ৰাজেন গোহাঁই বা ৰূপক শৰ্মা নহয়, নগাঁৱৰ প্ৰাৰ্থিত্বৰ দৌৰত এতিয়া এক নম্বৰত গোহাঁই পত্নী

ৰাজেন গোহাঁই বা ৰূপক শৰ্মা নহয়, নগাঁৱৰ প্ৰাৰ্থিত্বৰ দৌৰত এতিয়া এক নম্বৰত গোহাঁই পত্নী

author-image
asomiyapratidin
New Update
ৰাজেন গোহাঁই বা ৰূপক শৰ্মা নহয়, নগাঁৱৰ প্ৰাৰ্থিত্বৰ দৌৰত এতিয়া এক নম্বৰত গোহাঁই পত্নী

ডিজিটেল সংবাদ, নতুন দিল্লীঃ কেন্দ্ৰীয় ৰে'ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁয়ে তেওঁৰ প্ৰাণসম বিজেপি দলক অস্বস্তিত নেপেলাও বুলি কৈ প্ৰাৰ্থিত্বৰ দৌৰৰ পৰা নিজৰ নাম নিজেই প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে। কিন্তু অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ হাতত আছে আন এক খবৰ। সেয়া হ'ল- এগৰাকী মহিলাক নিৰ্যাতন চলোৱা বুলি উত্থাপিত অভিযোগ তথা এই সন্দৰ্ভত পঞ্জীভূক্ত গোচৰ আদালতত চলি থকাৰ পৰিপ্ৰেক্ষিততে নিৰ্বাচন আয়োগৰ এই সন্দৰ্ভত কঠোৰ স্থিতিয়ে গেৰুৱা দলটোক যে অস্বস্তিত পেলাব পাৰে আৰু বিৰোধীয়ে ইয়াৰ সুযোগ গ্ৰহণ কৰিব পাৰে, সেই কথা দলৰ শীৰ্ষ নেতৃত্বই গুৰত্বসহকাৰে বিবেচনা কৰিছে।

Advertisment

এনে প্ৰেক্ষাপটতে নগাঁৱৰ নবীন বিধায়ক ৰূপক শৰ্মাক দলৰ তৰফৰ পৰা নিৰ্বাচনী দৌৰত নমোৱাৰ বাবে হেঁচা প্ৰয়োগ কৰা হৈছিল যদিও বিজেপি তথা আৰ এছ এছৰ অতি পুৰণি সদস্য ৰাজেন গোহাঁইৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক ৰখা বিজেপি আৰু আৰ এছ এছৰ দিল্লীত থকা লবীয়ে গোহাঁইক এনেদৰে প্ৰত্যাখ্যান কৰাৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিছে। তেনে প্ৰেক্ষাপটতে প্ৰাৰ্থীৰ তালিকালৈ দিল্লীৰ প্ৰভাৱশালী এই লবীয়ে আগবঢ়াই দিছে ৰাজেন গোহাঁইৰ পত্নী ৰীতা গোহাঁইৰ নাম।

ইতিমধ্যে আমাৰ হাতত আহি পৰা খবৰ মতে, ৰাজ্যিক বিজেপিৰ পৰাও তালিকাৰ এক নম্বৰত ৰূপক শৰ্মাৰ নাম থাকিলেও কেন্দ্ৰীয় বিজেপিৰ নেতৃত্বৰ ওপৰত যথেষ্ট প্ৰভাৱ থকা গোহাঁইৰ সমৰ্থক বিজেপি-আৰএছএছ লবীৰ প্ৰচণ্ড চাপৰ বাবে শনিবাৰে ৰীতা গোহাঁইক প্ৰাৰ্থিত্ব প্ৰদানৰ বিষয়টো গুৰুত্বসহকাৰে বিবেচনাৰ মাজলৈ আনিবলৈ বাধ্য হৈছে। সেয়ে ৰাজেন গোহাঁয়ে দিল্লীত আয়োজন কৰা সংবাদ মেলত নিজে প্ৰাৰ্থী নোহোৱাৰ কথা ক'লেও দলটোৰ প্ৰতি যে কোনো ক্ষোভ নাই আৰু অহা নিৰ্বাচনতো যে তেওঁ দেহে কেহে দলটোৰ প্ৰচাৰত ভাগ ল'ব সেই কথা অতি কৌশলপূৰ্ণভাৱে প্ৰকাশ কৰি থৈছে। কিয়নো তেওঁ ভালদৰেই জানে, পত্নীৰ সাম্ভাব্য প্ৰাৰ্থিত্বৰ কথা প্ৰকাশ নকৰিলেও ৰীতা গোহাঁয়েই অৱশেষত লাভ কৰিবগৈ পাৰে নগাঁও সমষ্টিৰ প্ৰাৰ্থিত্ব।