এইবাৰ মোডীৰ চকীদাৰী আন্দোলন, বজাৰত উপলব্ধ টুপী, বেগ, টি-চাৰ্ট

এইবাৰ মোডীৰ চকীদাৰী আন্দোলন, বজাৰত উপলব্ধ টুপী, বেগ, টি-চাৰ্ট

author-image
asomiyapratidin
New Update
এইবাৰ মোডীৰ চকীদাৰী আন্দোলন, বজাৰত উপলব্ধ টুপী, বেগ, টি-চাৰ্ট

ডিজিটেল ডেস্কঃ পুনৰ এবাৰ শাসনত আহিবলৈ মোডীয়ে আৰম্ভ কৰিছে 'ময়ো চকীদাৰ' আন্দোলন। কেৱল এয়াই নহয়, 'ম্যে ভী চৌকীদাৰ' শ্ল'গান লিখা টুপী, টি-চাৰ্ট, বেগ মুকলি কৰি দিছে বজাৰত।

ইফালে, গুজৰাটৰ পাটিদাহ আন্দোলনৰ প্ৰাক্তন নেত্ৰী ৰেছমা পেটেলে বিজেপি ত্যাগ কৰি বিজেপিক আখ্যা দিছে এটা মাৰ্কেটিং কোম্পানী বুলি। আগন্তুক নিৰ্বাচনত নেত্ৰীগৰাকীয়ে নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথাও ঘোষণা কৰিছে।

উল্লেখ্য যে, ৩১ মাৰ্চৰ দিনা 'ময়ো চকীদাৰ' অভিযানৰ জৰিয়তে নিৰ্বাচনী প্ৰচাৰ চলাই নৰেন্দ্ৰ মোডীয়ে সমগ্ৰ দেশবাসীক সম্বোধন কৰিব।