/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/0f7e2905-6f82-4c1f-9862-23d45b5c7e47/3_July_2.jpg)
ঝাড়ু মৰাৰো নিয়ম আছে, এইসমূহ জানি লৈ পৰিয়ালটোক বিপদৰ পৰা ৰক্ষা কৰক
ডিজিটেল ডেস্ক: ঘৰখন চাফ-চিকুনকৈ ৰখাৰ ক্ষেত্ৰত ঝাড়ুৰে বিশেষ ভূমিকা গ্ৰহণ কৰে।যাৰ বাবে প্ৰতিখন ঘৰতে ঝাড়ুৰ বিশেষ গুৰুত্ব আছে।ঘৰ এখনত ঝাড়ু সম্পৰ্কীয় কেতবোৰ নিয়মো আছে, যিবোৰ নিয়ম সঠিকভাৱে মানি নচলিলে ঘৰত লক্ষ্মীয়ে বসতি লাভ নকৰে। ফলত এখন ঘৰত ক্ৰমান্বয়ে দৰিদ্ৰ হৈ পৰে। ঝাড়ু দিয়াৰ সময়, ইয়াক ৰখাৰ স্থানকে ধৰি ঝাড়ু সম্পৰ্কীয় নিয়মবোৰৰ বিষয়ে আজি জানো আহক-
এই সময়ত ঝাড়ু নলগাব
বাস্তু শাস্ত্ৰৰ নিয়ম অনুসৰি, যদি কোনো ব্যক্তি ঘৰৰ বাহিৰলৈ গৈ আছে, তেন্তে তেওঁ সেই সময়ত ঝাড়ু মাৰিব নালাগে। এনে কৰাটো শিষ্টাচাৰৰ বিৰোধ তথা বাস্তু নিয়ম মতে ভুল বুলি গণ্য কৰা হয়।বিশ্বাস মতে, এনে কৰিলে মা লক্ষ্মীক অপমান কৰা হয়। একে সময়তে, ঘৰৰ পৰা ওলাই যাবলৈ ধৰা ব্যক্তিজনৰ মনোভাৱৰ অৱনতি হয়।
খাদ্য খোৱাৰ সময়ত এনে নকৰিব
বাস্তুৰ নিয়ম অনুসৰি, কোনোবাই ৰান্ধি বা খাই থাকিলে ঝাড়ু মাৰিব নালাগে। এনে কৰাৰ দ্বাৰা ধূলিকণাবোৰ খাদ্যত পৰিব পাৰে। এনে আচৰণক শিষ্টাচাৰৰ বিৰোধী আৰু মা অন্নপূৰ্ণাৰ প্ৰতি অপমান বুলি গণ্য কৰা হয়।
গা ধুই অহা ব্যক্তিৰ সন্মুখত ঝাড়ু নিদিব
যদি এজন ব্যক্তি গা ধোৱাৰ পিছত বাহিৰলৈ ওলাই, তেনেহ'লে সেই সময়তো ঝাড়ু কেতিয়াও দিব নালাগে।ইয়াৰ ফলত সেই বিশেষ ব্যক্তি তথা পৰিয়ালটোলৈ সংকট নামি আহিব পাৰে।
এই ঠাইত আৱৰ্জনা নথ’ব
বাস্তু শাস্ত্ৰৰ মতে, ঝাড়ু দিয়াৰ পিছত ওলোৱা আৱৰ্জনা কেতিয়াও ঘৰৰ দুৱাৰৰ ওচৰত ৰাখিব নালাগে।তদুপৰি দুৱাৰৰ ওচৰত কেতিয়াও ডাষ্টবিন ৰাখিব নালাগে।বিশ্বাস মতে, লক্ষ্মী আৰু দেৱ-দেৱীসকলে মূল দুৱাৰৰে ঘৰলৈ প্ৰৱেশ কৰে। এনে পৰিস্থিতিত, যদি আমি মূল দুৱাৰত আৱৰ্জনা জমা কৰো, তেন্তে দেৱ-দেৱীসকল অসন্তুষ্ট হয়।ইয়াৰ ফলত পৰিয়ালটোৰ আৰ্থিক সংকটো সৃষ্টি হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us