শেহতীয়া খবৰ
চোৰৰ লক্ষ্য নগাঁও প্ৰেছ ক্লাৱ...  •  অসমত পুনৰ ৩২৪জন কোভিড পজিটিভ, ৩জনৰ মৃত্যু...  •  বৰপেটা চহৰৰ পৰা চৰকাৰী কৰ্মচাৰী সন্ধানহীন...  •  চাও দেৱেন্দ্ৰ বৰবৰুৱাৰ দেহাৱসানত শোকস্তব্ধ তিতাবৰ...  •  কোভিড ভেকচিন লৈ শৰীৰৰ অংগ বিকল বিশ্বনাথৰ যুৱকৰ !  •  বুঢ়াবুঢ়ীত নাবালিকাক অসৎ চৰিতাৰ্থ প্ৰাপ্ত বয়স্ক লোকৰ...  •  আন এক পৰশুৰামঃ বৰপেটাৰোডত পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ'ল বৃদ্ধ মাতৃৰ...  •  চাংসাৰি আৰ্মি কেম্পৰ সন্মুখত পথ দুৰ্ঘটনাঃ ঘাইপথৰ ওপৰত বাগৰি পৰিল গাখীৰভৰ্তি ট্ৰাক...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...

টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক অসম কন্যাৰ

ডিজিটেল ডেস্কঃ ইতিহাস সৃষ্টিৰে টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা অসমৰ প্ৰথমগাৰকী মহিলা খেলুৱৈ লাভলীনা বৰগোহাঁই প্ৰতিযোগিতাৰ ছেমিত পৰাস্ত হৈ ব্ৰঞ্জৰ পদকতে সীমাবদ্ধ থাকিবলগীয়া হ’ল। বুধাবাৰে ১১ বজাৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখনত লাভলীনাৰ সন্মুখত প্ৰতিদ্বনদ্বী আছিল তুৰ্কীৰ শক্তিশালী বুছেনাজ চুৰমেনেলী।

প্ৰতিযোগিতাৰ আৰম্ভণিৰে পৰা দমনীয় প্ৰদৰ্শন দাঙি ধৰা লাভলীনাই ছেমি ফাইনেলত প্ৰৱেশ কৰি দেশবাসীক স্বৰ্ণ পদকৰ সপোন দেখুৱাইছিল। ছেমি ফাইনেলত পৰাস্ত হোৱাৰ পূৰ্বে লাভলীনাৰ ব্ৰঞ্জৰ পদক নিশ্চিত হৈছিল।

প্ৰথমবাৰৰ বাবে অলিম্পিকত অংশগ্ৰহণ কৰি ব্ৰঞ্জৰ পদক লাভ কৰা লাভলীনাক লৈ সমগ্ৰে দেশবাসী গৌৰৱাম্বিত।দেশৰ লগতে অসমৰ ৰাইজে লাভলীনাক এই সফলতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে পৰৱৰ্তী অলিম্পিকত স্বৰ্ণ জয়ৰ বাবে সাজু হ’বলৈ আহ্বান জনাইছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি