/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/2eff5e68-8e2c-4054-932d-987a7460fa59/AP_FOR_WEB_dish_wash_.jpg)
ডিজিটেল ডেস্ক: শীতকালত অধিকাংশ লোকেই ঘৰুৱা কাম-কাজবোৰ কৰাত অসুবিধা পায়। বিশেষকৈ, পানীৰ সৈতে সম্পৰ্কিত কামবোৰ কৰাত সকলোয়েই এলাহ কৰে।কিন্তু বাচন ধোৱাটো এনে এটা কাম, যিটো প্ৰতিগৰাকী মহিলাই বাধ্যবাধকতাৰ অধীনত কৰিব লাগিব। অৱশ্যে, শীতকালত দুটামান সহজ কৌশল ব্যৱহাৰ কৰি আপুনি সহজতে বাচন ধুই পাকঘৰ একেবাৰে পৰিস্কাৰ কৰি ৰাখিব পাৰে। আজি এই কৌশলৰ বিষয়ে জানো আহক-
হাতমোজা
শীতকালত বাচন ধুবলৈ হাতমোজা ব্যৱহাৰ কৰাটো এটা ভাল বিকল্প। এই কৌশলে আপোনাক কম ঠাণ্ডা অনুভৱ কৰোৱাৰ লগতে আপোনাৰ হাত দুটাও ভাল কৰি ৰখাত সহায় কৰিব। সেয়েহে, বাচন ধোৱাৰ আগতে আপোনাৰ হাতত হাতমোজা পিন্ধিব।আপুনি একেলগে বহুত বাচনৰ সলনি কম কমকৈ ঘনাই ধুব।
গৰম পানী
শীতকালত বাচন ধুবলৈ সদায় আপুনি গৰম পানী ব্যৱহাৰ কৰিব। বাচন ধোৱাৰ আগতে সকলো বাচন গৰম পানীত তিয়াই থব।এনেদৰে থোৱাৰ কিছু সময়ৰ পিছত বাচন ধুলে বাচনখিনি পৰিস্কাৰ হ’ব।
নিমখ
খাদ্য বনাওঁতে পুৰি যোৱা বাচন-বৰ্তনবোৰ পৰিস্কাৰ কৰাটো বৰ কঠিন।এনে পুৰি যোৱা বাচনবোৰ নিমখৰ সহায়ত সহজে চাফা কৰিব পাৰে। ইয়াৰ বাবে আপুনি স্ক্ৰাব পেডত নিমখ আৰু ডিছ ৱাছ লৈ বাচনখিনি ঘঁহিব।
এইকেইটা উপায়ও আপুনি অৱলম্বন কৰিব পাৰে-
লেতেৰা বাচন পৰিস্কাৰ কৰিবলৈ আপুনি বেচিনৰ ড্ৰেইনটো বন্ধ কৰি পানী ভৰাই ল’ব।এই পানীত ২ চাহ চামুচ বেকিং ছ’ডা, ২ চাহ চামুচ ভিনেগাৰ, নেমুৰ ৰস আৰু ১ কাপ হাইড্ৰজেন পেৰোক্সাইড মিহলি কৰিব। ১৫ মিনিটৰ পিছত পৰিস্কাৰ পানীৰে ধুলে বাচনবোৰ নতুনৰ দৰে জিলিকি উঠিব।
Also Read: শালমন দূৰ কৰাৰ ঘৰুৱা উপায়বোৰ জানেনে ?
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us