তদন্ত কৰিব আৰু দোষীক কৰায়ত্ব কৰিব পৰিব, লগতে কোনে কিয় এই দশম শ্ৰেণীৰ ছাত্ৰীগৰাকীক হত্যা কৰিলে সেয়া সময়তে জনা যাব ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in