/asomiyapratidin/media/media_files/2025/11/24/mmmmm-2025-11-24-15-04-29.jpg)
ডিজিটেল ডেস্ক: পৰিয়ালৰ কোনো সদস্যৰ মৃত্যুৰ পিছত সম্পত্তি বিভাজনক লৈ প্ৰায়ে সমস্যাৰ সৃষ্টি হয়। বিশেষকৈ, শাহুৱেকৰ গহনাৰ ক্ষেত্ৰত। শাহুৱেকৰ গহনাত প্ৰকৃততে কাৰ অধিকাৰ থাকে, বোৱাৰী নে জীয়ৰীৰ ? এই প্ৰশ্নৰ উত্তৰ আৱেগৰ দ্বাৰা নহয়, আইন আৰু ইচ্ছাৰ দ্বাৰা নিৰ্ধাৰিত হয়।
এই ক্ষেত্ৰত উইল বা ইচ্ছাপত্ৰ হৈছে আটাইতকৈ শক্তিশালী আইনী নথি। শাহুৱেকে যদি মৃত্যুৰ আগতে উইল কৰে, তেন্তে, সেই গহনাবোৰ উইলত নাম উল্লেখ কৰা ব্যক্তিজনৰ হাতলৈ যাব, সেয়া তেওঁৰ কন্যাই হওক, বোৱাৰীয়েকেই হওক, নাতিনীয়েকেই হওক বা আন কোনো আত্মীয়ই হওক। জালিয়াতিৰ সুনিৰ্দিষ্ট প্ৰমাণ থাকিলেহে ইয়াক প্ৰত্যাহ্বান জনাব পাৰি। অৰ্থাৎ শাহুৱেকে যদি গহনাবোৰ বোৱাৰীক দিয়াৰ সিদ্ধান্ত লৈছে, তেন্তে জীয়ৰীয়ে বাধা দিব নোৱাৰে।
শাহুৱেকে উইল নকৰিলে আইনে বিভাজনৰ সিদ্ধান্ত ল’ব পাৰে। যদি উইল নাথাকে, তেন্তে গহনাবোৰ তেওঁৰ আইনী উত্তৰাধিকাৰীৰ মাজত ভাগ কৰা হয়। ভাৰতীয় আইন অনুসৰি এগৰাকী মহিলাৰ সম্পত্তি তেওঁৰ প্ৰথম শ্ৰেণীৰ উত্তৰাধিকাৰীসকলৰ মাজত সমানে ভাগ কৰা হয়।
প্ৰকৃততে উত্তৰাধিকাৰী কোন ?
স্বামী, পুত্ৰ, কন্যা, মাতৃ সকলোৱে সমান অংশ লাভ কৰে। মন কৰিব যে বোৱাৰী আইনী উত্তৰাধিকাৰী নহয়। এগৰাকী বোৱাৰীয়ে গহনাবোৰ পোনপটীয়াকৈ উত্তৰাধিকাৰী সূত্ৰে নাপায়। স্বামীয়ে (অৰ্থাৎ শাহুৱেকৰ পুতেকে) নিজৰ অংশ দিলে বা গহনাবোৰ তেওঁক উইল কৰি দিলেহে তেওঁ সেই গহনাৰ অধিকাৰী হয়।
সম্পূৰ্ণ অধিকাৰ আছে বিবাহিত কন্যাৰ
আইনত পুত্ৰ আৰু কন্যাৰ কোনো পাৰ্থক্য নাই। গতিকে বিবাহিত কন্যাই পুত্ৰৰ সমান ভাগ লাভ কৰে। ইফালে, শাহুৱেকৰ স্বামী বা মাতৃ যদি জীয়াই নাথাকে, তেন্তে উত্তৰাধিকাৰীৰ সংখ্যা কমি যায় আৰু গহনাবোৰ পুত্ৰ-কন্যাৰ মাজত সমানে ভাগ হয়। অধিকাৰ আইনৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে, সম্পৰ্কৰ ওপৰত নহয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us