নাৰী সৰবৰাহকাৰী চক্ৰই নিব খুজিছিল জম্মু-কাশ্মীৰলৈ, লামডিঙত জনশতাব্দী এক্সপ্ৰেছত উদ্ধাৰ কিশোৰী, VIDEO

নাৰী সৰবৰাহকাৰী চক্ৰই নিব খুজিছিল জম্মু-কাশ্মীৰলৈ, লামডিঙত জনশতাব্দী এক্সপ্ৰেছত উদ্ধাৰ কিশোৰী, VIDEO

ডিজিটেল সংবাদ, লামডিংঃ নাৰী সৰবৰাহকাৰী চক্ৰই বহিঃ ৰাজ্যলৈ নাৰী সৰবৰাহ কৰি থকাৰ ঘটনা পুনৰবাৰ পোহৰলৈ আহিছে। বুধবাৰে ৰে'লনগৰী লামডিঙত নামনিমুৱা জনশতাব্দী এক্সপ্ৰেছত ডিমাপুৰৰ পৰা লৈ অহা এগৰাকী ১৪ বছৰীয়া কিশোৰী লামডিঙত উদ্ধাৰ হয়। ইয়াৰ পিছতেই পোহৰলৈ আহে বহিঃ ৰাজ্যলৈ অসমৰ কিশোৰী সৰবৰাহৰ ঘটনা।

জানিব পৰা মতে ৰে'লখনত অহা যাত্ৰী আৰু টিকত পৰীক্ষকে কিশোৰী গৰাকীক উদ্ধাৰ কৰি ৰে'ল আৰক্ষীক গতাই দিয়ে। অৱশ্যে ৰে'ল আৰক্ষী অহা দেখি কিশোৰী গৰাকীকলৈ যোৱা ৮-৯ জনীয়া যুৱকৰ দলটোৱে পলায়ন কৰে। কিশোৰী গৰাকীৰ ঘৰ বোকাজানৰ ফুলবাৰীত বুলি জানিব পৰা গৈছে।

যোৱা দেওবাৰৰ পৰাই কিশোৰী গৰাকী সন্ধানহীন হৈ আছিল। ৰে'ল যাত্ৰীক কিশোৰীগৰাকীয়ে জানিব দিয়া মতে দলটোৱে কিশোৰীগৰাকীক জম্মু-কাশ্মীৰলৈ নিয়াৰ পৰিকল্পনা কৰিছিল। ইতিমধ্যে ৰে'ল আৰক্ষীয়ে পৰিয়ালৰ লোকক খবৰ ঘটনাৰ সম্পৰ্কে খবৰ দিছে। কিশোৰীগৰাকীক কোনো নিচাযুক্ত দ্ৰব্য খুৱাই দলটোৱে লৈ আহিছিল বুলি ৰে'ল আৰক্ষীৰ সূত্ৰত প্ৰকাশ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in