শেহতীয়া খবৰ
পুনৰ বৃ্দ্ধিঃ ৰাজ্যত আকৌ ৫১গৰাকীৰ দেহত কোৰোনা... • হাতী-মানুহৰ সংঘাত: নাৰায়ণপুৰত হাহাকাৰ অৱস্থা… • মঙলদৈৰ অল্পনাৰ জীৱন সংগ্ৰামঃ বাৰীৰ কঁচু-ঢেকীয়া বিক্ৰী কৰি পোহপাল দিছে পিতৃ-মাতৃক... • জাজৰি উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ কেন্দ্ৰত বহিঃৰাজ্যৰ পৰা অহা পৰা অহা ৮০লোকক কোৱাৰেণ্টাইন... • অৰুণাচল প্ৰদেশত পুনৰ বৃদ্ধি কোৰোনা ৰোগীৰ সংখ্যা... • নগাঁও চহৰত নিশা যুৱকৰ অস্বাভাৱিক মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা, আৰক্ষীৰ শূন্যলৈ গুলী চালনা... • মুপা আৰু মাইবাং ষ্টেচনৰ মাজত ব্যাহত ৰেল সেৱা... • বৰ্ণ বৈষম্যতা! আৰক্ষীৰ হাতত কৃষ্ণাংগৰ মৃত্যুক লৈ ট্ৰাম্প প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ হাজাৰ হাজাৰ জনতাৰ... • ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ প্ৰথমটো স্বাস্থ্যকৰ্মীৰ দলক কোৱাৰেণ্টাইন... • নাৰায়ণপুৰৰ কোৱাৰেন্টাইন চেন্টাৰত উত্তপ্ত পৰিস্থিতি...VIDEO

লামডিঙত গুৰুনানকৰ ৫৫০ সংখ্যক জন্মজয়ন্তী পালন, VIDEO

25

জিডিটেল সংবাদ, লামডিংঃ শিখ সকলৰ গুৰু শ্ৰী গুৰুনানক দেৱৰ ৫৫০ সংখ্যক জন্মজয়ন্তী উপলক্ষে শনিবাৰে লামডিঙৰ শিখ সম্প্ৰদায়ৰ উদ্যোগত এক বিস্তৃত কাৰ্যসূচী হাতত লৈ জন্মজয়ন্তী উদযাপন কৰে। সেই উপলক্ষে লামডিং গুৰুদ্বাৰৰ পৰা প্ৰায় পাঁচ শতাধিক শিখ সম্প্ৰদায়ৰ লোকে উলিয়াই এক বৰ্ণিল শোভাযাত্ৰা।

চহৰখনৰ মাজ মজিয়াৰে সকলোৱে নগৰ কীৰ্তন কৰি সৃষ্টি কৰে এক উৎসৱ মুখৰ পৰিৱেশৰ।তদুপৰি শোভাযাত্ৰাৰ মাজতে ৰাজপথত শিখ সম্প্ৰদায়ৰ যুৱকে প্ৰদৰ্শন কৰা আশ্চৰ্যকৰ খেল উপভোগ কৰি অভিভূত হৈ পৰে সকলো।

শনিবাৰৰে পৰা লামডিঙত তিনিদিনিয়া কাৰ্যসূচীৰে ৫৫০ তম গুৰুনানকৰ জন্ম জয়ন্তী উদযাপন কৰিব৷ লামডিঙত উলিওৱা শনিবাৰৰ এই নগৰ কীৰ্ত্তনত ডিফু, লংকা, হোজাই, চাপৰমুখ আদিকে ধৰি অসমৰ বিভিন্ন স্থানৰ ৰাইজে যোগদান কৰে৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি