‘আন্তৰ্জাতিক যোগ দিৱস-২০২৩’ৰ তাৎপৰ্য, বিষয়বস্তুৰ বিষয়েও জানি লওঁক

‘আন্তৰ্জাতিক যোগ দিৱস-২০২৩’ৰ তাৎপৰ্য, বিষয়বস্তুৰ বিষয়েও জানি লওঁক

ডিজিটেল ডেস্ক: প্ৰতি বছৰৰ দৰে এইবেলিও আজি সমগ্ৰ বিশ্বজুৰি পালন কৰা হৈছে  আন্তৰ্জাতিক যোগ দিৱস।যোগৰ লাভালাভৰ বিষয়ে মানুহক সজাগ তথা অনুপ্ৰাণিত কৰাটোয়েই হৈছে এই দিৱস উদযাপনৰ উদ্দেশ্য। যোগৰ দ্বাৰা মনটো শান্ত হোৱাৰ লগতে ই আপোনাৰ শৰীৰটোকো বহু ৰোগৰ পৰা সুৰক্ষিত কৰি ৰাখিব পাৰে। কিন্তু কেতিয়া আৰু কেনেকৈ আন্তৰ্জাতিক যোগ দিৱস উদযাপন আৰম্ভ হৈছিল আপুনি জানেনে? 

যোগ দিৱসৰ আৰম্ভণি

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্যোগতে আন্তৰ্জাতিক যোগ দিৱসৰ উদযাপন আৰম্ভ হৈছিল। প্ৰধানমন্ত্ৰী মোডীয়ে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত যোগ দিৱস উদযাপনৰ প্ৰস্তাৱ আগবঢ়াইছিল আৰু ৰাষ্ট্ৰসংঘই ২০১৪ চনৰ ১১ ডিচেম্বৰত এই প্ৰস্তাৱ গ্ৰহণ কৰে। ২০১৫ চনত সমগ্ৰ বিশ্বতে প্ৰথমবাৰৰ বাবে বিশ্ব যোগ দিৱস উদযাপন কৰা হৈছিল।

২১ জুনত আন্তৰ্জাতিক যোগ দিৱস কিয় উদযাপন কৰা হয় ?

২১ জুন হৈছে উত্তৰ গোলাৰ্ধৰ আটাইতকৈ দীঘল দিন, যাক মানুহে গ্ৰীষ্ম সংক্ৰান্তি বুলিও কয়। ভাৰতীয় পৰম্পৰা অনুসৰি, গ্ৰীষ্ম সংক্ৰান্তিৰ পিছতেই সূৰ্য দক্ষিণায়ন হয়।বিশ্বাস মতে, এই দিনটোত সূৰ্যৰ পোহৰ সৰ্বাধিক।আনহাতে, সূৰ্য দক্ষিণায়নৰ সময়খিনি আধ্যাত্মিক সফলতা প্ৰাপ্তিৰ বাবেও অতি উত্তম সময়। এই বাবেই ২১ জুনত আন্তৰ্জাতিক যোগ দিৱস উদযাপন কৰা হয়।

আন্তৰ্জাতিক যোগ দিৱসৰ তাৎপৰ্য

স্বাস্থ্য ৰক্ষাত যোগ আৰু প্ৰাণায়ামৰ গুৰুত্ব বুজিবলৈকে আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়। এই দিনটোয়ে সকলোকে যোগৰ বিষয়ে সজাগ কৰা হয়।যোগে কেনেদৰে চাপ আঁতৰ কৰি শৰীৰটোক সক্ৰিয় কৰি ৰাখে তাৰ গুৰুত্বও উপলব্ধি কৰাই যোগ দিৱসে। নিয়মীয়াকৈ যোগাভ্যাস কৰি আপুনি দীৰ্ঘম্যাদী ৰোগ যেনে মেদবহুলতা, মধুমেহ, ৰক্তচাপ আদি নিয়ন্ত্ৰণ কৰিব পাৰি।তদুপৰি, যোগাভ্যাস কৰি ঔষধ অবিহনেই বহুতো ৰোগ দূৰ কৰিব পাৰি।

আন্তৰ্জাতিক যোগ দিৱস -২০২৩ ৰ বিষয়বস্তু

এইবাৰ নৱম আন্তৰ্জাতিক যোগ দিৱস মানৱতাৰ বিষয়বস্তুৰে উদযাপন কৰা হৈছে। এই বিষয়টো আয়ুষ মন্ত্ৰালয়ে বাছনি কৰিছে।উল্লেখ্য, বিগত বৰ্ষত যোগ দিৱসৰ বিষয়বস্তু আছিল হৃদয়ৰ বাবে যোগ, শান্তিৰ বাবে যোগ।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in