
ডিজিটেল ডেস্ক: প্ৰতিজন অভিভাৱকেই তেওঁলোকৰ সন্তানৰ সৰ্বতোপ্ৰকাৰে ভাল হোৱাটো কামনা কৰে। কিন্তু কিছুমান শিশু সৰুৰে পৰা উৎপতীয়া স্বভাৱৰ হয়।সন্তানৰ এই স্বভাৱৰ বাবে পিতৃ-মাতৃৰ খং উঠে আৰু শেষত তেওঁলোকৰ ওপৰত হাত উঠাবলৈ বাধ্য হয়, বিশেষকৈ চৰ মাৰে। কিন্তু শিশুসকলক চৰ মৰাটোয়ে তেওঁলোকৰ মনত খুব বেয়া প্ৰভাৱ পেলায়।আজি এই বিষয়ে জানো আহক-
আত্মবিশ্বাস হ্ৰাস
শিশুটোক কিবা শিকোৱাৰ সময়ত মাৰ-পিট কৰিব নালাগে।তেওঁলোকক মাৰ-পিট কৰাৰ পৰিৱৰ্তে সদায় মৰমেৰে বুজাবলৈ চেষ্টা কৰিব। যদি তেতিয়াও শিশুৱে বুজি নাপায়, তেন্তে তেওঁলোকক গালি দিব, কিন্তু মাৰ-পিট নকৰিব।সন্তানক মাৰ-পিট কৰাৰ ফলত প্ৰকৃততে তেওঁলোকৰ আত্মবিশ্বাসহে হ্ৰায় পায়।
হতাশা
হাৰ্ভাৰ্ডৰ এটা দলে কৰা গৱেষণাই প্ৰমাণ কৰিছে যে যদি শিশুৱে তেওঁলোকৰ পৰিয়ালত শাৰীৰিক শাস্তিৰ সন্মুখীন হয়, তেতিয়া তেওঁলোকৰ উদ্বেগ, হতাশা, আচৰণগত সমস্যা আৰু অন্যান্য মানসিক-শাৰীৰিক সমস্যাৰ উদ্ভৱ হয়।সেয়েহে, এই ক্ষেত্ৰত সদায় অভিভাৱকসকল সচেতন হোৱাটো খুব জৰুৰী।
জেদী
কিছুমান অভিভাৱকে বিশ্বাস কৰে যে, মাৰ-পিট কৰি তেওঁলোকৰ স্বভাৱ শুধৰালে তেওঁলোকৰ সন্তানৰ উন্নতি হ'ব, কিন্তু তেওঁলোকৰ এই চিন্তাধাৰা একেবাৰেই ভুল। অভিভাৱকৰ এনে ভুল আচৰণৰ ফলত শিশু এটাক অধিক জেদী কৰি তোলে।
ভুল অভ্যাস আয়ত্ব
যদি আপুনি শিশুটোক গালি দি অথবা মাৰ-পিট কৰি কিবা শিকাবলৈ চেষ্টা কৰে, তেন্তে শিশুটোয়েও আপোনাৰ এই আচৰণ আয়ত্ব কৰিব।সেয়েহে, পিতৃ-মাতৃসকলে শিশুৰ সন্মুখত কেতিয়াও বেয়া আচৰণ কৰিব নালাগে।