গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

বেছিকৈ নিমখ খোৱাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক। আমাৰ ছালৰ বাবেও অত্যন্ত ক্ষতিকাৰক নিমখ।হয়, শেহতীয়া এক গৱেষণাত এই বিষয়ে প্ৰমাণ হৈছে। গৱেষণাটোত পোহৰলৈ অহা মতে, অত্যাধিক ছ'ডিয়াম সমৃদ্ধ নিমখ সেৱনে একজিমাৰ আশংকা বৃদ্ধি কৰিব পাৰে।

author-image
Asomiya Pratidin
New Update
গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

ডিজিটেল ডেস্ক: বেছিকৈ নিমখ খোৱাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক। আমাৰ ছালৰ বাবেও অত্যন্ত ক্ষতিকাৰক নিমখ।হয়, শেহতীয়া এক  গৱেষণাত এই বিষয়ে প্ৰমাণ হৈছে। গৱেষণাটোত পোহৰলৈ অহা মতে, অত্যাধিক ছ'ডিয়াম সমৃদ্ধ নিমখ সেৱনে একজিমাৰ আশংকা বৃদ্ধি কৰিব পাৰে। ইয়াৰ ফলত ছাল খুব শুকান হৈ পৰে আৰু খজুৱতি হয়। অতিৰিক্ত ছ'ডিয়ামৰ ফলত ছালৰ জ্বলা-পোৰা আৰু অটোইমিউনৰ সমস্যাও হ'ব পাৰে।

Advertisment

এই গৱেষণাত এইটোও প্ৰমাণ হৈছে যে, নিমখৰ লগতে ফাষ্ট ফুড খোৱা লোকসকলৰো একজিমা হোৱাৰ আশংকা বেছি। দৈনিক প্ৰয়োজনতকৈ এক গ্ৰাম অধিক ছডিয়াম খোৱাটোৱে একজিমাৰ আশংকা ২২ শতাংশ বৃদ্ধি কৰে। এক গ্ৰাম ছ'ডিয়াম প্ৰায় আধা চামুচ নিমখৰ সমান।

এদিনত আপুনি কিমান নিমখ খোৱা উচিত?

ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱা অনুসৰি বিশ্ব স্বাস্থ্য সংস্থাই দিনে দুই গ্ৰামতকৈ কম ছ'ডিয়াম গ্ৰহণৰ পৰামৰ্শ দিয়ে।আমেৰিকা যুক্তৰাষ্ট্ৰৰ চান ফ্ৰাঞ্চিস্কোৰ কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ (ইউচিএফচি) গৱেষকসকলে কৈছিল যে শেহতীয়া বছৰবোৰত বিশেষকৈ ঔদ্যোগিক দেশবোৰত এই দীৰ্ঘম্যাদী ছালৰ ৰোগ একেবাৰেই স্বাভাৱিক হৈ পৰিছে।এই ক্ষেত্ৰত পৰিৱেশ আৰু জীৱনশৈলীৰ কাৰক যেনে আহাৰ আদিবাৰে এক গুৰুতৰ ভূমিকা পালন কৰে।সেয়েহে, ছালৰ ৰোগৰ পৰা বাচি থাকিবলৈ ছ'ডিয়াম সীমিত পৰিমাণে গ্ৰহণ কৰাটো খুবেই দৰকাৰ।

এই গৱেষণাটো আমেৰিকান মেডিকেল এছ'চিয়েচন (জে.এ.এম.এ.) ডাৰ্মাটোলজীৰ জাৰ্নেলত প্ৰকাশিত হৈছে। ইউচিএছএফৰ ডাৰ্মাটোলজীৰ সহযোগী অধ্যাপক আৰু অধ্যয়নটোৰ অন্যতম লেখক কেটৰিনা আবুবাৰাই এই সন্দৰ্ভত উল্লেখ কৰা মতে, 'একজিমাৰ প্ৰাদুৰ্ভাৱ ৰোগীসকলৰ বাবে কঠিন হ'ব পাৰে, বিশেষকৈ যদি তেওঁলোকে ইয়াৰ পূৰ্বানুমান কৰিব নোৱাৰে আৰু ইয়াক কেনেদৰে এৰাই চলিব লাগে, সেই বিষয়ে নাজানে।' উল্লেখ্য যে, এই গৱেষণাটোৰ বাবে দলটোৱে ইউকে বায়োবেংকৰ পৰা ৩০-৭০ বছৰ বয়সৰ দুই লাখৰো অধিক লোকৰ তথ্য ব্যৱহাৰ কৰিছিল, য'ত প্ৰস্ৰাৱৰ নমুনা আৰু তেওঁলোকৰ চিকিৎসাৰ তথ্য অন্তৰ্ভুক্ত আছিল।

Also Read: ছাল-চুলিৰ যত্নত কিদৰে কলৰ বাকলি ব্যৱহাৰ কৰিব লাগে, জানি লওঁক