১৮ এপ্ৰিলত কোকৰাঝাৰৰ নিৰ্বাচনী সভাত অংশ ল'ব জে পি নাড্ডাই

১৮ এপ্ৰিলত কোকৰাঝাৰৰ নিৰ্বাচনী সভাত অংশ ল'ব জে পি নাড্ডাই
১৮ এপ্ৰিলত কোকৰাঝাৰৰ নিৰ্বাচনী সভাত অংশ ল'ব জে পি নাড্ডাই

ডিজিটেল সংবাদ,কোকৰাঝাৰঃ কোকৰাঝাৰ লোকসভা সমষ্টি দখলৰ বাবে এনডিএ অধিক তৎপৰ হৈ পৰিছে।প্ৰতিদিনেই বিজেপি-ইউপিপিএল আৰু অগপ দলৰ মন্ত্ৰী -বিধায়কে কোকৰাঝাৰত ভিৰ কৰি নিৰ্বাচনকেন্দ্ৰিক কাম-কাজ পৰিচালিত কৰি আহিছে। এনে এক পৰিৱেশৰ মাজতেই সোমবাৰে কোকৰাঝাৰত উপস্থিত হয় মন্ত্ৰী ৰণজিৎ দাস । ১৮ এপ্ৰিলত কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত অনুষ্ঠিত হ'বলগীয়া বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ নিৰ্বাচনী সভাৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে।

ৰণজিৎ দাসে বিটিচি প্ৰধান প্ৰমোদ বড়ো,বিধায়ক লৰেঞ্চ ইছলাৰীৰ উপস্থিতিত বিজেপি -অগপ আৰু ইউপিপিএলৰ কৰ্মীসকলৰ স'তে এনডিএৰ নিৰ্বাচনী কাৰ্য্যালয়ত বৈঠকত মিলিত হয়। উল্লেখ্য যে,কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত ১৮ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া এনডিএৰ বিশাল নিৰ্বাচনী সভাত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব। তদুপৰি ইউপিপিএল দলৰ প্ৰাৰ্থী তথা বিজেপি-অগপ সমৰ্থিত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে মনোনয়ন পত্ৰ দাখিল কৰিব। অৱশ্যে ইউপিপিএল দলে নিৰ্বাচনী সভাৰ পিছত হে মনোনয়ন পত্ৰ দাখিল কৰিব বুলি জানিব পৰা গৈছে ।

ইপিনে সভাৰ অন্তত ইউপিপিএলৰ সভাপতি তথা বিটিচি প্ৰধান প্ৰমোদ বড়োৱে সংবাদ মাধ্যমৰ আগত কয় যে,বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে ডি নাড্ডাৰ নিৰ্বাচনী সভাত ক'মেও ৫০ ৰ পৰা ৭০ হাজাৰ লোকৰ সমাগম ঘটিব। কোকৰাঝাৰত ইউপিপিএলৰ বিকল্প নাই আৰু ইউপিপিএলৰ কোনো প্ৰতিদ্বন্দী নাই বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোডীৰ হাত শক্তিশালী কৰিবলৈ তথা স্থায়ী শান্তি,সৰ্বাংগীন উন্নতিৰ বাবে এনডিএৰ প্ৰাৰ্থীকে ৰাইজে ভোট দিব বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে। দমননীতি,অগণতান্ত্ৰিক পদ্ধতি,বেয়া পৰিবেশ যাতে পুণৰাই ঘূৰি নাহে তাৰ বাবে সতৰ্ক থাকিব লাগিব আৰু বিটিআৰৰ স্থায়ী শান্তি ধৰি ৰাখিব লাগিব বুলিও মন্তব্য কৰি প্ৰমোদ বড়োৱে কোকৰাঝাৰত ট্ৰেক্টৰৰ ছবিত ভোট দি প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক জয়ী কৰিবলৈ আহ্বান জনাই।

ইপিনে সভাৰ পূৰ্বে কোকৰাঝাৰৰ বডোফা নগৰৰ এনডিএৰ নিৰ্বাচনী কাৰ্য্যালয়ত মন্ত্ৰী ৰণজিৎ দাসে এক সংবাদমেল আয়োজন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰা বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰে দেশবাসী আনন্দিত কৰি তুলিছে বুলি মন্তব্য কৰে। তেওঁ কয় যে,নিৰ্বাচনী ইস্তাহাৰে বিকশিত ভাৰত আৰু বিকশিত অসমৰ বিষয়ে ধাৰণা স্পষ্ট কৰিছে।বিকশিত ভাৰতত ৫০ কোটি লোকক নতুনকৈ বেংকিং ব্যৱস্থাৰ স'তে সংযোগ কৰা হৈছে আৰু জনতাই বিনামূলীয়া ৰেচন,আয়ুস্মান কাৰ্ডৰে উপকৃত হৈছে ।

ৰাজ্যত ইতিমধ্যে ২০ লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ কৰা হৈছে আৰু অনাগত সময়ছোৱাত পুণৰাই ৭ লাখ লোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা অধীনত গৃহ লাভ কৰিব বুলি মন্তব্য কৰে। চাৰ্ভে নোহোৱা,জিঅ' টেগ নথকা লোককো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ নিৰ্মাণ কৰি দিয়া হ'ব বুলি জানিব দিয়ে মন্ত্ৰীগৰাকীয়ে। ক্ষমতাৰ বাবে নহয়,সেৱাৰ বাবেহে শাসনত অহা বুলি উল্লেখ কৰি ৰণজিৎ দাসে ভাৰত বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা পাব বুলি মন্তব্য কৰে।

১৮ এপ্ৰিলত কোকৰাঝাৰৰ নিৰ্বাচনী সভাত অংশ ল'ব জে পি নাড্ডাই
কামাখ্যা প্ৰসাদ তাচাৰ হৈ কাজিৰঙাত অতুল বৰাৰ নিৰ্বাচনী প্ৰচাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in