ছালৰ হাজাৰটা সমস্যাৰ সমাধান দিয়ে মচুৰ দাইলে

মচুৰ দাইলত উচ্চ পৰিমাণৰ এণ্টিঅক্সিডেণ্ট থাকে, যি মুক্ত ৰেডিকেলৰ ফলত হোৱা কোষৰ ক্ষতি হ্ৰাস কৰে।

author-image
Asomiya Pratidin
New Update
ছালৰ হাজাৰটা সমস্যাৰ সমাধান দিয়ে মচুৰ দাইলে

ডিজিটেল ডেস্ক: আমাৰ ছালখনৰ বিভিন্ন সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ যেতিয়া ঘৰুৱা প্ৰতিকাৰ বিচাৰো, তেতিয়া সকলোৰে হয়তো বেচন আৰু মুলতানি মাটিৰ কথাই মনলৈ আহে।এই দুয়োবিধেই ছাল উজ্জ্বল কৰাত যথেষ্ট সহায়ক।কিন্তু ইয়াৰ বাহিৰেও আমাৰ পাকঘৰত থকা আন কিছুমান সামগ্ৰীৰেও আমি আমাৰ ছালখন মসৃণ তথা উজ্জ্বল কৰি তুলিব পাৰো। ইয়াৰ ভিতৰত অন্যতম এবিধ হৈছে মচুৰ দাইল। মচুৰ দাইলত উচ্চ পৰিমাণৰ এণ্টিঅক্সিডেণ্ট থাকে, যি মুক্ত ৰেডিকেলৰ ফলত হোৱা কোষৰ ক্ষতি হ্ৰাস কৰে।

Advertisment

মাচুৰ দাইল বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰি।এইবিধ দাইল ফেচপেক হিচাপে ব্যৱহাৰ কৰিলে ছালৰ এক্সফলিয়েচন, ছিদ্ৰ টান কৰা আৰু টেন আঁতৰোৱাৰ লগতে বহু সৌন্দৰ্য উপকাৰিতা লাভ কৰিব পাৰি।কিদৰে মচুৰ দাইলে আমাৰ ছালখনৰ বাবে কাম কৰে তথা ইয়াক কেনেদৰে ব্যৱহাৰ কৰিব পাৰি, আজি সেই বিষয়ে জানো আহক-

শুকান ছালৰ বাবে 

শুকান ছালৰ বাবে মচুৰ দাইলৰ ফেচপেক অতি উপকাৰী।আপুনি দুই চামুচ দাইল অলপ গাখীৰত ৰাতিটো তিয়াই থ’ব। ৰাতিপুৱা এইখিনিৰে এটা ডাঠ পেষ্ট তৈয়াৰ কৰি মুখ আৰু ডিঙিত প্ৰয়োগ কৰিব। ইয়াক ২০ মিনিটৰ বাবে ৰাখি শুকোৱাৰ পিছত মুখখন ধুই পেলাব।

‘স্ক্ৰাবিং এজেণ্ট’

মচুৰ দাইলক ছালৰ সৰ্বশ্ৰেষ্ঠ ‘স্ক্ৰাবিং এজেণ্ট’ বুলি গণ্য কৰা হয়।দুই চাহ চামুচ গুৰি কৰা দাইলত ১ চাহ চামুচ কেঁচা গাখীৰ আৰু ১ চাহ চামুচ গুৰি ওটছ মিহলি কৰি এটা মিশ্ৰন তৈয়াৰ কৰিব।এই মিশ্ৰণটো লাহে লাহে মুখ আৰু ডিঙিত অলপ সময়ৰ বাবে ঘঁহি লৈ মুখখন পৰিস্কাৰ পানীৰে ধুই দিব।

নোম আঁতৰোৱাৰ বাবে 

মচুৰ দাইলৰ ফেচপেকে ছালত থকা সুৰ সৰু নোমবোৰৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে। এই পেকটোত আপুনি কমলা বাকলি যোগ দি ব্যৱহাৰ কৰিলে আৰু অধিক সুফল পাব। ১০০গ্ৰাম মচুৰ দাইল, ৫০গ্ৰাম চন্দন কাঠৰ গুৰি আৰু ৫০ গ্ৰাম কমলা বাকলিৰ গুৰি ৰাতিটোৰ বাবে গাখীৰত তিয়াই ৰাখক। এক ডাঠ আৰু মসৃণ পেষ্ট তৈয়াৰ কৰিবলৈ সকলো উপাদান একেলগে গুৰি কৰক। এই পেষ্টটো ১৫-২০ মিনিটৰ বাবে মুখত ৰাখি শুকোৱাৰ পিছত শুকান স্তৰটো বৃত্তাকাৰ গতিত লাহেকৈ ঘঁহি পৰিস্কাৰ কৰিব। ইয়াক ঘঁহিবলৈ আপুনি জলফাই তেল ব্যৱহাৰ কৰিব পাৰে। শেষত মুখখন ঠাণ্ডা পানীৰে ধুই পেলাব।

ছাল ‘হাইড্ৰেটেড’ কৰে

মচুৰ দাইল আৰু মৌৰ ময়শ্চাৰাইজিং গুণাগুণে ছালখন ‘হাইড্ৰেটেড’ কৰি ৰখাত সহায় কৰে। আপুনি এই দাইলৰ পাউডাৰৰ লগত মৌ মিহলি কৰি গোটেই মুখখনত প্ৰয়োগ কৰক। ১৫  মিনিট এনেদৰে থকাৰ পাছত মুখখন ভালদৰে ধুই দিব।

‘এণ্টি-এজিং’ এজেণ্ট

সূৰ্যৰ ৰশ্মি ছালৰ বাবে অতি ক্ষতিকাৰক, যাৰ প্ৰভাৱ দীৰ্ঘম্যাদী সময়ত দৃশ্যমান হয়। ইয়াক প্ৰতিৰোধ কৰিবলৈ দাইলৰ ফেচপেক যথেষ্ট সহায় কৰে। দাইলত থকা পুষ্টিবোৰে বয়স বৃদ্ধিৰ প্ৰক্ৰিয়াটোও লেহেম কৰিব পাৰে, যাৰ বাবে মচুৰ দালইক এণ্টি এজিং এজেণ্ট বুলি গণ্য কৰা হয়।

Also Read: আপোনাৰ এই ভুলৰ বাবে বিহ হ’ব পাৰে পানী