ভিতৰৰ খবৰ! হিমন্ত বিশ্ব শর্মা কিয় হঠাৎ বঞ্চিত হ’ল টিকটৰ পৰা…

ভিতৰৰ খবৰ! হিমন্ত বিশ্ব শর্মা কিয় হঠাৎ বঞ্চিত হ’ল টিকটৰ পৰা…

♦ মৃদুল কুমাৰ সন্দিকৈ

শেষ মুহূৰ্তত ৰাজনীতিত এনেকুৱা হৈয়েই। ভাবি থকা কথাবোৰ ওলট পালট হৈ যায়। এইবাৰৰ লোকসভা নিৰ্বাচনত নাটকীয় দৃশ্যপট দেখিবলৈ পোৱা গৈছে। পাম বুলি ভাবি থকা সকলে টিকটৰ পৰা বঞ্চিত হৈছে শেষ মুহূৰ্তত। বিজেপিৰ ৩ জনকৈ সাংসদে টিকট লাভ নকৰাটোক লৈ আগৰ পৰাই চৰ্চা চলি আছিল। তেজপুৰত আৰ পি শৰ্মাৰ নামেই প্ৰাৰ্থিত্বৰ পেনেলত নুঠিল। বিজেপিৰ এই সাংসদ জনে ১৬ মাৰ্চত সংবাদমেল পাতি বিজেপিৰ প্ৰাথমিক সদস্য পদ ত্যাগৰ কথা ঘোষণা কৰিলে।

আৰ পি শৰ্মাৰ মতে, তেওঁক বঞ্চিত কৰাই নহয়, দলে অপমানো কৰিছে। টিকট পোৱা নোপোৱা পিছৰ কথা। কিন্তু তেওঁৰ নাম প্ৰাৰ্থীৰ পেনেলৰ তালিকা নুঠাতো অতি অপমানজনক। কিয় তেওঁ টিকট নাপালে, তাৰ কাৰণ নিজস্ব যুক্তিৰে তেজপুৰৰ বিজেপি সাংসদগৰাকীয়ে ইতিমধ্যে ব্যাখ্যা কৰিছে। তেওঁৰ স্থানত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেজপুৰৰ পৰা বিজেপি প্ৰাৰ্থী ৰূপে নিৰ্বাচন খেলিব বুলি প্ৰায় নিশ্চিত হৈছিল ৰাইজ। সেয়াও বাস্তৱ হৈ নুঠাৰ পথত।

নগাঁৱত মন্ত্ৰী ৰাজেন গোহাঁই, যোৰহাটত কামাখ্যা প্ৰসাদ তাছাই প্ৰাৰ্থিত্ব নাপালে। সেই কথা দলে আনুষ্ঠানিকভাৱে ঘোষণা কৰিবলৈ বাকী। ২ সাংসদে প্ৰাৰ্থিত্ব নোপোৱাৰ কাৰণ ভিন্ন। মন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে এগৰাকী মহিলাই যৌন নিৰ্যাতনৰ গোচৰ ৰুজু কৰিছিল। সেই গোচৰৰ পৰা ক্লীনশ্বিট নোপোৱাৰ বাবে তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ কথা ঘোষণা কৰিছে।

দলটোৰ এই জ্যেষ্ঠ নেতাগৰাকীয়ে বিজেপিৰ পৰা নগাঁও সমষ্টিত প্ৰাৰ্থিত্ব নাপাব বুলি পূৰ্বৰ পৰাই চৰ্চা চলিছিল। অন্তিম সময়ত সেই ইংগিত লাভ কৰি অতি কৌশলেৰে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ আৰু ৰাজনৈতিক দৃষ্টিৰে এই অৱজ্ঞাক কেন্দ্ৰীয় মন্ত্ৰীজনে অন্য ধৰণে নিজৰ সপক্ষে উপস্থাপন কৰিলেও তেওঁৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী, নাৰীকেন্দ্ৰিক অভিযোগে দলটোক ক্ষতি কৰিব বুলি কেন্দ্ৰীয় নেতৃত্বই তেওঁক ইতিমধ্যে সকিয়াই দিছিল।

তেওঁৰ স্থানত পত্নীক এই নিৰ্বাচনত প্ৰক্ষেপ কৰি ৰাজেন গোহাঁয়ে কিছু সন্মান আৰু প্ৰভাৱ ৰক্ষা কৰাৰ চেষ্টা কৰিলেও যোৰহাটৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ বিৰুদ্ধে যে সমষ্টিটোত তীব্ৰ বিৰোধ সৃষ্টি হৈছে সেয়া সাংসদগৰাকীয়ে নিজেও হয়তো বুজি পাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত সহজভাৱে মানি লৈছে। ২০১৪ চনৰ নিৰ্বাচনত অসমৰ পৰা ১৪ খন আসনৰ ভিতৰত ৭ খন আসনেই লাভ কৰিছিল বিজেপিয়ে। এই ৭ জন সাংসদৰ ভিতৰত ৩ জনকে এতিয়ালৈকে টিকটৰ পৰা বঞ্চিত কৰাতো নিশ্চিত হৈছে। ইয়াৰ কাৰণ হ'ল তেওঁলোকৰ সাংসদ হিচাপে কাম কাজক লৈ দলটোৰ শীৰ্ষ নেতৃত্ব সন্তুষ্ট নহয়।

বিজেপিৰ আন দুজন সাংসদক লৈও সন্তুষ্ট নহয় নেতৃত্ব। মঙলদৈ সমষ্টিৰ সাংসদ ৰমেন ডেকাৰ বিৰুদ্ধে দলীয় কৰ্মীয়ে ক্ষোভ উজাৰিছে। গুৱাহাটী সমষ্টিৰ বিজেপিৰ সাংসদ বিজয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধেও আছে বহু অভিযোগ। গণ বিচ্ছিন্ন হৈ পৰা এইগৰাকী সাংসদৰ ৰাজহুৱা জীৱন প্ৰায়ে নাই বুলি ক'ব পাৰি। ব্যক্তিগত কাৰণতে হওক বা ৰাজনৈতিক চক্ৰান্ততে হওক বিজয়া চক্ৰৱৰ্তীৰ পূৰ্বৰ সক্ৰিয়তা এতিয়া দেখিবলৈ পোৱা নাযায়।

২০১৯ৰ লোকসভা নিৰ্বাচনত শাসকীয় বিজেপিয়ে অসমত প্ৰাৰ্থিত্ব নিৰ্বাচনৰ ক্ষেত্ৰত আজিৰ পৰিস্থিতিৰ সন্মুখীন হ'ব বুলি কোনেও ভৱা নাছিল। শাসকীয় দলটোৱে কিন্তু বাস্তৱত প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। ইয়াৰ বিপৰীতে কংগ্ৰেছে প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত যথেষ্ট জটিলতাৰ সন্মুখীন হ'ব বুলি ভৱা হৈছিল। কিন্তু নিৰ্বাচন চমু চাপি অহাৰ লগে লগে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব লগা ৫ টা সমষ্টিৰ ৩টাতে কংগ্ৰেছে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে।

১৫ মাৰ্চত তেজপুৰ আৰু লখিমপুৰ সমষ্টিক বাদ দি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'বলগা আটাইকেইটা সমষ্টিতে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে। যোৰহাটত দলটোৰ প্ৰাৰ্থী হ'ব সুশান্ত বৰগোহাঁই। কলিয়াবৰত গৌৰৱ গগৈ আৰু ডিব্ৰুগড়ত পবন সিং ঘাটোৱাৰ কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব। এইবাৰ নিৰ্বাচনৰ চিপিআই (এম)-এ লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। সমষ্টিটোত চিপিআই(এম)ৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে অমিয় কুমাৰ সন্দিকৈক।

নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেজপুৰত জোৰদাৰ প্ৰচাৰ চলাইছিল। ইখনৰ পিছত সিখন সভাত অংশ লৈ তেওঁ নিৰ্বাচনী ৰণশিঙা বজাই থাকোতেই আনুষ্ঠানিকভাৱে তেওঁৰ প্ৰাৰ্থিত্বক লৈ দ্বিতীয়বাৰ বিবেচনা কৰে বিজেপিৰ শীৰ্ষ নেতৃত্বই। আৰ পি শৰ্মাৰ পদত্যাগ, ভানুৰ ৰাজনৈতিক তৎপৰতা আদিয়ে এই সমষ্টিটোত ভানু আৰু হিমন্তৰ নিৰ্বাচনী যুঁজ পকি উঠিব বুলি ৰাইজে ধাৰণা কৰিছিল।

সেয়া বাস্তৱত ৰূপায়ণ নহয় বুলি ক'ব পৰা হৈছে। কিয়নো অন্তিম মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাক তেজপুৰ সমষ্টিৰ পৰা আতৰাই আনি বিজেপিয়ে সমষ্টিটো দখলৰ বাবে নতুন ৰণকৌশল তৈয়াৰ কৰিছে। দলৰ ভিতৰৰ খবৰ অনুসৰি হিমন্ত বিশ্ব শৰ্মাক তেজপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা আঁতৰাই ৰাখি দলে নিৰ্বাচনী প্ৰচাৰত মনোনিবেশ কৰিবলৈ কৈছে। আনকি তেওঁক সেই সমষ্টিৰ পৰা কোনোবা প্ৰাৰ্থীৰ তেওঁৰ নিৰ্বাচনত আছে নেকি তাকো জনাবলৈ কোৱা হৈছিল।

১৪ মে'তেই হিমন্ত বিশ্ব শৰ্মাক সভাপতি অমিত শ্বাহে সেই ইংগিত দিছিল। অমিত শ্বাহৰ এই নিৰ্দেশ হিমন্ত বিশ্ব শৰ্মাই আপত্তি কৰিব নোৱাৰিলেও, ৰাম মাধৱৰ জৰিয়তে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ শেষ চেষ্টাৰে ৰাম  মাধৱৰ সৈতে বৈঠকত মিলিত হৈছিল। আত্মসন্মানৰ প্ৰশ্ন জড়িত হৈ থকা হিমন্ত বিশ্ব শৰ্মাই সমষ্টিটোত উপায়হীন হৈ তেওঁৰ নিৰ্বাচনত উঠা অশোক ভট্ট ৰায় নামৰ প্ৰাৰ্থীগৰাকীক প্ৰক্ষেপ কৰিব পাৰি বুলি পৰামৰ্শ আগবঢ়ায়।

উল্লেখযোগ্য যে, অশোক ভট্ট ৰায় বিজেপিৰ কৰ্মকৰ্তা আৰু বৰ্তমান এ এছ টি চিৰ অধ্যক্ষ পদত আছে। ইফালে, এই সমষ্টিটোত অমিয় কুমাৰ ভূঞাৰ নাম চৰ্চালৈ আহিছে।যোৱা পঞ্চায়ত নিৰ্বাচনত সমষ্টিটো পৰ্যবেক্ষণৰ দায়িত্ব দিছিল ভূঞাক। ছাত্ৰ নেতা অমিয় কুমাৰ ভূঞাই মুখ্যমন্ত্ৰীৰ এই মিছন সফলতাৰে পূৰণ কৰিছিল পঞ্চায়ত নিৰ্বাচনৰ সময়ত।

তেজপুৰ সংসদীয় সমষ্টিৰ অন্তৰ্গত তেওঁ দায়িত্বপ্ৰাপ্ত সমষ্টি কেইটাত পৰ্যবেক্ষক ৰূপে ৯৯ শতাংশ সফলতা লাভ কৰিছিল বিজেপিয়ে। ইয়াক গুৰুত্বসহকাৰে ল'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সেয়েহে এই সমষ্টিটোত ভূঞাৰ নাম নতুনকৈ বিজেপিয়ে চিন্তা-চৰ্চা কৰে। আন এক খবৰ অনুসৰি, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হিমন্ত বিশ্ব শৰ্মাক দিল্লীলৈ সাংসদ ৰূপে যোৱাটো বিচৰা নাই।

কিন্তু ইয়াত আন এক ৰাজনৈতিক অভিসন্ধি লুকাই থকা সম্ভাৱনা আছে। সেয়া হ'ল- বিজেপিৰ ভিতৰচৰাতো লবীকেন্দ্ৰিক ৰাজনীতিয়ে গঢ় লৈ উঠিছে। তৰুণ গগৈৰ দৰে সৰ্বানন্দ সোণোৱালকো হিমন্ত বিশ্ব শৰ্মাই সেই লবী ৰাজনীতিৰে কিমান দূৰলৈ ক্ষতি কৰিব পাৰিব তাত সন্দেহ আছে। কিয়নো বিজেপিৰ দখলতহে আছে তেজপুৰৰ ৮ টাকৈ বিধানসভা সমষ্টি।

পল্লৱ লোচন দাসকে ধৰি মন্ত্ৰী হিমন্ত বিশ্বৰ আশীষধন্য আটাইকেইজন বিধায়ক। সেয়েহে সেই সমষ্টিৰ পৰা মন্ত্ৰী হিমন্ত বিশ্ব দিল্লীলৈ নিৰ্বাচিত হৈ গ'লে দিল্লী নেতৃত্বৰ ওচৰত তেওঁৰ বেছি প্ৰভাৱশালী হৈ পৰাৰ শংকাও আছে কোনো কোনো পক্ষৰ। সকলো মিলাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই সমষ্টিটোৰ পৰা শেষ মুহূৰ্তত টিকটৰ পৰা বঞ্চিত কৰিবলৈ দলৰ ভিতৰৰ পৰাই অভিযান আৰম্ভ হোৱা বুলি সন্দেহ কৰা হৈছে।

ইফালে মণি চুব্বা, আৰ পি শৰ্মা আদি নেপালী সম্প্ৰদায়ৰ প্ৰতিনিধিয়ে সমষ্টিটোত প্ৰতিনিধিত্ব কৰি আহিছে। এইবাৰ কংগ্ৰেছে এই সমষ্টিটোত মূলতঃ নেপালী আৰু আদিবাসী ভোটাৰসকলক লক্ষ্য কৰি লৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা পৰিকল্পনা কৰিছে। সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা ১২,৩২,৪৬২। ইয়াৰে মূল অসমীয়াৰ সংখ্যা ৪.৫০ লাখ, মুছলমান ২.৩৬ লাখ, বড়ো ১.৬০ লাখ, বঙালী ১লাখ ২ হাজাৰ, আদিবাসী ২.৭৪ লাখ, নেপালী প্ৰায় ২ লাখ ভোটাৰ আছে।

বাৰে বাৰে ৰাজনৈতিক দলবোৰে নেপালী ভোটাৰসকলকেই নিৰ্বাচনত জয়ী হোৱাৰ কাৰক ৰূপে নিৰ্ণয় কৰি তেওঁলোকক অধিক গুৰুত্ব দিয়াত মুল অসমীয়াভাষী ভোটাৰসকলৰ মাজত বিৰূপ প্ৰভাৱ সৃষ্টি হৈছে। সেয়েহে আৰ পি শৰ্মাই বিজেপি এৰাৰ পাছত সোতৰ বিপৰীতে গৈ বিজেপিয়ে অসমীয়াভাষী ভোটাৰক লগত লৈ এই নিৰ্বাচনী বৈতৰণী পাৰ হ'বলৈ নতুন ৰাজনৈতিক সমীকৰণৰ পাতনি মেলিছে।

তাৰবাবে অতি কৌশলেৰে মুল অসমীয়া ভাষী লোকসকলক ভোট বেংক ৰূপে পাবৰ বাবেই অমিয় ভূঞাক শেষ মুহূৰ্তত বিজেপিয়ে তেজপুৰ সমষ্টিৰ প্ৰাৰ্থী ৰূপে প্ৰক্ষেপৰ সিদ্ধান্ত লৈছে। অৱশ্যে সেয়া এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই। কিন্তু কেই ঘণ্টামানৰ ভিতৰতে বিজেপিয়ে এই ঘোষণা কৰিব।

আনহাতে, বিজেপি ত্যাগ কৰি কংগ্ৰেছৰ ফালে হাত মেলি দিছে আৰ পি শৰ্মাই। তেওঁক প্ৰাৰ্থিত্ব দিলে তেজপুৰৰ লগতে নেপালী ভোটাৰৰ প্ৰভাৱ থকা ৬-৭টা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীক জয়ী কৰি আনিব পাৰিম বুলি আৰ পি শৰ্মাই সংবাদমেল পাতি ঘোষণা কৰিছে। মুখ খুলি নক'লেও তেওঁ সেই ইংগিত যে কংগ্ৰেছৰ ফালেই দিছে তাক অনুমান কৰিব পাৰি।

তেজপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমষ্টিটোত ৰণকৌশল তৈয়াৰ কৰিছিল। তেওঁ একাংশ ঘনিষ্ঠ লোকক লৈ সমষ্টিটোৰ প্ৰভাৱশালী লোকসকলৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি নিৰ্বাচনী কুচকাৱাজো চলাইছিল। কিন্তু হঠাৎ সেই নিৰ্দেশো গৈছে যে- সমষ্টিটোত এনে সক্ৰিয়তা বন্ধ কৰিব লাগে। ইয়াৰ পৰাই বুজা যায় যে- তেজপুৰ সমষ্টিৰ পৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন নেখেলাতো প্ৰায় নিশ্চিত। অৱশ্যে তেওঁৰ স্থানত কোনে প্ৰাৰ্থিত্ব লাভ কৰে সেয়া অনিশ্চিত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in