ডাক্তৰে ৰাখেনে ৰাজনীতিৰ খবৰ, প্ৰধানমন্ত্ৰী মোডী প্ৰিয় নে চিকিৎসকৰ…

ডাক্তৰে ৰাখেনে ৰাজনীতিৰ খবৰ, প্ৰধানমন্ত্ৰী মোডী প্ৰিয় নে চিকিৎসকৰ…

তেওলোক খুবেই ব্যস্ত। চিৰিঞ্জ-মেডিছিনৰ সৈতে তেওলোকৰ সৰ্ম্পক বেছি সুদৃঢ়। আসন্ন লোকসভা নিৰ্বাচনক লৈ তেওলোক কিমান সৰ্তক? চৰকাৰখনৰ কাম-কাজত তেওলোক সন্তুষ্টনে? এইবোৰ বিষয়ৰ সন্দৰ্ভত ৰাজ্যৰ কেইজনমান চিকিৎসক পৰা আমি বিচাৰিছো মতামত। অসমীয়া প্ৰতিদিন ডিজিটেল সংস্কৰণৰ ডিম্পুল বৰগোহাঁইৰ এক বিশেষ প্ৰতিবেদন…

'You are cared…
You have listened…
You are a hero…
Thank you!..'

এয়া তেওলোকক লৈ এজন ৰোগীয়ে লিখা ফেচবুক পোষ্ট। কাৰোবাৰ  তেওলোক বাবে ভগৱান আৰু কিছু কিছুৰ বাবে প্ৰাণ কাঢ়ি নিয়া দানৱ! মানুহৰ জন্ম, মৃত্যুত কাৰোৰে হাত নাথাকে। একবিংশ শতিকাৰ বিজ্ঞান-প্ৰযুক্তি দ্ৰুত উন্নতিৰ যুগতো এতিয়ালৈকে এই দুটা ঘটনাত বৰ বেছি প্ৰভাৱ বিস্তাৰ কৰিব নাই বিজ্ঞানে। ইয়াৰ মাজতো দুই এটা ব্যতিক্ৰম ঘটনায়ো বিশ্বত নঘটা নহয়। জন্ম,মৃত্যুত আমাৰ হাত নাথাকে বুলি জানিও আমি তেওলোকক দোষাৰূপ কৰো, অভিযোগ কৰো তেওলোকৰ গাফিলতিৰ বাবেই এনে ঘটনা হ'বলৈ পালে। অৱশ্যে কৰ্তব্যৰ গাফিলতিৰ অভিযোগত তেওলোকো ১০০ শতাংশই দোষমুক্ত নহয়।

এইটো কথাও মানিব লাগিব যে, তেওলোকৰ একাংশই কৰা কিছু কামৰ বাবেই সকলোকে সাঙুৰি লোৱাটো যুক্তিসংগত নহয়। এজন ৰোগীৰ মুখত হাঁহি বিৰিঙাবলৈ তেওলোকে দিন-ৰাত এক কৰি কৰ্তব্য সম্পাদন কৰে। সকলো সময়তে তেওলোক ব্যস্ত। ৰোগী চোৱা, পৰীক্ষা কৰা, অস্ত্ৰোপ্ৰচাৰ কৰা, ইত্যাদি বিভিন্ন ধৰণৰ জটিল কামত। এনে ব্যস্ততাই এই বৃত্তিত জড়িত বহুলোকক সমাজৰ সমস্যাসমূহৰ পৰা নিলগত ৰাখে। সমাজৰ সকলো খবৰ পুংখানুপুংখ ভাৱে খবৰ লবলৈ তেওলোকৰ হাতত সময়ৰ অভাৱ। কিন্তু ইয়াৰ মাজতে তেওলোকে ৰাখে দেশৰ খবৰ, সমাজৰ খবৰ, ৰাজনীতিৰ খবৰ। ব্যস্ততাৰ মাজতো বহু এনে চিকিৎসককো আছে যি সমাজৰ সকলো কামতে অগ্ৰনী ভূমিকা পালন কৰে। কিন্তু ইয়াৰ সংখ্যা এপাছি শাকত এটা জালুক সদৃশহে।

২০১৭ বৰ্ষৰ এক সমীক্ষা অনুসৰি সমগ্ৰ ভাৰতবৰ্ষত মুঠ চৰকাৰী চিকিৎসকৰ সংখ্যা ১০,৪১,৩৯৫ গৰাকী। এই ১০ লাখৰ ভিতৰত অসমৰ চিকিৎসক সংখ্যা আছিল ২২,৫৩২ গৰাকী ইয়াৰ বিপৰীতে এই সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি সেই সময়ত অৰুণাচলত চিকিৎসৰ সংখ্যা আছিল মাত্ৰ ৮৪০ গৰাকী। সেয়া যি কি নহলেও অসমত থকা ২২ হাজাৰো অধিক চিকিৎসকে আসন্ন লোকসভা নিৰ্বাচনক লৈ কি ভাবে? জনপ্ৰতিনিধি সকলে বিগত বছৰবোৰত প্ৰকৃতাৰ্থত জনতাৰ সমস্যাবোৰ সমাধান কৰিব পাৰিলেনে? এনে কিছুমান প্ৰশ্নৰ উত্তৰ আমি ৰাজ্যৰ সকলো চিকিৎসকৰ পৰা লোৱাটো সম্ভৱ নহয় যদিও আমি কাষ চাপিছিলো অসমৰ লগতে বহি:ৰাজ্যত কৰ্মৰত কেইজনমান চিকিৎসকৰ…

  • ডা° ইলিয়াছ আলী-

২০১৯ৰ লোকসভা নিৰ্বাচন আৰু দেশৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতিৰ সন্দৰ্ভত মতামত বিচাৰি আমি প্ৰথমেই কাষ চাপছিলো ৰাজ্য তথা দেশৰ বিশিষ্ট চিকিৎসক ড° ইলিয়াছ আলীৰ ওচৰত। অসম তথা দেশৰ সাম্প্ৰতিক সময়ত ৰাজনৈতিক পৰিস্থিতিৰ সন্দৰ্ভত চিকিৎসক গৰাকীয়ে কলে- 'কেৱল অসমতে নহয় সমগ্ৰ দেশতে এতিয়া জাতি,বৰ্ণ, ধৰ্মৰ ওপৰত ভিত্তি ভাগ ভাগ কৰি ৰাজনীতি কৰা পৰিলক্ষিত হৈছে। পূৰ্বৰ নিৰ্বাচনবোৰতো এনে হৈছিল কিন্তু এইবাৰ অলপ বেছিকৈ হোৱা পৰিলক্ষিত হৈছে। আৰু এটা কথা মই লক্ষ্য কৰিছো বিভিন্ন প্ৰদেশৰ ৰাজনীতিবিদ বিলাকে এই বিভাজনৰ ৰাজনীতিত হাত উজান দিছে। এইবোৰে দেশৰ সংসদীয় ব্যৱস্থাৰ প্ৰতি মানুহৰ আস্থা হ্ৰাস কৰিছে। ভাৰতবৰ্ষৰ দৰে এখন ধৰ্ম নিৰপেক্ষ দেশত আমি এই বিভাজনৰ ৰাজনীৰি কামনা নকৰো। আমি বিচাৰো গণতন্ত্ৰ ৰখা কৰি জাতি ধৰ্ম,ভাষা নিবিৰ্শেষে সকলো ৰাজনৈতিক দলে প্ৰচাৰ কৰি এইবাৰ নিৰ্বাচনটো সুকলমে পাৰ কৰিব লাগে।'

  •  ডা° নিলাক্ষী চলিহা গগৈঃ

অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্কে অসমৰ আন এগৰাকী মহিলা চিকিৎসকৰ মতামত বিচাৰি যোগাযোগ কৰিছিল। ব্যস্ততাৰ মাজতো সময় উলিয়াই ২০১৯ৰ নিৰ্বাচনৰ পৰিৱেশ-পৰিস্থিতিৰ সন্দৰ্ভত তেও আমাক কলে- ' মই অসমৰ প্ৰেক্ষাপটতে কব বিচাৰিম যে, সৰুৰে পৰাই ৰাজ্যৰ বিধানসভাই হওক বা লোকসভা নিৰ্বাচনেই হওক আমি দেখি আহিছো যে কেনে পৰিৱেশৰ সৃষ্টি হয়। কিন্তু বৰ্তমানৰ লৈকে মোৰ জীৱনত পোৱা নিৰ্বাচন সমূহৰ ভিতৰত এইবাৰৰ নিৰ্বাচনটো অতি বিশৃংখল দেখিছো। পূৰ্বতে নিৰ্বাচন প্ৰক্ৰিয়াত যি গাভীৰ্যতা আছিল আজিকালি তেনেকুৱা গাম্ভীৰ্যতা দেখিবলৈ নাপাও। ছচিয়েল মিডিয়াত কিছুকথাৰ যোগাত্মক বিশ্লেষণ হৈছে যদিও,কিছুমান কথাৰ আলোচনা কৰিবলৈ গৈ বেছি বিভ্ৰান্তিৰ হে সৃষ্টি কৰিছে।

বিজেপি চৰকাৰ খনে কামতকৈ প্ৰচাৰৰ ক্ষেত্ৰতহে বেছি গুৰুত্ব দিয়াহে দেখিবলৈ পালো আনহাতে কিছুমান কামৰ জৰিয়তে চমক দিবলৈ চেষ্টা কৰিছে। তাৎক্ষণিকভাৱে কিবা এটা পাই সাধাৰণ মানুহবোৰ সন্তুষ্ট হ'ব পাৰে কিন্তু প্ৰকৃতাৰ্থত একো লাভ হোৱা নাই। আচল কথাটো ভোটাৰক প্ৰলোভিত কৰিবৰ বাবেই চৰকাৰে এনে কামবোৰ কৰিছে। কিন্তু তাৰ ভিতৰতে বাট-পথৰ লগতে এই চৰকাৰখনে অন্য কিছুমান কাম কৰা দেখিবলৈ পাইছো। গতিকে মই এই চৰকাৰখনক লৈ কিমান সন্তুষ্ট বুলি যদি সোধা হয় মই ১০ ভিতৰত এই চৰকাৰক দিম ৫ নম্বৰ।

  • ডা° মৃদুপৱন বৰাঃ

ৰাজ্যৰ আন এগৰাকী চিকিৎসক সৈতে ২০১৯ৰ নিৰ্বাচন আৰু বৰ্তমানৰ চৰকাৰৰ খনৰ কাম-কাজৰ সন্দৰ্ভত জানিবলৈ বিচাৰোতে ড° কলে-  যোৱাবাৰ বহু আশাৰে ভোট দিয়া হৈছিলে। গতিকে এইবাৰ মই একেবাৰে এক্সাইটেড নহয়। যোৱাবাৰ নতুনত্ব দেখিছিলো। কিন্তু পিছত দেখিলো সকলো একেই। মোৰ কথা হ'ব পলিটিচিয়ানখিনি ৰখাৰ বেলেগ একো নাই নেকি, ভোটটোৰ বাহিৰে বেলেগ।মই এনেকে ভাবু, অলপমান কন্ট্ৰল কৰিব লগা হৈছে নেকি পলিটিচিয়েনবোৰক।

চিধা-চিধি ক'বলৈ গ'লে আমি ইমান ৰাজনীতি নজনা মানুহ। ইমানদিনতো অসমৰ মানুহবোৰ ভালকৈয়ে আছিলে। কিন্তু বেলেগ বেলেগ জাতি-জনগোষ্ঠী এইবোৰৰ বিভাজন আমিয়েই কৰা নাই জানো। বিভাজন কৰি দিয়াৰ পাছত কিছুমান সৰু সৰু কমিউনিটীয়ে ভাবিবলৈ লৈছে যে বেলেগেই তেওঁলোক। অসমীয়া বুলি নাভাবে। যিটো কাৰণত বড়ো বা আনসকল আঁতৰি গ'ল। আগতে বড়ো, কাৰ্বি বা অৰুণাচলী মানুহবোৰ অসমীয়াৰ ভাল লেখক আছিল। কিন্তু এতিয়া তেওঁলোকে নিজকে অসমীয়া বুলি চিনাকি নিদিয়ে। তাৰ কাৰণ হ'ল এই বিভাজনটো আমিয়েই আৰম্ভ কৰিছিলো। কিন্তু এতিয়া এইবোৰ বেছি হৈ গৈছে। ইমান এইবোৰ কৰাৰ প্ৰয়োজন নাছিল। অসমৰ মানুহবোৰ অসমীয়া আছিল, ঠিকেই আছিল।

কিন্তু চৰকাৰখনে কিছুমান উন্নতি নকৰা নহয়। ইয়ালৈ চাই ১০ ৰ ভিতৰত ৫-৬ নম্বৰৰ দিব পাৰি। কাম নকৰাও নহয়।  কিছু মান কাম কৰিছে যিবোৰ একেবাৰেই কৰিব নালাগিছিল। কমেও অসমীয়া থলুৱা মানুহখিনিৰ মতামত ল'ব লাগিছিল। এই মানুহখিনিক একেবাৰে উপেক্ষিত কৰা দেখা গ'ল। উৎসৱবোৰ বেছি হৈছে। অসমক কেতিয়াও এইবোৰৰ কাৰণে জনা নাছিলে। আৰু ৰাস্তা দুই-এটা ভাল হৈছে, একেবাৰে নোহোৱাও নহয়। কিন্তু যিমান ধন ব্যয় কৰিছে সেই অনুপাতত বিশেষ একো হোৱা নাই।

  • ডা° ইন্দ্ৰজিত কুলধিপতিঃ

নিৰ্বাচন আৰু দেশৰ ৰাজনৈতিক পৰিস্থিতিৰ সন্দৰ্ভত আমি আন এজন চিকিৎসকৰ পৰাও বিচাৰিছিলো মতামত। তেওক সুধিছিলো-দেশৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিৱেশৰ ওপৰত খবৰ ৰাখেনে? এইবাৰ লোকসভা নিৰ্বাচন আপুনি কেনেকুৱা হোৱাটো বিচাৰে? আৰু কেনেকুৱা ধৰণৰ ফলাফল আশা কৰে?

তেও কলে- খবৰ ৰখা যায়। ফলাফলৰ কথা ক'ব নোৱাৰিম। কিন্তু মই ভাবো এটা মেজৰিটি মানুহে সিদ্ধান্ত লয় কোনটো মানুহক ভোট দিব। পাৰ্ফৰ্মেন্সটো নাচায়। আপুনি যদি এটা পাৰ্টীৰ সমৰ্থনত আছে তেন্তে প্ৰাৰ্থী জন যোনেই নহওঁক, সেইজনক ভোট দিব। গতিকে কাম ভাল কৰক বা বেয়া কৰক সেইজন মানুহক ভোট দিবই। কিন্তু ৰাজ্যৰ যদি বেছিভাগ মানুহে ভোট দিবলৈ আহে তেন্তে মই ভাবো কিবা এটা পজিটিভ হ'ব। ভাৰতত ইমানবোৰ সমস্যা আছে, সকলোবোৰ একেলগেতো সমাধান কৰিব নোৱাৰে। ইক'ন'মিক ডেভেলপমেন্টৰ ক্ষেত্ৰত ওপৰৰ পৰ্যায়ত অলপমান পাৰ্থক্য আছে।

এয়া ৰাজ্যৰ ভিন্ন প্ৰান্তত কৰ্মৰত কেইজনমান চিকিৎসকৰ সমাগত লোকসভা নিৰ্বাচন আৰু ৰাজনৈতিক প্ৰেক্ষাপটৰ ওপৰত ভিত্তি কৰি দিয়া মতামত। দৈনন্দিন কৰ্মব্যস্ততাৰ মাজতো তেওলোকে এই সকলো বিষয়ৰ প্ৰতি সৰ্তক দৃষ্টি ৰাখিছে।২০১৯ ৰ নিৰ্বাচনক লৈ নিজ কৰ্মজীৱনত ব্যস্ত এনে ভিন্ন ক্ষেত্ৰৰ লোক সকলৰ মতামত অসমীয়া প্ৰতিদিন ডিজিটেল সংস্কৰণে অনাগত সময়তো প্ৰকাশ কৰি যাব…

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in