এই ৰঙৰ মমবাতি ঘৰলৈ আনি মুকলি কৰক সফলতাৰ পথ

বাস্তু শাস্ত্ৰত দিশ সম্পৰ্কীয় বহুতো নিয়ম আছে।ঘৰত মম বাতি জ্বলোৱা বা ৰখাৰ ক্ষেত্ৰতো এই শাস্ত্ৰত কিছুমান নিয়মৰ বিষয়ে উল্লেখ কৰা হৈছে।ঘৰত মমবাতি জ্বলালে নেতিবাচক শক্তিবোৰ আঁতৰ হয়।

author-image
Asomiya Pratidin
New Update
এই ৰঙৰ মমবাতি ঘৰলৈ আনি মুকলি কৰক সফলতাৰ পথ

ডিজিটেল ডেস্ক: বাস্তু শাস্ত্ৰত দিশ সম্পৰ্কীয় বহুতো নিয়ম আছে।ঘৰত মম বাতি জ্বলোৱা বা ৰখাৰ ক্ষেত্ৰতো এই শাস্ত্ৰত কিছুমান নিয়মৰ বিষয়ে উল্লেখ কৰা হৈছে।ঘৰত মমবাতি জ্বলালে নেতিবাচক শক্তিবোৰ আঁতৰ হয়। আজিকালি বজাৰত ভিন্ন ৰঙী মমবাতি অতি সহজলভ্য।ঘৰৰ কোণবোৰত কি ৰঙী তথা ঘৰৰ কোন দিশত মমবাতি জ্বলাব লাগে, আজি সেই বিষয়ে জানো আহক-

Advertisment

পূব দিশ 

পূব দিশত সেউজীয়া মমবাতি জ্বলোৱাটো অতি শুভ বুলি গণ্য কৰা হয়। বিশ্বাস অনুসৰি, ই জীৱনলৈ নতুন গতি আনে আৰু জীৱনটো সহজ কৰি তোলে।

দক্ষিণ দিশ 

মমবাতি বাস্তুৰ দিশ অৰ্থাৎ অগ্নি দিশত জ্বলোৱাটো অতি শুভ। দক্ষিণ দিশত মমবাতি জ্বলালে ঘৰখনত নেতিবাচক শক্তিবোৰ নাইকিয়া হয় আৰু ইতিবাচক শক্তিৰ আগমণ হয়।

উত্তৰ দিশ 

এই দিশত ক'লা মমবাতি ৰখাটো ভাল বুলি গণ্য কৰা হয়। এই মমবাতিয়ে আপোনাৰ জীৱনৰ সুৰক্ষা সূচায়।তদুপৰি, ঘৰৰ পৰা নেতিবাচকতা আঁতৰাবলৈ আপুনি  ক'লা ৰঙৰ মমবাতি আপোনাৰ ঘৰত ৰাখিব পাৰে।

পশ্চিম দিশ 

ঘৰৰ পশ্চিম দিশত বগা ৰঙৰ মমবাতি ৰখাটো ভাল বুলি বিশ্বাস কৰা হয়। এই মমবাতিয়ে শান্তি আৰু সম্প্ৰীতি সূচায়।

হালধীয়া মমবাতি 

ঘৰত হালধীয়া মমবাতি ৰখাটোৱে আপোনাৰ সফলতাৰ সম্ভাৱনা বৃদ্ধি কৰে।ঘৰৰ সকলো সদস্যৰ সফলতাৰ পথ মুকলি কৰাত সহায় কৰে এই মমবাতিয়ে।মা লক্ষ্মী আগমনৰ বাবেও আপুনি হালধীয়া মমবাতি ঘৰৰ মূল দুৱাৰত ৰাখিব পাৰে।   

Also Read: Vastu Tips: জীৱনলৈ আহিব সুখ-সমৃদ্ধি, আজিয়েই ঘৰত ৰোপন কৰা এই ফুল