বন্ধুৰ সৈতে কথা পাতি থাকোতেই ঘটিল অঘটন

মানুহ কিমান অসাৱধান হ'লে ঔষধ বুলি এয়াৰপড খাব পাৰে ? এগৰাকী অসাৱধান মহিলাৰ কাণ্ডত এতিয়া হতবাক হৈছে সমগ্ৰ বিশ্ব।উটাহৰ এগৰাকী মহিলাই শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এই ভয়াৱহ ঘটনা শ্বেয়াৰ কৰিছে।হয়, তেওঁ ভিটামিনৰ ঔষধ বুলি ভুলতে খালে স্বামীৰ এয়াৰপড।

author-image
Asomiya Pratidin
New Update
বন্ধুৰ সৈতে কথা পাতি থাকোতেই ঘটিল অঘটন

ডিজিটেল ডেস্ক: মানুহ কিমান অসাৱধান হ'লে ঔষধ বুলি এয়াৰপড খাব পাৰে ? এগৰাকী অসাৱধান মহিলাৰ কাণ্ডত এতিয়া হতবাক হৈছে সমগ্ৰ বিশ্ব।উটাহৰ এগৰাকী মহিলাই শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এই ভয়াৱহ ঘটনা 'শ্বেয়াৰ' কৰিছে।হয়, তেওঁ ভিটামিনৰ ঔষধ বুলি ভুলতে খালে স্বামীৰ এয়াৰপড।

Advertisment

প্ৰকৃততে, ৫২ বছৰীয়া টান্না বাৰ্কাৰ নামৰ মহিলাগৰাকীয়ে তেওঁৰ এগৰাকী বন্ধুৰ সৈতে বাৰ্তালাপ কৰি থাকোতেই ঔষধ বুলি পানীৰ সৈতে গিলি দিয়ে এটা এপল এয়াৰপড।এই ঘটনাৰ ভিডিঅ'টো মহিলাগৰাকীয়ে টিক টকত প’ষ্ট কৰাৰ পাছতে ভাইৰেল হৈ পৰিছে। বাৰ্কাৰে ভিডিঅ'টোত কয় যে, ‘মই এই মুহূৰ্তত অতি অসুৰক্ষিত হৈ আছো।আজি ৰাতিপুৱা মোৰ লগত এক অভাৱনীয় ঘটনা ঘটিল। যিটোৰ সৈতে মই এতিয়াও মোকাবিলা কৰি আছো। মই এতিয়া ঔষধৰ লগতে যথেষ্ট পৰিমাণে পানী খাই আছো।’

ঘটনাটোৰ সন্দৰ্ভত বাৰ্কাৰে লগতে কয় যে, ‘এই ঘটনাৰ পিছত মই বহুকেইজন চিকিৎসকৰ ওচৰলৈ গৈছিলো আৰু তেওঁলোক সকলোৱে এয়াৰপডটো স্বাভাৱিকভাৱেই শৌচৰ জৰিয়তে বাহিৰ হৈ যাব বুলি কৈছিল।সেয়েহে, মই আন একো নকৰি চিকিৎসকৰ পৰামৰ্শ অনুসৰণ কৰিছিলো।এয়া লজ্জ্বাজনক ঘটনা ঠিকে, কিন্তু পৰৱৰ্তী সময়ত যাতে আন কাৰোৱাৰ লগত এনে ঘটনা নঘটে, সেই বিষয়ে সজাগ কৰিবলৈহে মই এই বিষয়ে ৰাজহুৱা কৰিছো।’অৱশ্যে, এয়াৰপডটো তেওঁৰ শৰীৰৰ পৰা বাহিৰ ওলাল নে নাই, পৰৱৰ্তী সময়তো সেই বিষয়ে স্পষ্ট নকৰিলে টান্না বাৰ্কাৰে।

Also Read: অধ্যয়নত পোহৰলৈ আহিছে সকলোকে আচৰিত কৰা এই তথ্য