ভাল খবৰ নাহিল, লাভলীনা হাৰিল…

ভাল খবৰ নাহিল, লাভলীনা হাৰিল…

ডিজিটেল ডেস্ক: কমনৱেলথত কোৱাৰ্টাৰ ফাইনেলৰ পৰা বিদায় লাভলীনা বৰগোঁহাইৰ। প্রতিপক্ষ ৰ'জী ইকলছৰ হাতত পৰাজিত হয় লাভলীনা।

প্রথম দুটা ৰাউণ্ডত লাভলীনাই লাভ কৰিছিল অগ্রগতি কিন্তু চূড়ান্ত ৰাউণ্ডত প্রতিপক্ষক প্রতিহত কৰাত ব্যৰ্থ হয় লাভলীনা ।

৭০ কেজি শাখাত ৱেলছৰ ৰজী একলেছৰ বিৰুদ্ধে খেলিছিল লাভলীনাই।  প্ৰথমখন খেলত অৰ্থাৎ প্ৰি কোৱাৰ্টাৰত বাই পোৱা সূত্ৰে এইবাৰ কমনৱেলথ গেছমত এইখনেই তেওঁৰ প্ৰথম খেল আছিল ।

যোৱাবাৰ কমনৱেলথ গেমচত ৰূপৰ পদক লাভ কৰিছিল ৰজীয়ে। আঘাতৰ বাবে টকিঅ অলিম্পিক খেলিব পৰা নাছিল তেওঁ। ২০১৬ চনত ইউৰোপিয়ান চেম্পিয়নশ্বিপতো ৰূপৰ পদক লাভ কৰিছিল ৰজীয়ে। 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in