গোৱা পৰ্যটন বিভাগে জাৰি কৰিছে নতুন নীতি-নিদৰ্শনা

গোৱাৰ নাম শুনিলেই সকলোৱে মুখত হাঁহি এটা ওলোৱাটো একেবাৰেই স্বাভাৱিক। জীৱনটোত এবাৰ গোৱা ফুৰিবলৈ যাবলৈ সকলোৰেই মন থাকে।অধিকাংশই প্ৰিয়জন তথা বন্ধু-বান্ধৱীৰ সৈতে গোৱাৰ সৌন্দৰ্য উপভোগ কৰে। বহু বিদেশী পৰ্যটকৰো পছন্দৰ ঠাই গোৱা। কিন্তু যদি আপুনি গোৱা ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰি আছে, তেন্তে গোৱা পৰ্যটন বিভাগে জাৰি কৰা নতুন নিৰ্দেশনাবোৰ জনাটো আপোনাৰ বাবে গুবেই গুৰুত্বপূৰ্ণ।

author-image
Asomiya Pratidin
New Update
গোৱা পৰ্যটন বিভাগে জাৰি কৰিছে নতুন নীতি-নিদৰ্শনা

ডিজিটেল ডেস্ক: গোৱাৰ নাম শুনিলেই সকলোৱে মুখত হাঁহি এটা ওলোৱাটো একেবাৰেই স্বাভাৱিক। জীৱনটোত এবাৰ গোৱা ফুৰিবলৈ যাবলৈ সকলোৰেই মন থাকে।অধিকাংশই প্ৰিয়জন তথা বন্ধু-বান্ধৱীৰ সৈতে গোৱাৰ সৌন্দৰ্য উপভোগ কৰে। বহু বিদেশী পৰ্যটকৰো পছন্দৰ ঠাই  গোৱা। কিন্তু যদি আপুনি গোৱা ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰি আছে, তেন্তে গোৱা পৰ্যটন বিভাগে জাৰি কৰা নতুন নিৰ্দেশনাবোৰ জনাটো আপোনাৰ বাবে গুবেই গুৰুত্বপূৰ্ণ।

প্ৰকৃততে, গোৱা পৰ্যটন বিভাগে পৰ্যটকসকলৰ বাবে নতুন নিয়ম আৰু নিৰ্দেশনা জাৰি কৰিছে। হয়, বহু লোকে বিদেশী পৰ্যটকৰ ফালে চাই চেলফি ল'বলৈ চেষ্টা কৰে, কিন্তু এতিয়া আপুনি গোৱাত এনে কৰিব নোৱাৰিব। কিয়নো নতুন নিৰ্দেশনা অনুসৰি, আপুনি যিকোনো বিদেশী পৰ্যটকৰ সৈতে ফটো তোলাৰ আগতে তেওঁলোকৰ অনুমতি ল'ব লাগিব। এই নিৰ্দেশনাবোৰৰ উদ্দেশ্য হৈছে পৰ্যটকসকলক সুৰক্ষা দিয়া আৰু তেওঁলোকৰ গোপনীয়তা ৰক্ষা কৰা। গোৱা পৰ্যটন বিভাগৰ দ্বাৰা জাৰি এই নিদেৰ্শনাসমূহ হৈছে-

- বিদেশী পৰ্যটকৰ অনুমতি অবিহনে তেওঁলোকৰ সৈতে ফটো উঠাত নিষেধাজ্ঞা।

- মুকলিকৈ সুৰা সেৱন কৰাটো এক শাস্তিযোগ্য অপৰাধ।

- মুকলি এলেকাত ৰন্ধা-বঢ়া কৰাত নিষেধাজ্ঞা।এই নিৰ্দেশনা উলংঘন কৰিলে ভৰিব লাগিব ৫০হাজাৰ টকা।

- সাগৰীয় শিলৰ দৰে বিপদজনক স্থানত চেলফি ল'ব নোৱাৰিব।

- ব্যক্তিগত স্থানত যিকোনো লিখাত নিষেধাজ্ঞা আছে।

- পঞ্জীভুক্ত হোটেল, ভিল্ল বা বাসস্থান বুক কৰাৰ বাবে পৰামৰ্শ।

Also Read: পৃথিৱীৰ আটাইতকৈ ওখ শিৱ মন্দিৰটো ক’ত আছে জানেনে ?