লামডিং ৰেল ষ্টেচনৰ সমীপত পুনৰ ৰেলৰ খুন্দাত বন্যহস্তীৰ মৃত্যু…

লামডিং ৰেল ষ্টেচনৰ সমীপত পুনৰ ৰেলৰ খুন্দাত বন্যহস্তীৰ মৃত্যু…

ডিজিটেল সংবাদ, লামডিংঃ ৰেলৰ খুন্দাত পুনৰ মৃত্যু বনৰীয়া হাতীৰ৷ লামডিং-পাথৰখোলা ৰেল ষ্টেচনৰ মাজত মাজ নিশা ১.১০ বজাত উজনিমুৱা গুৱাহাটী-লিডু ইন্টাৰচিটি এক্সপ্ৰেছে মহতিয়াই নিলে এটা বনৰীয়া হাতীক৷ উল্লেখ যে, বিগত বছৰতো লামডিং ডিভিছনৰ হাৱাইপুৰত চাৰিটা বনৰীয়া হাতীক ৰেলে মহটিয়াই নিয়াৰ ঘটনা সংঘটিত হোৱাৰ পিছতো ৰেল বিভাগৰ পৰা বিশেষ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতেই পুনৰ এনে ঘটনা সংঘটিত হৈছে বুলি অভিযো স্থানীয় ৰাইজৰ৷

লামডিঙৰ পৰা পাথৰখোলালৈকে নিশা ৰেল বিভাগ আৰু বন বিভাগৰ ৪ জনীয়া এটি দলে অনৱৰত তহল দিয়াৰ পিছতো প্ৰাণ গ'ল এই বন্যহস্তীটোৰ৷ লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা প্ৰতি দিনেই জাকে জাকে বনৰীয়া হাতীয়ে ৰেলৱে ট্ৰেকৰ ওপৰেৰে আহা-যোৱা কৰে ৷ বিভিন্ন সময়ত তহলদাৰী দলে ৰেল বিভাগৰ দ্ৰুতগতিত অহা ৰেলৰ গতি কমাবলৈ আগজাননী দিয়াৰ পিছতো ৰেল বিভাগে বিশেষ গুৰুত্ব নোলোৱাৰ বাবে এনেধৰণৰ ঘটনাবোৰ সংঘটিত হৈ আহিছে৷ ইফালে, ঘটনাস্থলীত বন বিভাগৰ বিষয়া উপস্থিত হৈ মৃত হাতীটোৰ মৰনোত্ত পৰীক্ষা কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in