আচৰিত ! এটা জীৱন ৰক্ষা কৰিব পাৰে ছেলফীয়ে

বৰ্তমান সময়ত সকলোৰে জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে ছেলফী।এই প্ৰযুক্তিৰ দিনত আমিবোৰে সঘনাই ছেলফী উঠি ছ’ছিয়েল মেডিয়াৰ জৰিয়তে আত্ম সন্তুষ্টি লাভ কৰাৰ চেষ্টা কৰো।

author-image
Asomiya Pratidin
New Update
আচৰিত ! এটা জীৱন ৰক্ষা কৰিব পাৰে ছেলফীয়ে

ডিজিটেল ডেস্ক : বৰ্তমান সময়ত সকলোৰে জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে ছেলফী।এই প্ৰযুক্তিৰ দিনত আমিবোৰে সঘনাই ছেলফী উঠি ছ’ছিয়েল মেডিয়াৰ জৰিয়তে আত্ম সন্তুষ্টি লাভ কৰাৰ চেষ্টা কৰো।বহুতৰ মতে এটা চাম, বিশেষকৈ নতুন প্ৰজন্মটো ‘ছেলফী মেনিয়া’ৰ চিকাৰ হৈছে, যিয়ে তেওঁলোকৰ আচৰণত বহুখিনি প্ৰভাৱ পেলাইছে।কিন্তু আপুনি জানি আচৰিত হ'ব যে ছেলফী উঠাটো আপোনাৰ স্বাস্থ্যৰ বাবে অপকাৰী নহয়, বৰঞ্চ ই উপকাৰীহে।ছেলফীয়ে শাৰীৰিক আৰু মানসিক দুয়োটা স্বাস্থ্যৰে উন্নতিহে কৰে।হয়, সকলোৰে প্ৰিয় হৈ পৰা ছেলফীয়ে কিদৰে আমাৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলাই আজি জানো আহক-

Advertisment

ৰোগ চিনাক্ত কৰাত সহায় কৰে

আপুনি হয়তো বিশ্বাস নকৰিব যে ছেলফীয়ে এজন ব্যক্তিৰ জীৱন ৰক্ষা কৰিব পাৰে। শেহতীয়া এক অধ্যয়নত প্ৰমাণ হৈছে যে ছেলফীয়ে প্ৰকৃততে ৰোগ চিনাক্ত কৰাত সহায় কৰে।কোনো ব্যক্তিৰ হৃদৰোগৰ আশংকা বৃদ্ধি হৈছে নেকি চিনাক্ত কৰিবলৈ এতিয়া চিকিৎসা বৃত্তিধাৰীসকলে ছেলফীৰ সহায় লৈছে।চিকিৎসকসকলৰ মতে, ছেলফীত মুখমণ্ডলৰ বৈশিষ্ট্য অতি ভালদৰে ফুটি উঠে,যিয়ে এজন ব্যক্তিৰ হৃদৰোগ চিনাক্ত কৰাত যথেষ্ট পৰিমাণে সহায় কৰিব পাৰে।

মনোভাৱ উন্নত কৰাত সহায় কৰে

আমাৰ সকলোৰে জ্ঞাত যে, হাঁহিলে এজন ব্যক্তিৰ মনোভাৱ উন্নত হয়। ছেলফী লওঁতে আমি সকলোয়ে কম-বেছি পৰিমাণে হাঁহো। সেয়েহে হাঁহিৰ এক অন্যতম উপায় হিচাপে ছেলফীয়ে আমাৰ মনোভাৱ উন্নত কৰাত সহায় কৰিব পাৰে। ইফালে, এই ছেলফীসমূহ আমি সততে পৰিয়াল আৰু বন্ধুবৰ্গলৈও ফটো প্ৰেৰণ কৰো। যিয়ে আমাৰ মনত সুখ বৃদ্ধি কৰে আৰু আমাক দুগুণে হাঁহিবলৈ উৎসাহিত কৰে।

আত্মবিশ্বাস বৃদ্ধি কৰে

আমাৰ মানসিক স্বাস্থ্যৰ বাবে আত্মপ্ৰেম কিমান গুৰুত্বপূৰ্ণ, তাক হয়তো পুনৰাই কোৱাৰ প্ৰয়োজন নাই।ছেলফীয়ে আত্মপ্ৰেম উন্নত কৰিব পাৰে, যাৰ দ্বাৰা আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হয়।ইফালে, বহু অধ্যয়নত প্ৰমাণ হৈছে যে ছেলফী লোৱা লোকসকল অধিক আত্মবিশ্বাসী আৰু অধিক আকৰ্ষণীয় হয়।

আত্ম প্ৰতিফলনত সহায়ক

ছেলফী হৈছে আত্ম প্ৰতিফলনৰ এক উৎকৃষ্ট উপায়।আমি বহু সময়ত বহু ছেলফী লওঁ, যিসমূহ আমাৰ বাবে এসময়ত স্মৃতি হৈ পৰে।সেই পুৰণা ফটোসমূহে পাছত আমাক বিভিন্ন ধৰণৰে মনটো ভাল লগাব পাৰে। আনহাতে, পুৰণা ফটোবোৰে বহু সময়ত আমাক আত্ম সংশোধন কৰাতো সহায় কৰে।

অধিক সামাজিক হোৱাত সহায়ক

ছেলফী ছ’চিয়েল মেডিয়াত আটাইতকৈ বেছিকৈ ‘শ্বেয়াৰ’ কৰা হয়। এখন ছেলফীয়ে আওপকীয়াকৈ আপোনাৰ বহু কথাই ৰাজহুৱা কৰিব পাৰে।সেয়ে ছেলফীয়ে আমাক অধিক সামাজিক হোৱাত সহায় কৰে, যি আমাৰ প্ৰত্যেকৰে জীৱনৰ বাবে এক অন্যতম ইতিবাচক দিশ হিচাপে বিবেচনা কৰিব পাৰি।

এটা মুহূৰ্ত চিৰকাল স্থায়ী কৰে

বহু গৱেষণাত প্ৰমাণ হোৱা মতে, ‘নষ্টালজিয়া’ অনুভৱটো আমাৰ মানসিক স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী।ই আমাক অতীতৰ বিষয়ে ইতিবাচক অনুভূতি সৃষ্টি কৰাত সহায় কৰে। ছেলফী হৈছে আমাৰ জীৱনৰ বিশেষ স্মৃতি বোৰ ধৰি ৰখাৰ এক উৎকৃষ্ট উপায়।

Also Read: আপুনি এলাগী কৰা এই বিধ পাত প্ৰকৃততে মহষৌধ

ছেলফী