/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/90fc49f3-6326-4f7c-bda6-c5e8acb18502/AP_FOR_WEB_women.jpg)
কৰ্মজীৱনত প্ৰতি থকা নিষ্ঠা-সততাৰ বাবে আদৰ্শ হৈ ৰ’ল ৯০ বছৰীয়া মেলবা মেবেন
ডিজিটেল ডেস্ক: কামৰ প্ৰতি কিমান শ্ৰদ্ধা, নিষ্ঠা বা সততা থাকিলে এগৰাকী মহিলাই ৭৪ বছৰীয়া চাকৰি কালত এদিনো ছুটি নোলোৱাকৈ থাকিব পাৰে ! ভাবিলে আচৰিত লাগে, নহয়নে ? হয়, জীৱনৰ কোনো ঘাত-প্ৰতিঘাতে এগৰাকী মহিলাৰ কৰ্মজীৱনত কোনো প্ৰভাৱ পেলাব পৰা নাই।এই বিশেষ মহিলাগৰাকীৰ নাম মেলবা মেবেন।তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছ মহানগৰৰ বাসিন্দা।
বৰ্তমান ৯০ বছৰীয়া মেলবা মেবেনে শেহতীয়াকৈ ৭৪ বছৰীয়া এক আকৰ্ষণীয় কেৰিয়াৰৰ পিছত টেক্সাছৰ টাইলাৰত থকা ডিলাৰ্ডৰ এখন ডিপাৰ্টমেণ্ট ষ্ট'ৰৰ পৰা কৰ্মজীৱনৰ সামৰণি মাৰে।চহৰখনৰ সকলো বাসিন্দাই এইগৰাকী মহিলাক অশ্ৰুসিক্ত নয়নৰে বিদায় জনায়।১৯৪৯ চনত সেই ষ্ট'ৰখনত কামত সোমাইছিল মেলবা।সেইদিনাৰ পৰা অৱসৰ লোৱালৈ তেওঁ কোনো দিনাই কাম ক্ষতি নকৰিলে।যাৰ বাবে সমগ্ৰ দেশতে চৰ্চা লাভ কৰিছে মেলবা মেবেনে।তেওঁ সেই ষ্ট’ৰখনৰ প্ৰসাধন বিভাগত কাম কৰিছিল।
৯০ বছৰ বয়সত মেলবা মেবেনে অৱসৰ লোৱাৰ সময়ত সকলোয়ে তেওঁ সন্মানিত কৰিছিল। ষ্ট’ৰ তথা স্থানীয় লোকে মেলবা মেবেন কেৱল এগৰাকী বিক্ৰেতা নহয়, তেওঁ এগৰাকী মাতৃ, তেওঁ সকলোৰে পথ প্ৰদৰ্শক বুলি অভিহিত কৰে।আনহাতে, মেলবা মেবেনে কৰ্মজীৱনত তেওঁ লগ পোৱা সকলোকে কৃতজ্ঞতা জনাই সকলোকে কৰ্মৰ প্ৰতি সততা তথা নিষ্ঠা ৰাখিবলৈ অনুৰোধ জনায়।
Also Read: শনি, ৰাহু, কেতুৰ প্ৰভাৱত দিশহাৰা হ’ব এই তিনি ৰাশিৰ লোক
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us