নগালেণ্ড আৰক্ষীৰ হাতৰ পৰা প্ৰাণৰক্ষা কৰি ধেমাজীৰ ছাত্ৰক উদ্ধাৰ লামডিং জি আৰ পিৰ…

নগালেণ্ড আৰক্ষীৰ হাতৰ পৰা প্ৰাণৰক্ষা কৰি ধেমাজীৰ ছাত্ৰক উদ্ধাৰ লামডিং জি আৰ পিৰ…

ডিজিটেল সংবাদ, লামডিংঃ বুধবাৰে যি সময়ত সমগ্ৰ ৰাজ্যত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ ছাত্ৰ ছাত্ৰীৰ মাজত আনন্দ উল্লাস ঠিক তেনে সময়ত লামডিং জি আৰ পি থানাত ধেমাজিৰ এজন মেট্ৰিকৰ ছাত্ৰৰ কান্দোন ৷

ধেমাজিৰ দিহিঙিয়া গাৱৰ নিৰুদ্দিষ্ট মেট্ৰিকৰ ছাত্ৰ লামডিংত ৰহস্যজনক ভাবে উদ্ধাৰ। হয় যোৱা ১৩ মে'ত ধেমাজিৰ বৰদলনী ষ্টেচনৰ পৰা নিৰুদ্দেশ হৈছিল মেট্ৰিকৰ ছাত্ৰ দেৱজিৎ গগৈ। পুৱা প্ৰাতঃ ভ্ৰমণলৈ ওলাই অহাৰ পাছত ছাত্ৰজনে বৰদলনীৰ ষ্টেনত পানী খোৱাৰ পাছতেই নিখোজ হৈ পৰিছিল ৷ লামডিং ৰেল আৰক্ষীয়ে উদ্ধাৰ কৰা ছাত্ৰ জনৰ ভাষ্য অনুসৰি প্ৰথমে বৰদলনী পৰা বঙাইগাঁও ষ্টেচনত ৰহস্যজনক ভাবে গৈ পাইছিল।তাতে ৰেল আৰক্ষীয়ে উদ্ধাৰ কৰি ছাত্ৰ জনক ঘৰলৈ বুলি উজনীমুৱা অৱধ আসাম ট্ৰেনখনত উঠাই দিয়ে।

কিন্তু উঠি অহা ট্ৰেনৰ ডবাত যাত্ৰা কৰা চাৰিজনীয়া নাগালেণ্ড আৰক্ষীৰ এটা দলো উপস্থিত আছিল ৷ হঠাৎ বঙাইগাৱ ৰেল ষ্টেচন সাৰি অহাৰ পাছত অৰ্জুন নামৰ নাগালেণ্ড আৰক্ষীজনৰ মোবাইল চুৰি হোৱাত কিশোৰগৰাকীয়ে চুৰি কাণ্ড সংঘটিত কৰে বুলি মিছাকৈয়ে সন্দেহ কৰি জেৰাৰ নামত ছাত্ৰজনক প্ৰহাৰ কৰে ।ইপিনে নাগালেণ্ড আৰক্ষীৰ দলে ছাত্ৰ দেবজিৎ গগৈক জেৰা চলাই যেতিয়া মোবাইলৰ কোনো সন্ধান নোপোৱাৰ পিছত ছাত্ৰ জনক আবদ্ধ কৰি অভিভাৱকলৈ ৩০ হাজাৰ টকাৰ দাবী কৰে।

অভিভাৱকে ৩০হাজাৰ দিব নোৱাৰো বুলি কোৱাত ২২হাজাৰ টকা দাবী কৰাৰ লগতে সেই টকা নিদিলে দেবজিৎক নাগালেণ্ডলৈ লৈ বিক্ৰী কৰি দিব অথবা হাত ভৰি ভাঙি বনকৰা হিচাপে ৰাখিব বুলি ভাবুকি প্ৰদান কৰে পৰিয়ালক ৷ আৰক্ষীৰ দলটোৱে বলপূৰ্বকভাৱে ছাত্ৰ জনক ৰেলত আবদ্ধ কৰি ডিমাপুৰলৈ নিয়াৰ পথত লামডিং ষ্টেচনত জি আৰ পিৰ কনিষ্টবলক দেখাৰ লগে লগে অতি কৌশলেৰে ছাত্ৰজনে ৰেলৰ পৰা ষ্টেচনত জাপ মাৰি দিয়াত নাগালেণ্ড আৰক্ষীৰ হাতত অপহৰণ হোৱাৰ পৰা ছাত্ৰজন কথমপী ৰক্ষা পৰে বুলি আৰক্ষীৰ আগত বৰ্ণনা কৰে।

ছাত্ৰ দেৱজিৎ গগৈক প্ৰহাৰ কৰা অৰ্জুন আৰু মনমোহন নামৰ নাগালেণ্ড আৰক্ষী দুয়োজনে স্বীকাৰ কৰে যে দেৱজিৎক ৰেলত জেৰা চলোৱা নামত প্ৰহাৰ কৰাৰ লগতে দেৱজিৎক তালাচী কৰি একো সন্ধান নাপালে ৷ আনফালে লক্ষণীয় যে আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত দেৱজিৎ গগৈয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে বুলি জানিব পৰা যায় । লামডিং জি আৰ পিয়ৰ সতৰ্কতা বাবেই আজি দেৱজিৎ গগৈক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ বৰ্তমান লামডিং জি আৰ পিয়ে ছাত্ৰজনক পৰিয়ালৰ লোকক সমজাই দিয়ে ৷

অভিযুক্ত নাগালেণ্ড আৰক্ষীৰ চোৰাংচোৱা বিভাগৰ IGP(INT)ৰ কনিষ্টবল অৰ্জুন কুমাৰ সাহ আৰু ড্ৰাইভাৰ মনমোহন ক লামডিং জি আৰ পিয়ে সোধ পোছ অব্যাহত ৰাখিছে। লামডিং ৰেল আৰক্ষীয়ে বহিঃ ৰাজ্যৰ এই দুয়োজন আৰক্ষীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহন কৰিব সেয়া হব লক্ষণীয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in