প্ৰথমবাৰৰ বাবে গণেশক উপাসনা কৰিলে মানিব লাগে এইসমূহ নিয়ম

সমাগত গণেশ চতুৰ্থী। বিশ্বাস অনুসৰি এই দিনটোতে ভগৱান গণেশৰ জন্ম হৈছিল। সেয়েহে এই বিশেষ দিনটোত ভক্তসকলে গণেশৰ উপাসনা কৰে।গণেশ চতুৰ্থীৰ দিনৰ পৰা ১০ দিনলৈ ভক্তসকলে সম্পূৰ্ণ ৰীতি-নীতিৰে গণপতিৰ আৰাধনা কৰি জীৱনৰ দুখ-কষ্টৰ পৰা পৰিত্ৰাণ বিচাৰে।কিছুমান ভক্তই গোটেই ১০ দিনেই গণপতিক ঘৰত ৰাখে।

author-image
Asomiya Pratidin
New Update
প্ৰথমবাৰৰ বাবে গণেশক উপাসনা কৰিলে মানিব লাগে এইসমূহ নিয়ম

ডিজিটেল ডেস্ক: সমাগত গণেশ চতুৰ্থী। বিশ্বাস অনুসৰি এই দিনটোতে ভগৱান গণেশৰ জন্ম হৈছিল। সেয়েহে এই বিশেষ দিনটোত ভক্তসকলে গণেশৰ উপাসনা কৰে।গণেশ চতুৰ্থীৰ দিনৰ পৰা ১০ দিনলৈ ভক্তসকলে সম্পূৰ্ণ ৰীতি-নীতিৰে গণপতিৰ আৰাধনা কৰি জীৱনৰ দুখ-কষ্টৰ পৰা পৰিত্ৰাণ বিচাৰে।কিছুমান ভক্তই গোটেই ১০ দিনেই গণপতিক ঘৰত ৰাখে। আনহাতে কিছুমানে ডেৰ দিন, তিনি দিন, পাঁচ দিন, ন দিন বা এঘাৰ দিন ৰাখে। যদি আপুনি প্ৰথমবাৰৰ বাবে ভগৱান গণেশৰ মূৰ্তি ঘৰলৈ অনাৰ কথা ভাবি আছে, তেন্তে তলত উল্লেখ কৰা দিশসমূহত মন দিব-

Advertisment

ঠাইখন পৰিস্কাৰ কৰিব

প্ৰথমে আপুনি গণপতিৰ মূৰ্তিটো ৰাখিবলৈ লোৱা ঠাইখিনি ভালদৰে পৰিস্কাৰ কৰিব। যদি বিচাৰে তেন্তে সেই ঠাইখন ভালদৰে সজাবও পাৰে।

গণেশৰ মূৰ্তি 

মনত ৰাখিব যে আপুনি ঘৰলৈ বুলি কিনা গণেশৰ মূৰ্তিটোৰ শুৰডাল যাতে সোঁফালে হৈ থাকে। বিশ্বাস অনুসৰি, এনে ধৰণৰ গণপতি ঘৰত ৰাখিলে সুখ আৰু সমৃদ্ধিৰ আগমন ঘটে।

শংখ বজাই স্বাগতম কৰিব 

যেতিয়াই আপুনি বাপ্পাক ঘৰলৈ আনে, শংখ বজাই তেওঁক স্বাগতম জনাব। শংখ বজোৱাটো অতি শুভ বুলি গণ্য কৰা হয়। শংখ বজোৱাৰ পিছত বাপ্পা বহিব লগীয়া ঠাইত গংগা পানী ছটিয়াব।

হালধীয়া কাপোৰ পিন্ধিব 

ভগৱান গণেশৰ হালধীয়া ৰং অতি প্ৰিয়। সেয়েহে বাপ্পাক উপাসনা কৰাৰ সময়ত সদায়েই হালধীয়া কাপোৰ পিন্ধিব। উপাসনাৰ সময়ত ২১ বাৰ 'ওম গণপতাই নমহ' মন্ত্ৰ জপ কৰক। 

ঘটিত পানী ৰাখিব 

গণপতিৰ মূৰ্তিৰ কাষতে ৰূপ বা তামৰ ঘটিত পানী ৰাখিব। ঘটিটোত ৰঙা ৰঙৰ এডাল সূতা বান্ধি থ’ব। বিশ্বাস অনুসৰি ই ঘৰলৈ সুখ আৰু সমৃদ্ধি আনে।সদায়েই মূৰ্তিটোৰ সোঁফালে ঘটিটো ৰাখিব। 

ঘিউৰ চাকি জ্বলাব

গণেশৰ মূৰ্তিটোৰ সন্মুখত সদায় ঘিউৰ চাকিহে  জ্বলাব।

সংকল্প ল'ব

চাকি জ্বলাই আপুনি গণপতিৰ সন্মুখত আপোনাৰ সংকল্প গ্ৰহণ কৰিব।

হাত জোৰ কৰি উপাসনা কৰিব

গণপতিৰ ধ্যান কৰোতে সদায়েই হাতজোৰ কৰিব আৰু হালধীয়া ৰঙৰ ফুল আপোনাৰ হাতত লৈ সুখ আৰু শান্তিৰ বাবে গণপতিক প্ৰাৰ্থনা কৰিব। ইয়াৰ পিছত গণপতিৰ ভৰিত ফুলখিনি আগবঢ়াব।

মোদক আগবঢ়াব 

মোদক ভগৱান গণেশৰ অতি প্ৰিয়।সেয়েহে উপাসনাত সদায় গণেশক মোদক দিব। ইয়াৰ বাহিৰেও যদি আপুনি বিচাৰে লাড়ুও আগবঢ়াব পাৰে। 

Also Read: কিদৰে উপাসনা কৰিলে ভগৱান শ্ৰীকৃষ্ণ সন্তুষ্ট হয় জানেনে ?