/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/f09dd83c-001f-408a-aa95-1a316f9ad38f/old_woman.jpg)
ডিজিটেল ডেস্ক: পঢ়া তথা জ্ঞান আহৰণ কৰাৰ কোনো নিদ্দিষ্ট বয়স নাথাকে। সেয়া পুনৰ বাৰ প্ৰমাণ কৰিলে কেৰালাৰ এগৰাকী ১০৮ বছৰীয়া বৃদ্ধ মহিলাই। মহিলাগৰাকীৰ নাম কমলাকান্নী।এই বিশেষ মহিলাগৰাকীয়ে সাক্ষৰতা প্ৰমাণৰ পৰীক্ষাত অৱতীৰ্ণ হৈ শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে।কমলাকান্নীৰ এই কৃতিত্বই এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে।এই বয়সত তেওঁ হৈ পৰিছে সকলোৰে আদৰ্শ, সকলোৰে অনুপ্ৰেৰণাৰ উৎস।
কোন এই কমলাকান্নী ?
১৯১৫ চনত জন্মগ্ৰহণ কৰা কমলাকান্নী তামিলনাডুৰ থেনিৰ বাসিন্দা। পৰিয়ালৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত তেওঁ আধাতে বিদ্যালয় এৰিব লগীয়া হৈছিল। কিন্তু, য'ত আকাংক্ষা থাকে, তাত উপায়ও থাকে ! দৰাচলতে, শেহতীয়াকৈ কেৰালা চৰকাৰৰ দ্বাৰা এক সাক্ষৰতা কাৰ্যসূচী আয়োজন কৰা হৈছিল। এই পৰীক্ষাতে শীৰ্ষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে ১০৮ বছৰীয়া কমলাকান্নীয়ে।তেওঁ ১০০ৰ ভিতৰত ৯৭ নম্বৰ লাভ কৰিছে, যি সঁচাকৈয়ে প্ৰশংসনীয়।
নিজেই কিবা এটা কৰাৰ আকাংক্ষা আছিল কমলকান্নীৰ
আৰ্থিক দীনতাৰ বাবে আমাৰ বহুতেই বিদ্যালয়লৈ যোৱাৰ সুযোগ লাভ নকৰে আৰু কমলাকান্নীও ইয়াৰ ভোক্তভোগী।কিন্তু পঢ়া-শুনাৰ প্ৰতি তেওঁৰ সদায়েই দুৰ্বলতা আছিল। যাৰ বাবে তেওঁ নিজেই ঘৰতে যিমান পাৰে লিখিবলৈ আৰু পঢ়িবলৈ শিকিলে।তেওঁ তামিলৰ লগতে মালায়ালম ভাষাও জানে। এই বয়সত নিজৰ সুকীয়া পৰিচয় গঢ়ি তোলাৰ বাবে স্বাভাৱিকভাৱেই তেওঁ গোটেই পৰিয়ালটো অত্যন্ত সুখী।
এনে আৰু বহু উদাহৰণ আছে
এয়া প্ৰথম নহয় যে এগৰাকী বৃদ্ধ মহিলাই অধ্যয়নৰ দক্ষতাৰে ইণ্টাৰনেট তোলপাৰ লগাইছে, ইয়াৰ আগেয়েও দেশ আৰু বিদেশৰ বহু মহিলাই তেওঁলোকৰ অধ্যয়নৰ বাবে ইতিমধ্যে চৰ্চিত হৈছে।অৱশ্যে, চৰ্চাৰ বিষয় সকলোৰে একে হ’লেও কিন্তু সকলোৰে জীৱন কাহিনী একেবাৰে সুকীয়া।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us