উত্তৰাখণ্ডত ৰাহুলৰ নিৰ্বাচনী সমাৱেশ, টাৰ্গেট পুনৰ মোডী

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ শনিবাৰে উত্তৰাখণ্ডৰ ডেৰাডুনত কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে এক বিশাল জনসমাবেশ সম্বোধন কৰে। গুজৰাটত অনুষ্ঠিত কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠকৰ পিছত শনিবাৰে ৰাহুল গান্ধীয়ে সম্বোধন কৰা বিশাল ৰেলীত কংগ্ৰেছ অধ্যক্ষ গৰাকীয়ে তীক্ষ্ণ ভাষাৰে প্ৰধানমন্ত্ৰীক সমালোচনা কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পুঁজিপতিৰ হকে কাম কৰা বুলি অভিযোগ উত্থাপন কৰি ৰাহুল গান্ধীয়ে কয় যে মেহুল চৌকসী ভাৰতৰ পৰা পলায়ন কৰাত প্ৰধানমন্ত্ৰী মোডীয়েই সহায় কৰিছিল। আনহাতে প্ৰধানমন্ত্ৰীগৰাকীয়ে নীৰৱ মোডীক ভাতৃ জ্ঞান কৰি ৩৫ হাজাৰ কোটি টকা দি বিদেশলৈ পলুৱাই পঠিয়াইছিল বুলিও মোডীৰ বিৰুদ্ধে অভিযোগ তোলে ৰাহুলে।

আনহাতে, যিদিনা পুলৱামাত সন্ত্ৰাসবাদীয়ে চি আৰ পি এফৰ বিশাল কনভয়ৰ ওপৰত আক্ৰমণ চলাইছিল, সেইদিনাই প্ৰধানমন্ত্ৰীয়ে দেশৰ ৬ টাকৈ বিমান বন্দৰ পুঁজিপতিক গতাই দি স্বাৰ্থ সিদ্ধি কৰিছিল বুলি গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে। মোডীৰ স্বেচ্ছাচাৰীতাই আজি দেশৰ অৰ্থনীতিৰ বিকাশত বাধা প্ৰদান কৰিছে বুলি মন্তব্য কৰে ৰাহুল গান্ধীয়ে। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত দেশৰ জনতাই মোডীক উচিত প্ৰত্যুত্তৰ দিব বুলি দাবী কৰে কংগ্ৰেছ অধ্যক্ষগৰাকীয়ে।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in