নাইকিয়া হ’ব সকলো গ্ৰহ দোষ, ভাললৈ আহিব ভৱিষ্যতৰ দিন

বিশ্বাস অনুসৰি, আমাৰ দিনটোৰ আৰম্ভণি ভাল হ'লে গোটেই দিনটো ভালদৰে পাৰ হয়।সেয়ে হয়তো অধিকাংশ লোকেই ৰাতিপুৱা শোৱাৰ পৰা উঠি ঈশ্বৰৰ নাম লয়। কিন্তু জ্যোতিষ শাস্ত্ৰ অনুসৰি, আন এক ধৰণেও আপুনি আপোনাৰ দিনটো সুন্দৰ-সফল কৰি তুলিব পাৰে।

author-image
Asomiya Pratidin
New Update
নাইকিয়া হ’ব সকলো গ্ৰহ দোষ, ভাললৈ আহিব ভৱিষ্যতৰ দিন

ডিজিটেল ডেস্ক: বিশ্বাস অনুসৰি, আমাৰ দিনটোৰ আৰম্ভণি ভাল হ'লে গোটেই দিনটো ভালদৰে পাৰ হয়।সেয়ে হয়তো অধিকাংশ লোকেই ৰাতিপুৱা শোৱাৰ পৰা উঠি ঈশ্বৰৰ নাম লয়। কিন্তু জ্যোতিষ শাস্ত্ৰ অনুসৰি, আন এক ধৰণেও আপুনি আপোনাৰ দিনটো সুন্দৰ-সফল কৰি তুলিব পাৰে।

এই শাস্ত্ৰ অনুসৰি, আপুনি প্ৰত্যেক ৰাতিপুৱা সাৰ পাই প্ৰথমে ঈশ্বৰৰ ধ্যান কৰা উচিত। ইয়াৰ পিছত মাত্ৰ ৩ টা শব্দ কৈ আপোনাৰ গ্ৰহ দোষ সমূহ নিৰ্মূল কৰি আপোনাৰ আগন্তুক সময় শুভ কৰি তুলিব পাৰে।হয়, ৰাতিপুৱা প্ৰথমে আপুনি আপোনাৰ পিতৃৰ নাম ৪ বাৰ, দ্বিতীয়তে মাতৃৰ নাম ৩ বাৰ আৰু শেষত ৩ বাৰ আপোনাৰ গুৰুৰ নাম উচ্চাৰণ কৰিব। এনে কৰিলে সূৰ্য, চন্দ্ৰ আৰু বৃহস্পতি গ্ৰহৰ আপোনাৰ ওপৰত সুদৃষ্টি থাকিব। তদুপৰি, প্ৰতিদিনে ৰাতিপুৱা গা ধোৱাৰ সময়ত সকলো তীৰ্থস্থান আৰু পবিত্ৰ নদীৰ নাম উচ্চাৰণ কৰিব লাগে। যদি সম্ভৱ হয়, পানীত অলপ গংগা জল মিহলি কৰি গা ধুব।

ইফালে, গা ধোৱাৰ পিছত তামৰ পাত্ৰত পানী ভৰ্তি কৰি সূৰ্য দেৱতাক আগবঢ়াব। এনে কৰাৰ দ্বাৰা দিনটোৰ আৰম্ভণি ভাল হোৱাৰ লগতে আপোনাৰ আত্মা আৰু মনে ইতিবাচক শক্তি লাভ কৰিব। সূৰ্য দেৱতাক পানী আগবঢ়োৱাৰ পিছত তুলসীৰ গুৰিত পানী দিব আৰু ঘৰৰ থাপনাত উপাসনা কৰিব। যদি সম্ভৱ হয় গৰুকো পিঠা খুৱাব।এইসমূহ কৰ্মৰ দ্বাৰা আপুনি পূণ্য, সুখ-শান্তি প্ৰাপ্ত কৰাৰ লগতে আৰ্থিকভাৱেও সৱল হ’ব।

Also Read: কোনটো কোঠাত কি ফটো ৰাখিব লাগে জানেনে?