খোৱাই নহয়, ছালৰ উজ্জ্বলতাৰ বাবেও ব্যৱহাৰ কৰক কল
ডিজিটেল ডেস্ক: মহিলাসকল অত্যন্ত সৌন্দৰ্য সচেতন।মুখৰ উজ্জ্বলতা বজাই ৰাখিবলৈ বহু প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰি ছালৰ বিভিন্ন প্ৰকাৰে যত্ন লয়। কিন্তু ইয়াৰ পাছতো ছাললৈ উজ্জ্বলতা নাহে।প্ৰকৃততে বজাৰত উপলব্ধ প্ৰসাধন সামগ্ৰীবোৰ ৰাসায়নিক পদাৰ্থৰে ভৰপুৰ। এইবোৰ ব্যৱহাৰৰ ফলত ছালৰ ক্ষতিহে হয়। পিছে, আপুনি কিছুমান ঘৰুৱা প্ৰতিকাৰৰ জৰিয়তে ছালৰ উজ্জ্বলতা বজাই ৰাখিব পাৰে। ছালত কল ব্যৱহাৰ কৰি আপুনি ছাললৈ উজ্জ্বলতা আনিব পাৰে।কলত থকা ময়েশ্চাৰাইজিং গুণাগুণবোৰে ছালখন ময়েশ্চাৰাইজ কৰাত সহায় কৰে। তদুপৰি, কলক ভিটামিন-এ আৰু চি-ৰ এক অতি ভাল উৎস বুলি গণ্য কৰা হয়। সেয়েহে ই ছালৰ দাগ আৰু ব্রণ আঁতৰ কৰাতো সহায়ক হয়।সকলো প্ৰকাৰৰ ছালৰ বাবেই কল অতি উপকাৰী।আপুনি মুখত কেনেদৰে কল ব্যৱহাৰ কৰিব পাৰে, আজি সেই বিষয়ে জানো আহক-
বেচনৰ সৈতে
আপুনি কলক বেচনৰ সৈতে তৈয়াৰ কৰা কলৰ ‘ফেচ পেক’ মুখত প্ৰয়োগ কৰিব পাৰে। ই মুখত হোৱা সৰু সৰু দাগ তথা বহুদিনীয়া ডাঠ দাগো আঁতৰ কৰিব।
এই ‘ফেচ পেক’ তৈয়াৰ কৰিবলৈ দৰকাৰী সামগ্ৰীসমূহ
কল-সৰু এটা
পিছি লোৱা অমিতা - ৩ চামুচ
বেচন - ২ চামুচ
নেমুৰ ৰস - ২ চামুচ
কেনেদৰে ব্যৱহাৰ কৰিব?
. প্ৰথমে এটা বাটিত ভালদৰে কল এটা ভাঙি ল’ব।
. তাৰ পিছত ইয়াত বেচন আৰু নেমুৰ ৰস দি ভালদৰে মিহলি কৰিব।
. সকলো বোৰ উপাদান ভালদৰে মিহলি কৰি প্ৰস্তুত কৰা পেষ্টটো মুখত প্ৰয়োগ কৰিব।
. ১০-১৫ মিনিটৰ পিছত মুখখন পানীৰে ধুব।
গাখীৰৰ সৈতে
গাখীৰৰ সৈতে মুখত কল প্ৰয়োগ কৰিলে ছাল উজ্জ্বল আৰু ধুনীয়া হয়।
এই ‘ফেচ পেক’ তৈয়াৰ কৰিবলৈ দৰকাৰী সামগ্ৰীসমূহ
কেঁচা গাখীৰ - ২ চামুচ
ভাঙি লোৱা কল - ৩ চামুচ
কেনেদৰে ব্যৱহাৰ কৰিব?
. প্ৰথমে এটা বাটিত কল লৈ ইয়াত কেঁচা গাখীৰ মিহলি কৰি এটা মিশ্ৰণ তৈয়াৰ কৰক।
. এই পেষ্টটো ১৫-২০ মিনিটৰ বাবে মুখত প্ৰয়োগ কৰক।
. নিৰ্ধাৰিত সময়ৰ পিছত মুখখন পানীৰে ধুব দিব।
আভাকাড’ৰ সৈতে
‘ফেচিয়েল টেনিং’ আঁতৰাবলৈ আপুনি কলক আভাকাড’ৰ সৈতে মিহলি কৰি মুখত প্ৰয়োগ কৰিব পাৰে।ই ছালৰ ‘টেনিং’ দূৰ কৰাৰ লগতে আৰু ছালখনক পৰ্যাপ্ত পুষ্টি যোগান ধৰে।ইয়াৰ নিয়মীয়া ব্যৱহাৰে ছালখন উজ্জ্বল কৰি তুলিব।
এই ‘ফেচ পেক’ তৈয়াৰ কৰিবলৈ দৰকাৰী সামগ্ৰীসমূহ
ভাঙি লোৱা কল - ২ চামুচ
ভাঙি লোৱা আভাকাড’ - ২ চামুচ
ভিটামিন-ই তেল - ১ চামুচ
কেনেদৰে ব্যৱহাৰ কৰিব ?
. প্ৰথমে এটা বাটিত কল আৰু আভাকাড’খিনি মিহলি কৰিব।
. দুয়োটা উপাদান ভালদৰে মিহলি কৰাৰ পাছত তাত ভিটামিন-ই তেল যোগ দিব।
. ইয়াৰ পিছত প্ৰস্তুত কৰা পেষ্টটো মুখত প্ৰয়োগ কৰি ৫-১০ মিনিটৰ পিছত মুখখন সাধাৰণ পানীৰে ধুব দিব।
দৈৰ সৈতে
আপুনি মুখত কল দৈৰ সৈতে মিহলি কৰিও প্ৰয়োগ কৰিব পাৰে। ই ছাল কোঁচ খোৱা, সূক্ষ্ম ৰেখাৰ দৰে সমস্যাৰ পৰা পৰিত্ৰাণ দিয়ে। কল আৰু দৈয়ে আপোনাৰ ছালক মুক্ত ৰেডিকেলৰ পৰা সুৰক্ষিত কৰাৰ লগতে বয়স বৃদ্ধিৰ লক্ষণবোৰো হ্ৰাস কৰিব।
এই ‘ফেচ পেক’ তৈয়াৰ কৰিবলৈ দৰকাৰী সামগ্ৰীসমূহ
ভাঙি লোৱা কল- ২চামুচ
দৈ - ২ চামুচ
কেনেদৰে ব্যৱহাৰ কৰিব ?
. প্ৰথমে ভাঙি লোৱা কল আৰু দৈখিনি ভালদৰে মিহলি কৰি লওঁক।
. এই পেষ্টটো ১০-১৫ মিনিটৰ বাবে মুখত প্ৰয়োগ কৰক।
. নিৰ্ধাৰিত সময়ৰ পিছত মুখখন সাধাৰণ পানীৰে ধুব পেলাব।