কৰ্ণাটকত বিজেপিৰ বিৰুদ্ধে একেলেগে যুঁজ দিব কংগ্ৰেছ-জেডিএছে, সম্পন্ন হ’ল আসনৰ ভাগ-বতোৱাৰা

কৰ্ণাটকত বিজেপিৰ বিৰুদ্ধে একেলেগে যুঁজ দিব কংগ্ৰেছ-জেডিএছে, সম্পন্ন হ’ল আসনৰ ভাগ-বতোৱাৰা

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি তৎপৰ হৈ পৰিছে ৰাজনৈতিক দল সমূহ। কোনে কাৰ সৈতে ক'ৰ পৰা নিৰ্বাচনত অৱৰ্তীৰ্ণ হ'ব তাক লৈ ইতিমধ্যে আৰম্ভ হৈছে আলোচনা। কৰ্ণাটকত বিজেপিক প্ৰতিহত কৰিবলৈ বিধানসভা নিৰ্বাচনৰ দৰেই লোকসভা নিৰ্বাচনতো একেলগে থিয় দিছে কংগ্ৰেছ আৰু জেডিএছ। বুধবাৰে দুই দলৰ মাজত অনুষ্ঠিত এক বৈঠকৰ পিছতে নিশ্চিত হৈ পৰে দুয়োটা দলৰ মিত্ৰতা। বৈঠকৰ অন্তত কৰ্ণাটকৰ মুঠ ২৮ খন লোকসভা আসনৰ ২০ খনত কংগ্ৰেছে আৰু ৮ খনত জেডিএছে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সিদ্ধান্ত লয়। অৱশ্যে এতিয়াও এই আসনৰ ভাগ বতোৱাৰা সন্দৰ্ভত ৰাজহুৱা ঘোষণা কৰা নাই দুয়োটা দলে। জানিব পৰা মতে, অহা ১৫ মাৰ্চত কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীৰ সৈতে আলোচনাৰ পিছতে এই কথা ঘোষণা কৰা হ'ব।

উল্লেখ্য যে, বিগত দীৰ্ঘ সময় ধৰি লোকসভা নিৰ্বাচনত আসনৰ ভাগ বতোৱাৰক লৈ কংগ্ৰেছ আৰু জেডিএছৰ মাজত এক শীতল যুদ্ধৰ সৃষ্টি হৈছিল। লোকসভাত জেডিএছে ১০ টা সমষ্টি দাবী কৰাৰ বিপৰীতে কংগ্ৰেছে মাত্ৰ ৬ টা সমষ্টি প্ৰদান কৰিবলৈ ইচ্ছুকতা প্ৰকাশ কৰাক লৈয়ে দুয়োটা দলৰ মাজত সৃষ্টি হৈছিল মতানৈক্যৰ।

কিন্তু অৱশেষত বুধবাৰে হোৱা আলোচনাৰ পিছতে জেডিএছে ৮ খন আসনত প্ৰাৰ্থী প্ৰদান কৰাৰ বাবে মান্তি হয়। ইফালে, অতি শীঘ্ৰে দুয়োটা দলেই নিজৰ নিজৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিব বুলি জানিব পৰা গৈছে।

আনফালে কংগ্ৰেছ-জেডিএছৰ মিত্ৰতা সন্দৰ্ভত কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা বি এছ য়েদেয়াৰুপ্পাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে এই মিত্ৰতা বিজেপিৰ পৰাভূত কৰিব পৰাকৈ শক্তিশালী নহয়। ৰাজ্যখনৰ ২৮ টা সমষ্টিৰ ভিতৰত ২২ টাতেই বিজেপি প্ৰাৰ্থী জয়ী হ'ব বুলি দাবী কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in