/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/a20b4f77-0e6f-4225-ac26-bcd7d61398d5/child_food.jpg)
ডিজিটেল ডেস্ক: এতিয়া বাৰিষাৰ বতৰ, প্ৰায় সকলো সময়তে বৰষুণ দি থাকে।সুস্বাস্থ্যৰ বাবে এই ঋতুত আপুনি আপোনাৰ জীৱনশৈলী আৰু আহাৰৰ বিশেষ যত্ন ল'ব লাগিব। বিশেষকৈ শিশুৰ স্বাস্থ্যৰ। যদি এই ঋতুত শিশুৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱা নহয়, তেন্তে তেওঁলোকৰ শৰীৰত অতি শীঘ্ৰে ৰোগে আক্ৰমণ কৰিব পাৰিব। অভিভাৱকসকলে এই ঋতুত শিশুৰ আহাৰৰ বিশেষ যত্ন লোৱা উচিত।এই সময়ছোৱাত শিশুসকলক কিছুমান খাদ্য খাবলৈ দিব নালাগে।আজি সেই বিষয়ে জানো আহক-
ছফ্ট ড্ৰিংক
এই ঋতুত শিশুসকলক ছফ্ট ড্ৰিংক খাবলৈ দিব নালাগে।বৰষুণৰ বতৰত এই পানীয়বোৰ খোৱাৰ দ্বাৰা শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হয়। বৰষুণৰ বতৰত দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতাৰ অৰ্থ এয়ে যে শৰীৰটো অতি চৰ্দি-জ্বৰৰ আক্ৰান্ত হোৱা। ইয়াৰ উপৰিও, ছফ্ট ড্ৰিংকে হজম শক্তিকো প্ৰভাৱিত কৰে।
দৈ
বৰষুণৰ বতৰত দৈ খোৱাটো শিশুৰ বাবে ক্ষতিকাৰক। গ্ৰীষ্মকালত দৈ খালে পেটৰ সমস্যাৰ পৰা শৰীৰটোক সুৰক্ষিত কৰে যদিও বাৰিষাত শিশুক দৈ খাবলৈ দিব নালাগে।ইয়াৰ বাহিৰেও, যদি আপোনাৰ সন্তান চাইনাছৰ ভুক্তভোগী হয়, তেনেহ'লে দৈ খালে তেওঁলোকৰ স্বাস্থ্য আৰু অধিক বেয়া হ'ব পাৰে।আনহাতে, শিশুক কোনো দিনাই ঠাণ্ডা গাখীৰ নিদিব।
কেঁচা পাচলি
এই ঋতুত কেঁচা পাচলি শিশুসকলৰ বাবে বিপদজনক হ'ব পাৰে। বৰষুণৰ বতৰত পাচলিৰ ওপৰত বেক্টেৰিয়া সহজে বাঢ়িবলৈ আৰম্ভ কৰে। সেয়েহে ভালকৈ নোধোৱাকৈ যদি শিশুৱে এই পাচলিবোৰ খায়, তেনেহ'লে বীজাণুবোৰ তেওঁলোকৰ পেটলৈ যাব পাৰে। যাৰ ফলত পেট বিষ, হজম নোহোৱা আদিকে ধৰি পেটৰ বিভিন্ন সমস্যা হ'ব পাৰে।
ভজা খাদ্য
বৰষুণৰ দিনবোৰত বেছিকৈ ভজা খাদ্য খোৱাটোও শিশুৰ বাবে বিপদজনক হ'ব পাৰে। বিশেষজ্ঞসকলৰ মতে, এনে খাদ্য খালে হজম শক্তি হ্ৰাস হয়। বিশেষকৈ বাৰিষা কালত শিশুৰ স্বাস্থ্যকৰ হজম হোৱাটো অতি গুৰুত্বপূৰ্ণ যাতে তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিব পৰা যায়। যদি শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হয়, ই তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব।
ষ্ট্ৰীট ফুডচ
বৰষুণৰ বতৰত ৰাস্তাত সহজলভ্য খাদ্য খোৱাটোও শিশুৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। কিয়নো এই খাদ্যবোৰ মুকলিকৈ থকাৰ বাবে ইয়াত ধূলি-মাকতি সহজেই পৰে।যাৰ ফলত বেক্টেৰীয়াৰ সৃষ্টি হয় আৰু এই বেক্টেৰীয়াবোৰ পেটলৈ গ’লে স্বাস্থ্য অতি সোনকালে বেয়া হ'ব পাৰে।
Also Read: গ্ৰীষ্মকালত এইদৰে লওঁক শিশুৰ অতিৰিক্ত যত্ন
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us