যোৱা কেইদিন গ'ল ! আৰু দুদিন গৰমে দহিব দেহা

এই দিনকেইটাত এক বিশেষ দানে জীৱনলৈ সকলো সুখ-সফলতা কঢ়িয়াই আনে বুলি বিশ্বাস কৰা হয়।আজি সেই বিষয়ে জানো আহক-

author-image
Asomiya Pratidin
New Update
যোৱা কেইদিন গ'ল ! আৰু দুদিন গৰমে দহিব দেহা

ডিজিটেল ডেস্ক: এতিয়া জেঠ মাহ। কেলেণ্ডাৰৰ মতে এই মাহ শেষ হ’ব ৪ জুনত। উপবাস আৰু দানৰ বাবে জেঠ মাহটো অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। জেঠত সূৰ্য অতি শক্তিশালী হৈ থাকে। সেয়েহে এই সময়ছোৱাত সূৰ্যৰ তাপ যথেষ্ট বেছি হৈ থাকে। এইবাৰ ‘নৌটাপা’ অৰ্থাৎ বছৰৰ আটাইতকৈ গৰমৰ ৯টা দিন ২৫ মে'ৰ পৰা আৰম্ভ হৈছে।এই দিনকেইটাত এক বিশেষ দানে জীৱনলৈ সকলো সুখ-সফলতা কঢ়িয়াই আনে বুলি বিশ্বাস কৰা হয়।আজি সেই বিষয়ে জানো আহক-

শাস্ত্ৰত এই মাহটোত জল সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। এই মাহত তীব্ৰ গৰমৰ হেতু পানীৰ বেছিভাগ উৎস নদী, পুখুৰী, কুঁৱা আদি শুকাই যায়। সেইবাবে যিজনে জেঠ মাহত পানী দান কৰে বা পানী অপচয় নকৰে, তেওঁ মা লক্ষ্মী আৰু বিষ্ণুৰ আশীৰ্বাদ লাভ কৰে বুলি বিশ্বাস কৰা হয়। এনে ব্যক্তিৰ সম্পদ আৰু খাদ্যৰ ভাণ্ডাৰ কেতিয়াও খালী নহয়।

জেঠ মাহত কি দান কৰিব ?

জেঠ মাহৰ শুক্ল পক্ষৰ ১৫ দিন পশু আৰু চৰাইৰ বাবে পানী খোৱাৰ ব্যৱস্থা কৰিব।জীৱনৰ প্ৰতিটো বাধা আঁতৰ কৰে আৰু কামৰ ক্ষেত্ৰত সফলতা আনে।

পানী দান

পথচাৰীসকলক পানী যোগান ধৰাই হৈছে পানী দান কৰাৰ সৰ্বশ্ৰেষ্ঠ উপায়।শাস্ত্ৰৰ মতে, যিজনে জেঠ মাহত মানুহৰ বাবে পানী যোগান ধৰাত বৰ্তী থাকে, তেওঁ কেতিয়াও দৰিদ্ৰতাৰ সন্মুখীন হ'ব নালাগে। মা লক্ষ্মী সদায় তেওঁৰ প্ৰতি দয়ালু হয়। ইয়াৰ দ্বাৰা পিতৃ দোষৰ পৰাও মুক্ত হ’ব পাৰি।

এই দিনকেইটাত গছ-গছনিবোৰতো পানী দিব লাগে। গছ- উদ্ভিদৰ শুশ্ৰষা কৰিলে কৰাজনৰ  সৌভাগ্য বৃদ্ধি হ'ব। তেওঁৰ সকলো কাম বাধা অবিহনে সম্পূৰ্ণ হয়। ইয়াৰ দ্বাৰা আপুনি গ্ৰহৰ বাধাৰ পৰা পৰিত্ৰাণ পাব পাৰে।এই দিনকেইটাত বিশেষকৈ আঁহত আৰু তুলসীত পানী আগবঢ়ালে আপুনি দুগুণ সুফল লাভ কৰিব পাৰে।

Also Read: শনিৰ প্ৰভাৱৰ পৰা বাচি থাকিবলৈ শনিবাৰে এই কামকেইটা কেতিয়াও নকৰিব