৩৫ বাৰ প্ৰেম প্ৰত্যাখ্যান, বিনিময়ত ৩৫ বাৰ ছুৰীকাঘাত! তাৰ পিছত কি হ’ল…

৩৫ বাৰ প্ৰেম প্ৰত্যাখ্যান, বিনিময়ত ৩৫ বাৰ ছুৰীকাঘাত! তাৰ পিছত কি হ’ল…

ডিজিটেল ডেস্কঃ প্ৰেম প্ৰত্যাখানৰ বাবেই হত্যাৰ বলি হ'ল এগৰাকী ছাত্ৰী। গুজৰাটৰ সোমনাথ জিলাৰ এজন উদণ্ড প্ৰেমিকে প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবেই এগৰাকী ছাত্ৰীক ছুৰীকাঘাট কৰি হত্যা কৰে। আনহাতে যুৱকজনে ছাত্ৰীগৰাকীক ৩৫ বাৰ প্ৰেমৰ প্ৰস্তাৱ দিছিল। কিন্তু ছাত্ৰীগৰাকীয়ে প্ৰতিবাৰেই প্ৰস্তাৱ প্ৰত্যাখান কৰাত উদণ্ড যুৱকজনে হিচাপ কৰি ৩৫ বাৰ ছুৰীকাঘাত কৰি নিৰ্মমভাৱে হত্যা কৰে ছাত্ৰীগৰাকীক।

সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, বিনীশ নামৰ ১৬ বছৰীয়া কিশোৰীগৰাকী আৰু কাশ্যপ পুৰোহিত নামৰ যুৱকজনে একেখনে বিদ্যালয়তে অধ্যয়ন কৰিছিল যদিও যুৱকজনে আধাতে পঢ়া সামৰে। আনহাতে উদণ্ড যুৱক হিচাপে অঞ্চলটোত পৰিচিত কাশ্যপ পুৰোহিতে একপক্ষীয়ভাৱে বিনীশক ভাল পাইছিল যদিও বিনীশে প্ৰতিবাৰেই তাৰ প্ৰস্তাৱ মানি লোৱা নাছিল।

আনহাতে ৫ নৱেম্বৰত যুৱকজনে বন্ধুৰ সহযোগত কিশোৰীগৰাকীক ওচৰৰে এটা শিৱ মন্দিৰলৈ মাতি পঠিয়ায়। যেতিয়া কিশোৰীগৰাকী তাত উপস্থিত হয়, তেতিয়া যুৱকজনে পুনৰ প্ৰেমৰ প্ৰস্তাৱ দিয়ে। কিন্তু সেইবাৰো কিশোৰীগৰাকীয়ে তাৰ প্ৰেম প্ৰত্যাখান কৰাত গণি গণি সি ৩৫ বাৰ বিনীশৰ দেহত ছুৰীকাঘাত কৰে। যাৰ ফলত কিশোৰীগৰাকীৰ মৃত্যু ঘটে।

ইফালে নিশা পৰ্যন্ত বিনীশ ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোক চিন্তিত হৈ বিচাৰ খোচাৰ আৰম্ভ কৰে। পৰিয়ালৰ লোকে কাশ্যপ পুৰোহিতৰ ঘৰলৈ গৈও কিশোৰীগৰাকীৰ সন্ধান লয়। কিন্তু বহু সময় বিচাৰ খোচাৰ কৰিও যেতিয়া কিশোৰীগৰাকীৰ সন্ধান নাপালে অৱশেষত আৰক্ষী থানাত কিশোৰীগৰাকীৰ নিখোজ সম্পৰ্কে এখন এজাহাৰ দাখিল কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে অনুসন্ধান চলাই মঙলবাৰে শিৱ মন্দিৰৰ সমীপৰ জংঘলৰ পৰা কিশোৰীগৰাকীৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ কৰে।

আৰক্ষীয়ে প্ৰাথমিক তদন্তৰ সময়ত কাশ্যপ পুৰোহিতক জেৰা চলোৱাৰ সময়তে ঘটনাৰ সংঘটিত কৰাৰ কথা পোহৰলৈ আহে। ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত যুৱকজনৰ লগতে যুৱকজনৰ পিতৃকো গ্ৰেপ্তাৰ কৰিছে। নিহত কিশোৰীগৰাকীৰ পৰিয়ালে জনোৱা মতে, কাশ্যপ পুৰোহিত আৰু বিনীশৰ পৰিয়াল পূৰ্বৰে পৰা চিনাকি। আনহাতে কাশ্যপে অযথা বিনীশক হাৰাশাস্তি কৰাৰ বাবেই বিনীশৰ মাতৃয়ে তাক পূৰ্বে কেইবাবাৰো সকীয়াই দিছিল বুলিও মন্তব্য কৰে কিশোৰীগৰাকীৰ মাতৃয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in