অলিম্পিকত ভাৰতে লাভ কৰিব ১৯ টা পদকঃ লাভলীনা, মেৰী কম, অমিত পংঘালে কঢ়িয়াই আনিব পদক

অলিম্পিকত ভাৰতে লাভ কৰিব ১৯ টা পদকঃ লাভলীনা, মেৰী কম, অমিত পংঘালে কঢ়িয়াই আনিব পদক

ডিজিটেল ডেস্কঃ টকিঅ' অলিম্পিকত পদক লাভ কৰাটো নিশ্চিত অসমৰ লাভলীনা বগৰোহাঁইৰ। কেৱল লাভলীনাই নহয়, টকিঅ' অলিম্পিকত ভাৰতে লাভ কৰিব মুঠ ১৯ টাকৈ পদক। ইয়াৰ ভিতৰত থাকিব চাৰিটা স্বৰ্ণ পদক। এক প্ৰকাৰে ইতিহাস সৃষ্টি হ'ব টকিঅ' অলিম্পিকত। কিয়নো কোনো এখন অলিম্পিকতে ভাৰতে এইদৰে পদক লাভ কৰাৰ নজিৰ নাই।

অলিম্পিকৰ প্ৰতিযোগিতা অনুষ্ঠিত নোহাৱাৰ পূৰ্বেই পদক লাভৰ এই সম্ভাৱনিয়তা সম্পৰ্কে সমীক্ষা আগবঢ়াইছে নিয়েলছন কোম্পানীৰ গ্ৰেছনোট অলিম্পিকে। এই প্ৰতিষ্ঠানটোৱে অলিম্পিকলৈ প্ৰায় ১ বছৰ থকাৰ সময়তেই এই ব্যাখ্যা আগবঢ়াইছিল। প্ৰতিষ্ঠানটোৱে পূৰ্বৰ অলিম্পিকত ভাৰতৰ প্ৰদৰ্শন, খেলুৱৈৰ প্ৰদৰ্শন আদি বিভিন্ন দিশ পৰ্যবেক্ষণ কৰি এই সমীক্ষা আগবঢ়াইছে।

টকিঅ' অলিম্পিকলৈ ভাৰতে এইবাৰ ১১৫ জন খেলুৱৈ প্ৰেৰণ কৰিছে। এই খেলুৱৈসকলৰ ভিতৰত আছে অসমৰ লাভলীনা বৰগোহাঁই। লাভলীনাই অলিম্পিক প্ৰতিযোগিতাত অন্ততঃ ব্ৰঞ্জৰ পদক দখল কৰিব পাৰিব বুলি দাবী কৰিছে গ্ৰেছনোটে। তেওঁলোকৰ অধ্যয়ন মতে বিশ্বৰ ৫ নং বাছনিৰ লাভলীনাই পদক লাভ কৰাটো নিশ্চিত। ইফালে অলিম্পিক অনুষ্ঠিত হোৱাৰ পূৰ্বেই লাভলীনাই প্ৰথম ৰাউণ্ডত 'বাই' লাভ কৰি চিধাই প্ৰি-কোৱাৰ্টাৰত প্ৰতিদ্বন্দ্বীতা আগবঢ়োৱাৰ সুযোগ লাভ কৰিছে।

গ্ৰেছনোটৰ মতে ভাৰতে অলিম্পিক প্ৰতিযোগিতাত মুঠ ১৯ টা পদক লাভ কৰিব। ইয়াৰ ভিতৰত ৪ টা স্বৰ্ণ, ৯ টা ৰূপ আৰু ৬ টা ব্ৰঞ্জৰ পদক লাভ কৰিব। আনহাতে পদক তালিকাত ভাৰতে শীৰ্ষ ২০ টা স্থানৰ ভিতৰত স্থান লাভ কৰিব। পূৰ্বে ২০১২ চনত লণ্ডন অলিম্পিকত ভাৰতে মুঠ ৬ টা পদক লাভ কৰিছিল। অলিম্পিকৰ ইতিমহাসত সেয়াই আছিল ভাৰতৰ শ্ৰেষ্ঠ প্ৰদৰ্শন। যদি গ্ৰেছনোটৰ এই দাবী সত্য প্ৰমাণিত সহয় তেনে ভাৰতীয় ক্ৰীড়া ইতিহাসত নতুন পৃষ্ঠাৰ যে সন্নিৱিষ্ট হ'ব সেয়া নিশ্চিত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in