শেহতীয়া খবৰ
আন্তঃৰাষ্ট্ৰীয় কংফু গেম ২০২১ত সোণৰ পদক অৰ্জন বকোৰ বিতোপন বড়োৰ...  •  নগাওঁ আৰক্ষীৰ অভিযানঃ বুজন পৰিমানৰ ড্ৰাগছ উদ্ধাৰ, দুগৰাকী মহিলাসহ তিনিজন আৰক্ষীৰ জালত...  •  অসমত পুনৰ ১২৪জন কোৰোনাত আক্ৰান্তঃ পজিটিভিটী হাৰ ০.৪৪ শতাংশ, ৩ জনে হেৰুৱাইছে প্ৰাণ...  •  বকোত ছমৰীয়া শাখা ছাত্ৰ সন্থাৰ উদ্যোগত ছাত্ৰ নেতা অনিমেষ ভূঞাৰ আত্মাৰ চিৰশান্তিৰ বাবে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান...  •  ইন্দ্ৰধনুষ গেছ গ্ৰীড লিমিটেডৰ বিৰুদ্ধে অবৈধভাৱে ভূমি অধিগ্ৰহণৰ অভিযোগ জীপাল কৃষক শ্ৰমিক সংঘৰ, উপায়ুক্তলৈ প্ৰেৰণ স্মাৰকপত্ৰ...  •  গোৱালপাৰাত দুখন বাহনৰ মুখামুখি সংঘৰ্ষ, নিহত ৫জন লোক...  •  বোকাখাতত ডাম্পাৰৰ খুন্দাত প্ৰাণ হেৰুৱালে মহিলাই...  •  ভাৰতীয় ৰে’লৱে মাল গুদাম শ্ৰমিক সংঘৰ ধেমাজি জিলা গোট চিতৰ উদ্যোগত ৰে’লৱে শ্ৰমিকৰ ই-শ্ৰম পঞ্জীয়নৰ...  •  এগৰাকী দুৰ্ভগীয়া আইতাৰ কৰুণ কাহিনী, বিচাৰিছে চৰকাৰৰ সহায়...  •  স্বাধীনতা দিৱস কাপঃ বঙাইগাঁও ইলেভেন কোৱাৰ্টাৰ ফাইনেলত...

ৰন্ধন গেছৰ ৰাজসাহায্য লাভ কৰা নাই নেকি? চাওক কিদৰে লাভ কৰিব এই সাহায্য…

ডিজিটেল ডেস্কঃ ৰন্ধন গেছৰ ৰাজসাহাৰ্য আপুনি লাভ কৰা নাই নেকি? এতিয়াৰে পৰা আপুনি ৰন্ধনগেছৰ ৰাজসাহায্য লাভ নকৰিলে দিব পাৰিব অভিযোগ। উল্লেখ্য যে দীৰ্ঘদিন ধৰি ৰন্ধন গেছৰ উপভোক্তাই লাভ কৰা নাই ৰাজসাহায্য। এই বিষয়ে বিভিন্ন সময়ত চৰ্চা হৈ আহিছিল। এই সমগ্ৰ বিষয়ৰ ওপৰত দৃষ্টি ৰাখি শেহতীয়াকৈ মুকলি কৰা হৈছে এটা অভিযোগ নম্বৰ।

ৰন্ধনগেছৰ ৰাজসাহায্য লাভ নকৰা উপভোক্তাই ১৮০০২৩৩৩৫৫৫ নম্বৰৰ জৰিয়তে অভিযোগ দাখিল কৰিব পাৰিব। আনহাতে এই অভিযোগ ইণ্ডিয়ান অইলৰ অফিচিয়েল ৱেবছাইট cx.indianoil.in ৰ জৰিয়তে ঘৰতেই বহি এই বিষয়ে অভিযোগ দাখিল কৰিব পাৰিব। ৱেবছাইটত থকা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে আপুনি দাখিল কৰিব পাৰিব অভিযোগ।

উল্লেখ্য যে, চৰকাৰে আকৌ এবাৰ যোগ্য হিতাধিকাৰীসকলৰ হিতাধিকাৰীৰ হিচাপত এল পি জি ৰাজসাহায্য বিতৰণ কৰা আৰম্ভ কৰিছে। এলপিজি গেছ গ্ৰাহকসকলক ৰাজসাহায্য হিচাপে প্ৰতি চিলিণ্ডাৰত ৭৯.২৬ টকা দিয়া হৈছে। আনহাতে কিছুমান হিতাধিকাৰীৰ বাবে প্ৰতি চিলিণ্ডাৰত ৰাজসাহায্য হৈছে ১৫৮.৫২ টকাৰ পৰা ২৩৭.৭৮ টকা।

ৰাজসাহায্য লাভ কৰা উপভোক্তাসকলে বজাৰ মূল্যতে ইন্ধন ক্ৰয় কৰিব লাগিব। ইয়াৰ পিছত চৰকাৰে ৰাজসাহায্যৰ পৰিমাণ পোনপটীয়াকৈ ব্যৱহাৰকাৰীৰ বেংক একাউণ্টলৈ স্থানান্তৰ কৰিব। এটা পৰিয়ালক এটা বছৰত ১৪.২ কিলোগ্ৰাম চিলিণ্ডাৰৰ ১২ টালৈকে ৰাজসাহায্য প্ৰদান কৰিব।

আপুনি ৰাজসাহায্য লাভ কৰিছে নে নাই সেই বিষয়ে নিজাকৈ পৰীক্ষা কৰিব পাৰিব। তাৰ বাবে আপুনি cx.indianoil.in ৱেবছাইটৰ জৰিয়তে তথ্য লাভ কৰিব পাৰিব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি