লকডাউনৰ সময়সীমা বৃদ্ধি!

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ বাবে কেন্দ্ৰীয় চৰকাৰে ১৪ এপ্ৰিললৈকে দিয়া লকডাউনৰ সময়সীমা বৃদ্ধি কৰিছে। এই খবৰ এতিয়া বিয়পি পৰিছে ছ'চিয়েল মিডিয়াত। হোৱাটছএপ, ফেচবুক আৰু মেছেঞ্জাৰত ইজনে সিজনক দিছে এই মেছেজ।

আচলতে এই খবৰ সঁচা নহয়। সন্মুখত ১ এপ্ৰিল। 'এপ্ৰিল ফুল' কৰা হয় সেই দিনটোত। সেয়ে কোনো এক উৎসৰ পৰা এই এপ্ৰিল ফুল আগতীয়াকৈ কৰা বাতৰি এতিয়া বিয়পি পৰিছে। কিন্তু আপোনালোকে এই জটিল মুহূৰ্তত এনে কিছু খবৰক লৈ সচেতন হ'ব।

কোৰোনা ভাইৰাছ সন্দৰ্ভত বহু উৰা বাতৰি বিয়পিছে। চৰকাৰেও সতৰ্ক কৰি দিছে যে এই খবৰবোৰ বিয়পাই সমাজত আতংকৰ সৃষ্টি নকৰিব। এনে খবৰে আজিৰ পৰিস্থিতিত বিৰূপ প্ৰভাৱ পেলাব । সেয়েহে এই ধৰণৰ খবৰৰ পৰা সদায় আঁতৰি থাকক।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণে কোৰোনা ভাইৰাছ সন্দৰ্ভত সঠিক খবৰ দিয়াৰ প্ৰয়াস কৰি আহিছে। প্ৰতি ঘণ্টাই কোৰোনা ভাইৰাছ সংক্ৰান্তীয় খবৰ আপডেট কৰি থকা হৈছে। কোৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ এতিয়া সচেতনতা আৰু দায়ৱদ্ধতাৰ প্ৰয়োজন।

সামাজিক দূৰত্ব বজাই ৰাখি চৰকাৰে দিয়া পৰামৰ্শ পালন কৰাতো প্ৰত্যেকজন নাগৰিকৰে কৰ্তব্য। চৰকাৰেও নাগৰিকসকলে লকডাউনৰ সময়ত যাতে ন্যূনতম সা-সুবিধাসমূহ লাভ কৰা তাৰ প্ৰতি চকু দিয়া উচিত।

একেদৰে চৰকাৰকো সহযোগ কৰাতো প্ৰতিজন দেশবাসীৰে কৰ্তব্য হৈ পৰিছে। নিজকে সুৰক্ষিত ৰাখি সমাজ তথা দেশক সুৰক্ষিত কৰাৰ এই পদক্ষেপক গুৰুত্ব সহকাৰে লৈ চৰকাৰী নীতি-নিয়ম নিজেও মানি চলক আৰু আনকো মানিবলৈ আহ্বান জনাওঁক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in