
ডিজিটেল ডেস্ক: বদ্ৰীনাথ মন্দিৰ দৰ্শন কৰি মহাদেৱৰ আশীৰ্বাদ ল’লে অভিনেত্ৰী শ্বেহনাজ গিলে।হয়, অভিনেত্ৰীগৰাকীয়ে বদ্ৰীনাথ মন্দিৰৰ সন্মুখত থিয় হৈ তোলা দুখন ফটো ছ’চিয়েল মেডিয়াত প’ষ্ট কৰিছে।এই ভ্ৰমণৰে জড়িত এটা ভিডিঅ'ও শ্বাহনাজে অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে। য'ত তেওঁক জলপ্ৰপাতৰ পৰা পানী খোৱা, চৰাইৰ সৌন্দৰ্য উপভোগ কৰা তথা ষ্ট’ভত ৰান্ধি থকা দেখিবলৈ পোৱা গৈছে। অনুৰাগীসকলে শ্বেহনাজৰ এই ফটোকেইখনৰ খুব প্ৰশংসা কৰিছে। যদি আপুনিও এই সময়ত বদ্ৰীনাথ মন্দিৰ দৰ্শন কৰিব বিচাৰে, তেন্তে তলত উল্লেখ কৰা কথাবোৰ মন কৰিব।
বদ্ৰীনাথৰ যাত্ৰাপথ খুব সংকীৰ্ণ। হিমালয়ৰ খলা-বমা পথ তথা পৰিৱৰ্তনশীল বতৰৰ বাবে এই যাত্ৰা কেতিয়াবা খুব ভয়াৱহ হৈ পৰে। বদ্ৰীনাথৰ দৰ্শন সুৰক্ষিত, অসুবিধামুক্ত আৰু আধ্যাত্মিকভাৱে আলোকিত হৈ থকাটো নিশ্চিত কৰাৰ সৰ্বশ্ৰেষ্ঠ উপায় হৈছে এক প্ৰতিষ্ঠিত আৰু বিশ্বাসযোগ্য ভ্ৰমণ সংস্থাৰ জৰিয়তে আপোনাৰ ভ্ৰমণৰ পৰিকল্পনা কৰা।
কেদাৰনাথ আৰু বদ্ৰীনাথ দুয়োখনেই অতি ঠাণ্ডা ঠাই। য'ত গোটেই বছৰটোতে তাপমাত্ৰা অতি ঠাণ্ডা হৈ থাকে। সেয়েহে, শীতকাল অনুসৰি ছুৱেটাৰ, জেকেট, ৱিণ্ডহিটাৰ, শীতকালীন টুপী, জোতা আৰু হাতমোজা লগত ৰখাটো খুবেই জৰুৰী। এনে কঠোৰ শীতৰ পৰিস্থিতিত হাইপোথাৰ্মিয়া হ'ব পাৰে। সেয়েহে, সকলো তীৰ্থযাত্ৰীকে গৰম কাপোৰ ভালদৰে পিন্ধিবলৈ মন্দিৰ কতৃপক্ষইও পৰামৰ্শ দিয়ে।
কেদাৰনাথ আৰু বদ্ৰীনাথলৈ যোৱা পথটো যথেষ্ট দীঘল। পাহাৰৰ পথবোৰো পোন নহয়, সেয়েহে আপুনি এই যাত্ৰাত মূৰ ঘূৰোৱা বা ওকালি অহা অনুভৱ কৰিব পাৰে। ইমান উচ্চতাত আন কিছুমান স্বাস্থ্য সমস্যা হোৱাটোও একেবাৰে স্বাভাৱিক। ইয়াৰ ভিতৰত মুৰৰ বিষ, মূৰ ঘূৰোৱা, পেটৰ বিষ, উশাহ-নিশাহত অসুবিধা আৰু দুৰ্বলতা হৈছে অন্যতম।সেয়েহে, আপুনি লগত যদি ঔষধ লৈ যোৱাটোও খুবেই দৰকাৰ।
কেদাৰনাথ আৰু বদ্ৰীনাথলৈ যাত্ৰা দীঘলীয়া আৰু শাৰীৰিকভাৱে ক্লান্তিকৰ। দীঘলীয়া সময়ৰ বাবে যাতে আপুনি ভোকত থাকিব নালাগে, সেয়েহে আপোনাৰ লগত পানী আৰু শুকান ফল ৰখাটো দৰকাৰ। অৱশ্যে, তীৰ্থস্থানলৈ যোৱাৰ পথত থকা খাদ্যৰ দোকানৰ পৰা আপুনি খাদ্য ক্ৰয় কৰিব পাৰে।